পৃষ্ঠা:কুলি (উপন্যাস).pdf/৪৪

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩৯
কুলি

পৰিলো। কিন্তু তাই চাকিটো থৈ উচুপ উচুপি কান্দিবলৈ ধৰিলে। মোৰ আৰু অসহ্য হৈ উঠিল। ভাবিলো কি ভীষণ বিশ্বাসঘাটকতা মই কৰিব খুজিছিলো। জ্ঞান অহাৰ লগে লগেই মোৰ ভাব হ’ল মই তাইৰ ভৰিত ধৰি ক্ষমা খুজিৱ লাগে। বহুত সময় নিমাতে থকাৰ পিছত অলপ- প্ৰকৃতিস্থ হলো। কলো—“বিকিয়া, মই সচাঁকৈয়ে বৰ দুৰ্ব্বল৷ তই প্ৰকৃততে মানুহ নহয়, দেৱীহে। গান্ধী আৰু কৃষ্ণৰ – ছবি দুখনত ধৰি মই শপত খাম—জীৱনত এনে ভুল আৰু নকৰো বুলি।” তাই সেই কথাৰ যুক্তি বোধকৰো বিবেচনাত নাপালে, মাথোন মোৰ ভৰিত ধৰি কান্দিবলৈ ধৰিলে। মই ভাবিলো এনে এজনী ভনীক মই পাপ সাগৰত লিপ্ত কৰিবলৈকে বিচাৰিছিলো। তাইৰ চাগৈ অন্তৰত মই কিমান কষ্ট দিলো। ঘূৰাই মই একো ক’ব নোৱাৰিলো। দেখিলো, তাই বৰ ব্যাকুল হৈ পৰিছে। তাইক জোৰেৰে নি শুৱাই থৈ আহিলোগৈ। মোৰ সেই ৰাতি আৰু টোপনি নাহিল। ক’ৱ নোৱাৰো বোধহয় তাইৰো নাহিল।