পৃষ্ঠা:কুলি (উপন্যাস).pdf/৪০

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩৫
কুলি

বোজা সহিব নোৱাৰি ৰাতিয়েই ডিঙিত চিপজৰী লৈ আত্ম- হত্যা কৰিলে। পাছদিনা পুলিচে আচামী আনিব লগীয়া ন’হল, হ’ল লাচ আনিবহে লগীয়া। যাহওক, সেই নৰাধমৰ, হাতৰ পৰা বিকিয়াই মুক্তি লাভ কৰিলে। ব্ৰনচন চাহাবৰো কুলি মেমৰ সাধ মিটিল। যেতিয়া সি বুজি পালে যে তাৰ কথাটো জাহিৰ হৈ গ’ল সিও তেতিয়া বৰকৈ মানুহৰ আগত নোলোৱা হ’ল৷ বিকিয়াক মোৰ ঘৰলৈ সেই দিনাৰ কাৰণে লৈ আহিলো। অৱশ্যে মানুহৰ সন্দেহব মাজে দিয়েই তাই পোৱালী বাবুৰ ঘৰত থাকিৱলৈকে আহিল।

 * * * *