পৃষ্ঠা:কুলি (উপন্যাস).pdf/২০

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৫
কুলি

চ’টি বা থৈলা আৰু দুখন বা এখন কপাহী কম্বল আছে। এই শ্ৰেণীৰ জীৱকে গান্ধীজীৰ পূৰা আদৰ্শ মানি চলা বুলি ক’ব পাৰি। সিহঁতৰ জীৱনত অভাৱৰ অনুভূতি নাই। ‘অসংগ্ৰহ’ কথাটোৰ বাস্তৱিকতে ৰূপান্তৰ ইহঁতেই কৰিছে। মানুহে নেদেখে, চাবলৈকো ইচ্ছা নকৰে নাইবা জানিলেও সিমান ইণ্টাৰেষ্টেড নহয়।

 এয়ে কুলি। ইহঁতৰ সম্পত্তি এটা পিতলৰ হাৰিয়া, তিনিটা মাটিৰ কলহ, দুটা পিতল ৱা এনামেলৰ বাতি, তিনিখন বা চাৰিখন পিতল বা এনামেলৰ থাল। পৰিয়ালৰ জন-সংখ্যা অনুযায়ী তাৰে কম বেছি হয়। কাৰোবাৰ হয়তো সিও নাই—মাটিৰে থাল দুখন আছে। কাপোৰ-কানিৰ বিষয়ত মটাৰ, হ’লে দুটা বজাৰৰ পৰা কিনা নীলা বা অন্য ৰঙৰ হাফ কামিজ আৰু মাৰ্কিনৰ ধূতি দুডোখৰ। হয়তো কাৰোবাৰ একোখন অলপ মিহি ধূতি, একোটা ক’লা কপাহী কোট, লগে লগে বজৰুৱা একোখন বঙালী গামোচা। তিৰোতাৰ শাৰী বা মেখেলা বা চেমিজ-জাকিটৰ কথাটোও ভাৰিবলগীয়া। কাৰণ সিহঁতৰ তিৰোতাবোৰৰ খুব বেছি দুখন ক’লা চালু কাপোৰৰ আঠুৰ অলপ তললৈকে পৰা নামত মেখেলা আৰু হয়তো ক’লা চালুৰে দুটা জাকিট চোলাও (কোনোৱে কৰাই লয়) কিয়নো কেচুৱাই অনবৰতে ঘুকি থকা বুকুৰ অপ্ৰাকৃতিক ডেভেলপমেণ্টত বজাৰৰ চোলাই টান ধৰে। সেয়ে কৰাই ল’বলগীয়া হয়। লজ্জা নিৱাৰণৰ