পৃষ্ঠা:কুলি (উপন্যাস).pdf/৫৮

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৫৩
কুলি

শাৰীৰিক পীড়াৰ লগতে মানসিক চিন্তা আৰু উদ্বিগ্নতাই দুইকো অস্থিৰ কৰি পেলালে। ইলেক্‌চনৰ কেই দিন মানৰ আগৰেপৰা তাইৰ ৱৰ টান। তথাপি এই সকলোবোৰৰ মাজেদিয়েই আমাৰ অংশিকভাৱে জয় হ’ল।

 জীৱনক এটা বোজা কৰি লৈ থাকিবলৈ বিকিয়াই নাপালে। ভাগ্য বিড়ম্বনাত বিমূঢ় হৈ এদিন ৰাতি তাই ডিঙিত চিপ লৈ আত্মহত্যা কৰিলে। পুৱা যেতিয়া মই সেই দৃশ্যটো দেখো মোৰ অৱস্থা কি হৈছিল ক’ব নোৱাৰো। মাথোন প্ৰাণপখী উৰি যোৱা বিকিয়াৰ মৃত শৰীৰটোৰ প্ৰতি এটা ঈৰ্ষাৰ ভাব উদয় হৈছিল। মোৰো যদি সেইটোৱেই অৱস্থা হ’লহেতেন ৱৰ সুখ পালোহেতেন। মেজৰ ওপৰত মোলৈ লিখা এখন চিঠি পৰি আছিল। মেলি চাই দেখো তাই লিখিছে :—

 খুৰা,

 মোৰ সংসাৰত তুমিয়েই সকলো। কিন্তু খুৰা আৰু নোৱাৰো। মৃত্যুৰ লগত যুদ্ধ কৰি হাইৰাণ হৈছো। উঃ, কি অসহ্য ৱেদনা। এনে শাস্তিতকৈ মৃত্যু ভাল। তাকে ভাৱি তোমাৰ চৰণ চুই বিদায় মাগিলো। হয়তো দুৰ্ব্বল বুলি ক্ষমা নকৰিবা। কিন্তু নোৱাৰো যেতিয়া আত্মহত্যা কৰিম।

 তুমি মোৰ পৰা যিমান আশা কৰিছিলা তাক নাপালা৷ যি কণ পালা তাতে যেন সন্তুষ্ট থাকা। মোৰ আশা যদি