পৃষ্ঠা:কুলি (উপন্যাস).pdf/৫০

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৪৫
কুলি

হাডচন পিল্লে (মাদ্ৰাছী) আৰু অৰ্গেনাইজিং চেক্ৰেটৰী মিচ অনুপমা দাস (বঙালী ) সঁচাকৈয়ে আচৰিত মানুহ। দাস একেবাৰে বিদ্ৰোহী মনোভাবৰ মানুহ। কোনো কথাতেই আপোচৰ ওচৰ চাপিব নোখোজে। মোক কয় 'মিচ ৱিকিয়া, আপনি সেবাগ্ৰামেই অহিংস নীতি নিয়ে থাকা উচিত ছিল।' কাৰণ মই সাধাৰণতেই কওঁ যে যি কামকেই কৰা যায় তাৰ প্ৰতিক্ৰিয়াৰ কথা ভাৱি কৰা উচিত।

 অসমৰ চাহ বাগিছা সম্পৰ্কে ইয়াৰ মানুহৰ আচৰিত ধাৰণা এটা আছে। ধানবাদ মাইনৰ এজন লেবাৰ কৰ্ম্মীয়ে তেওঁলোকৰ অসমৰ লেৱাৰ সম্পৰ্কে কোৱা কথা এটাত মোৰ হাঁহি উঠিল। হাজাৰিবাগতো অসমৰ চাহ বাগিছা সম্পৰ্কে উচ্চ ধাৰণা আছে। তেওঁলোকে ভাবে যে আমি বনুৱা নহওঁ—একৰকমৰ মালিকেই। সেই কাৰণে ইয়াত হোৱা সপ্তাহী মিটিঙত চাহ বনুৱা সম্পৰ্কে আমি সদায় ক’ব লাগে। প্ৰতিকাৰ সম্পৰ্কে প্ৰফেচাৰবিলাকে মতামত দিয়ে যদিও আমাৰ যেন মনঃপুত নহয়। আপুনি লগত থকা হ’লে মই এটা ভাল প্লেন দিলোহেতেন। মদনলাল শৰ্ম্মাৰ মৃত্যুৰ পিছত আমাৰ যে কি ক্ষতি হল তাক এতিয়াহে বুজিছো। তথাপি আপুনি ডিব্ৰুগড়লৈ গৈ প্ৰভিন্সিয়েল অৰ্গেনাইজ়াৰৰ লগত ভালদৰে আলোচনা কৰি মোলৈ যি হয় অতি সোনকালে বৰ্ত্তমান আমাৰ লেবাৰৰ সমস্যাবিলাক বিশদভাৱে লিখিব৷ ময়ো তেখেতলৈ অৱশ্যে লিখিব