পৃষ্ঠা:কুলি (উপন্যাস).pdf/১৮

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৩
কুলি

এটা দৃশ্যপট আছিল। হঠাতে মনত পৰিল সেই বুঢ়ীজনীৰ মৃত্যুলৈ আৰু নায়কজন আহি নায়িকাক ৰক্ষা কৰা অৱস্থা- টোলৈ। গানটো মনত পৰিল—“তূ ৰূথে হুৱে ভগৱান, তুমকো কেইস্যে মনাউ”। এই বিকট অন্ধকাৰৰ মাজত কাৰ কি হব পাৰে? হঠাতে মনত পৰিল ৱিকিয়া, তকিয়া আৰু দুৱাৰীৰ কথালৈ। দুৱাৰীক সেই দিনা লগ পোৱাৰ পাছত আজি পোন্ধৰ দিন লগ পোৱা নাই। শুনিছো যে বাগানৰ ৫ নম্বৰ আৰু ৬ নম্বৰ লাইনত ব্যাপকভাৱে বসন্ত হৈছে। মনতে সন্দেহ হল—কিজানি কি বেচেৰাহঁতৰো তেনে কিবা হৈছে। ইপিনে বুঢ়াটোৰ চাহাবে ছোৱালী নিব খোজা বিপদটোৰ পৰা ভাল মানুহৰ দৰে ৰক্ষা কৰিম বুলি কৈ গুচি আহিলো। কিন্তু পিছত খবৰ নকৰিলো আৰু সিহঁতৰ লাইনতে বসন্ত হৈছে—মইতো খৱৰকে কৰা নাই। নিজৰ ওপৰতে বৰ ধিক্কাৰ জন্মিল। অকৰ্ত্তব্যৰ চূড়ান্ত কৰি মনটো বৰ উচপিচ লাগিবলৈ ধৰিলে। পাৰ্টিৰ কামত ব্যস্ত থাকি হয়তো পাঁচ দিন খবৰ নকৰাৰ এটা জোৰা দিয়া কৈফিয়ৎ মই নিজৰ কাৰণে দিলো। কিন্তু ৱাকী ডোখৰৰ কাৰণে অশান্তি বেছি হল। ভাবিলো, সমাজৰ কামৰ নামত মই এটা মিছলীয়া। মনক প্ৰৱোধ দিয়াৰ সূচনাত ঠিক কৰি পেলালো যে এতিয়াই গৈ চাই আহিমগৈ। দুৰ্য্যোগ শেষ হোৱা মাত্ৰেই যাম বুলি টৰ্চ্চ লাইটটো লৈ বাহিৰৰ মেজতে লেমটো থৈ মেহটাৰ মহিশুৰ কনভেনচনৰ পইণ্ট কেইটা ব্লিটজখন লৈ পঢ়িবলৈ ধৰিলো। .