পৃষ্ঠা:কুলি (উপন্যাস).pdf/৬

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

কুলি

—এক—


 শৰৎকালৰ সন্ধিয়াৰ দৰে অলপ অলপ জাৰ, বতাহো আছে অলপ অলপ। তিথিটো অৱশ্যে নিয়ম-কাৰণ মানি চলা মানুহৰ মনত থাকিব— অন্যৰ নাথাকে। কাৰণ আজিকালি আউসী-একাদশী মনা বা খবৰ ৰখা মানুহৰ সংখ্যা একেবাৰে কম। বাৰিষা ৰাখে খেতিয়কে আৰু বাপেক মাকৰ শৰাধ পৰিলে ৰাখে শ্ৰাদ্ধকৰ্ত্তাই। তথাপি উমানতে ক’ব পাৰি যে সপ্তমী বা অষ্টমীয়ে হ’ৱ। কাৰণ, কেনিও ডাৱৰৰ চাব নথকা নীলা আকাশখনত জোনৰ পোহৰে মাদকতা এটা সৃষ্টি কৰি দিছিল। মাৰ্চ্চ মাহৰ সন্ধিয়াটো ঘণ্টা হিচাবত অলপ দেৰিকৈয়ে হয়। ঠাই টুকুৰাৰ পাৰিপাৰ্শ্বিকতাত বৈশিষ্টতা নাই। সাধাৰণ ঠাই, তথাকথিত ভদ্ৰ সমাজ সন্ধ্যা সময়ত শনিবাৰ দেওবাৰে সেই ফালে নাযায়। অন্যবাৰে গ'লেও বিশেষ প্ৰয়োজনতহে যায়। কাৰণ মতলীয়া মানুহ নামধাৰী জীৱবোৰে হয়তো সিহঁতক অপমান কৰিব৷ সিহঁতৰ ভদ্ৰতাৰ বগা কাপোৰখন যদিও হাত দিলেই ফটা হৈ আছে, তথাপি চেকা লগোৱাৰ সন্দেহ।