পৃষ্ঠা:কুলি (উপন্যাস).pdf/২১

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৬
কুলি

কাৰণে তিৰোতাৰ যি খিনি আৱশ্যক, সেইখিনি সিহঁতৰ যথেষ্ট ভাৱে নাই। ক’লা চালুৰ চুটি মেখেলাখনৰ ওপৰত এহাত পুতলৰ চাৰিহতীয়া বগা বা মটীয়া ৰঙৰ ৰিহা নামৰ কাপোৰ খনে বুকুখনৰ আধাহে লুকুৱায়। কবিৰ কাৰণে সৌন্দৰ্য্যৰ কিবা থাকিব পাৰে, কিন্তু বহুতৰেই আকৌ এনে অৱস্থাত নিজৰে লাহে লাগে। কোনো জনীৰ হয়তো একোখন ভাল শাৰীও থাকে; কিন্তু শ্ৰম-উপাৰ্জ্জনৰ ধনৰ পৰা ইমান বিলাসী হ’ব পৰা শক্তি বহুত কুলি মাইকীৰ নাই। মুঠতে সিহঁত কুলি। সেয়ে সিহঁতৰ দোষ। সিহঁতৰ থকা-খোৱাৰ কথা কেতিয়াৱা কোনোবাই যে ধীৰে-সুস্থে ভাবিছে—সন্দেহ।

 সিহঁতৰ শ্ৰমৰ দ্বাৰাই উৎপন্ন হৈছে সুগন্ধি ব্ৰকন্ পিকো, অৰেঞ্জ পিকো, কিন্তু সিহঁতে সঁচাই নাজানে ইয়াৰ ব্যৱহাৰ কি, কি মূল্য। উৎপাদন কিন্তু সিহঁতেই কৰে। কুলিৰ শ্ৰমৰ দ্বাৰা আজি বিৰাট দুমহলীয়া পকাঘৰ, বুইক, হাটশ্বন নতুন মডেলৰ গাৰী, সোণৰ ফ্ৰেমৰ চচমা, সোণৰ কেচৰ হাতঘড়ী, দামী বিলাতী পপলিনৰ চাৰ্ট আৰু পেণ্ট, ভৰিত নব্বৈটকীয়া জোতা, গাল-ওঠত বিলাতী প্ৰসাধন আৰু চৌখীন বস্তুৰ ব্যৱহাৰ কৰিছে মালিকে—মালিকৰ ধামাধৰাসকলে। সিহঁতে পিন্ধিছে কি—ফটাকানি আৰু খাইছে কি? সিহঁতে নাজানে মাখন কাক বোলে, সিহঁতে নাজানে অমলে’ট্, কাটলেট্, মামলেট্, চিকেন্‌কাৰী, মাটন্ বা, কেক কাক বোলে। সেইবোৰ সিহঁতৰ শ্ৰমত উপাৰ্জিত অৰ্থেৰে ভোগ