পৃষ্ঠা:কুলি (উপন্যাস).pdf/৫১

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৪৬
কুলি


পাৰো। কিন্তু প্ৰথম কথা হল তেখেত মোৰ অপৰিচিত আৰু পিছকথা হলগৈ যে তেখেত বহুত জনা মানুহ, কিবাটো সুধিলে কিবাটো হব। তাৰ ভয়তে নিলিখাকৈ আছো। দিগদাৰ দিয়াৰ কাৰণে বেয়া নাপাৱ। মই নিদিলেনো কোনে দিব, সেইটোও মন কৰিব।

 পুনৰ, বুঢ়া চকীদাৰ ভালে আছেনে? মোৰ নমস্কাৰ দিব আৰু শৰ্ম্মা দেউতাক মোৰ সেৱা জনাব। অধিক নাই।

আপোনাৰ

—ৱিকিয়া।

 ইতিমধ্যে গাড়ী আহি শিমলুগুৰি পালেহি মোৰ আৰু বিকিয়াৰ কাহিনীৰ মাজতেই৷ বৰুৱা ইন্সপেক্টৰে ক’লে— “সেই ৰাতি গই কথা সোধোতে কঁপি কঁপি উত্তৰ দিয়া সেই ছোৱালী জনীয়েই এইবোৰ কথা আৰু এনেখন চিঠি লিখিছেনে?” মই ক’লো—“এয়া কি, labour law, factory law আৰু employment law মুখস্ত মতা দেখিলে আৰু তাইক যুক্তি-তৰ্ক কৰা দেখিলে আৰু আচৰিত মানিব। মই নিজে তবধ লাগো, তাই মোক ওলোটাই তিনিবাৰ পঢ়াব পাৰে আৰু প্ৰকৃততে জানেও বহুত। কিন্তু সেই বুলি তাই মোৰ আগত চকীতো নবহে, আনকি মোৰ ঘৰত এতিয়াও তাই মাটিতে শোৱে।” আবু চাহে ইমান পৰে নীৰৱে শুনিয়েই আছিল। তিনিটা মাটিৰ পিয়লাত চাহ লৈ খাই থকা অৱস্থাতে নীৰৱতা ভঙ্গ কৰি ক’লে— “ভাই, বহুত দিন