পৃষ্ঠা:কুলি (উপন্যাস).pdf/৩৭

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩২
কুলি

পুলিচ দি ধৰাই আনিছে। আজি খুব সম্ভৱ তাৰ ঘৰত ৰাখিব, কালিহে চাহাবক দিব। তহঁতৰ হিন্দু ছোৱালী এটাৰ ধৰ্ম্ম নষ্ট কৰি জাত মাৰিব। তাইৰ চাহাবত যাবলৈ মন নাই। মই আগতে ধৰাৰ কথা ক’ব নোৱাৰো। আজি ৰাতি চুপ-চাপ আঠ দহটা ভাল বিশ্বাসী মানুহে ৱৰ বাবুৰ ঘৰৰ ওচৰত থাকিব লাগে। তহঁতে জান যে বৰ ৱাবুৰ স্বভাৱ-চৰিত্ৰ আগৰেপৰাই ভাল নহয়। তাইৰ ধৰ্ম নষ্ট হ’বলৈ নিদিবি—মোৰ ৱহিন।"। ওপৰত নাম লিখি চিঠি দুখন দি পঠাই দিলো নৰেনক। ইতিমধ্যে মই গৈ পুলিচৰ এ-এচ-আই বৰুৱাক লগ ধৰি গোটেই কথা ক’লো। অৱশ্যে পুলিচক কওঁতে বহুতো কথা জোৰা দি ৰাজনৈতিক দলগত স্বাৰ্থটো একেবাৰে নাইকীয়া কৰি সাজি ক’লো। বৰুৱাই শুনি মোক কথা দিলে—দৰ্কাৰ হ’লে তেৱো সহায় কৰিব। মই ঘৰলৈ গলো।

 *    *   *  *  *