অসমীয়া অদ্ভুত ৰামায়ণ
অদ্ভুত ৰামায়ণ।
৺ৰঘুনাথ দাস মহন্তৰ দ্বাৰা
বিৰচিত।
প্ৰকাশক
ভট্টাচাৰ্য্য এজেন্সী।
ৰিহাবাৰী
চতুৰ্থ তাঙৰণ
⸻
১৯১০
আসাম ৰিহাবাৰী গৌৰী শঙ্কৰ যন্ত্ৰত
শ্ৰীৰত্নেশ্বৰ চক্ৰৱৰ্ত্তীৰ দ্বাৰা ছপা হল
বেছ॥০ আঠ অনা মাথোন
শ্ৰীশ্ৰীৰামচন্দ্ৰায় নমঃ৷
অদ্ভুত ৰামায়ণ৷
⸻✽✽✽✽✽⸻
শ্ৰীৰামচন্দ্ৰ ভূবিবিশ্ৰূত কীৰ্ত্তিচন্দ্ৰ৷
স্মেৰাস্যচন্দ্ৰ ৰজনীচৰ পদ্মচন্দ্ৰ॥
আনন্দচন্দ্ৰ ৰঘুবংস সমুদ্ৰচন্দ্ৰ৷
সীতামনঃ কুমুদচন্দ্ৰ নমোনমস্তে॥
জয় জয় ৰাম প্ৰভু অনাদি অনন্ত৷
চিদানন্দ গোবিন্দ পৰমানন্দ সন্ত॥
অনন্ত চৰিত্ৰ নমো অনন্ত বিক্ৰম৷
অনও বিভুতি ধৰ ধীৰ সৰ্ব্বোত্তম॥ ১৷
অনন্তে সহস্ৰ মুখে ঘাৰ গুণ গায়৷
স্বয়ম্ভূ প্ৰধান যোগী যাহাৰ কৃপায়॥
যাৰ আদি অন্ত নাহি গুণ মহিমাৰ৷
হেন ৰামপদে কৰোঁ কোটি নমস্কাৰ॥ ২॥
তাহান চৰিত্ৰ কিছু বৰ্ণাইবাক চাওঁ৷
যদি তান চৰণৰ অনুগ্ৰহ পাওঁ॥
সৰস্বতী মাতা মোৰ হুয়ো কণ্ঠে চৰি৷
বিশেষ ৰচনা কৰাযোক কৃপা কৰি॥ ৩
শুনা সভাসদ ৰাম চৰিত্ৰে বিচিত্ৰ৷
আপোনাক তাৰি কৰা কুলকো পবিত্ৰ॥
নাগপুৰে যাইয়া হনুমন্ত মহা বীৰে৷
সীতাক দেখিলা যেন ৰত্নৰ মন্দিৰে॥ ৪
নাগগণ সমে কৰি বিষম সমৰ
সীতাক ভেটাইলা আনি চৰণে ৰামৰ॥
ইসব কাহিনী যত অদ্ভুত কাণ্ডৰ৷
শুনা সাৱধানে সভাসদ নিৰন্তৰ॥ ৫
পতিপুত্ৰ ছাড়ি সীতা পাতালে পশিলা৷
নাগকন্যা গণে নানা মঙ্গল কৰিলা॥
আনন্দ মিলিল সবে নাগপুৰ চানি৷
ভৈল পূজ্যোত্তমা তথা জানকী গোঁসানী॥ ৬
নানা বলি বিধানে পূজয় ভক্তিভাৱে।
অপসৰা নাচয় গন্ধৰ্ব্বে গীত গাৱে॥
যদ্যপি উপাসে নানা ভাৱে নাগগণে।
তথাপি সন্তোষ কিছু নাহি তান মনে॥ ৭
ৰামৰ সৌহৃদ ভাব সুমৰি সুমৰি।
দুই নয়নৰ জল পড়ে সৰসৰি।
তেজে দীৰ্ঘ নিশ্বাস নোলাই মুখে বাণী।
প্ৰবোধন্ত ঘনে ঘনে পৃথিবী গোসাঁনী॥ ৮
সুমৰিয়া সিতো লব কুশ সুত দুই।
হুম হুমি কান্দে কতো অধোমুখী হুই॥
নাহি সুখ শান্তি চিত্ত কৰে উতপাত।
ঘনে উঠে বৈসে কতো পৰে ঢাত ঢাত॥ ৯
ধৈৰ্য্য ধৰি থাকা কতো চিত্তক স্তম্ভাই।
স্বামী পুত্ৰ সুমৰিয়া কতো মুৰ্চ্চা যাই॥
ধ্যান কৰি থাকে কতো ৰামৰ আকাৰ।
আলিঙ্গিয়া থাকা কতো কৰি তদাকাৰ॥ ১•
হেন মতে ৰামৰ চৰণ যুগ চিন্তি।
মহাশান্তি সুচৰিতা আছন্ত তহিতি॥
সীতা বিনে ৰামৰে নুগুছে হৃদি খেদ।
নাহি অন্নপানী লোতকৰ নাই ছেদ॥ ১১
লবক কুশক দেখি অগনি উধাই।
প্ৰবোধন্ত শত্ৰুগণ ভৰত লখাই॥
শুনা শুনা দদা আৰ খেদ নুজুৱাই
আৰ কি কৰিলে খেদ জানকীক পাই॥ ১২
যাৰ যিবা হৈবা সিতো অৱশ্য হোৱয়।
তাক এড়াইবাক জানা কেহো নপাৰয়॥
সাক্ষাতে দেখিলা মহা বীৰ লঙ্কেশ্বৰ।
অবহেলে জিনিলেক দেৱাসুৰ নৰ॥১৩
কতোকালে দৈৱে তাৰ দূৰ্গতি ঠেকাইল।
শূপৰ্নখা মুখে জানকীৰ বাৰ্ত্তা পাইল॥
মাৰীচে বুলিল হিত নুশুনিলা তাক।
ছলছন্দে হৰিলেক তোমাৰ ভাৰ্য্যাক॥ ১৪
ত্ৰিজাতা কৈকেয় মাল্যৱন্ত বিভীষণ।
নানা যুক্তি হিত-পৰ বুলিল বচন॥
নুশুনিলা তাক আৰু দুৰ্ব্বাক্য বুলিল।
তোমাৰ শৰত পড়ি সবংশে মৰিল॥ ১৫
ঈশ্বৰ পুৰুষ তুমি জানে সৰ্ব্বজনে।
সুৱৰ্ণৰ মৃগ খেদি গৈলা কি কাৰণে॥
মায়ামৃগ বুলি মই বাধিলো তোমাক।
তথাপিতে গৈলা তুমি নুশুনিয়া তাক॥ ১৬
নানা ৰূপে বাধিলেক তাৰা পটেশ্বৰী।
বাধাক নগণি বালী ৰাজা গৈল মৰি॥
নিৰ্দ্দোষী সীতাক দেৱসবে জানে ভালে।
দুৰ্জ্জনৰ বোলত তেজিলা ততকালে॥ ১৭
আমাসাৰ বাক্য নুশুনিলা কিছুমান।
আবে খেদ কৰা তুমি কিসাৰ নিদান॥
জানকীক দিলা তুমি যত অপমান
তাক সাহাকে পাবে কাহাৰ পৰাণ॥ ১৮
লোকতো দেখিছে কতো কতো নাৰীচয়।
স্বামীতেসে অপমানে প্ৰাণকো তেজয়॥
যিতো নাৰী সদা অপমান পায় ছয়।
সিসে জানা অপমান সহিবে পাৰয়। ১৯
মানিনী নাৰীএ অপমান নসহয়।
প্ৰতিকাৰ নাহি যেবে প্ৰণকে তেজয়॥
মানিনীতো মানিনী জানকী শাস্তীসতী।
সপনে সচিতে তোমাতেসে মাত্ৰ ৰতি॥ ২০
তেনয় সীতাক চাইলা তেজিতে লঙ্কাত।
উত্তৰিল অগনিত জগতে প্ৰখ্যাত॥
ব্ৰহ্মাদি দেৱৰ বাক্যে প্ৰত্যয় নগৈলা।
দুষ্টৰ বাক্যক মাত্ৰ সাৰ কৰি লৈলা॥ ২১
এৰাইতে নপাৰি পিতৃবাক্যে সম্বৰিলা
দুৰ্জ্জনৰ বোলে পুনু তথাপি ছাড়িলা॥
কোন স্থানে হেন কৰ্ম্ম কৰে কোন জনে।
গৰ্ভৱতী স্ত্ৰীক মৰিবাক এড়ে বনে॥ ২২
মহাসতী হেতু কিছু প্ৰমাদ নভৈল।
পুত্ৰ দুইৰ অৰ্থে ঋষি আশ্ৰমত ৰৈল॥
আক্ৰোশ কৰিয়া আনি পৰীক্ষিতে চাইলা।
আছোক লভিবা সীতা নামকো লুকাইলা॥ ২৩
এতেকে জানিবা দদা দৈব মহা বল।
জানকী দেবীক লাগি ছাড়িয়ো বিকল॥
বুদ্ধিমন্ত মহন্ত পণ্ডিত কিছু নয়।
যি কৰিবে ঈশ্বৰে সেহিসে সত্য হয়॥ ২৪
হেনজানি দদা তেজিয়োক সবে ৰোষ
অসাৰ সংসাৰ জানি হুয়োক সন্তোষ॥
প্ৰবোধ শুনিয়া প্ৰভু কিছু শান্ত ভৈলা।
হেন কষ্টে শ্ৰীৰামৰ কত কাল গৈলা। ২৫
ৰাম বিনে সীতাৰ নযায় নুপুহাই।
আচন্ত সদায় স্বামী পুত্ৰক ধীয়াই॥
উগুল থুগুল মন কিছু সুস্থ নাই।
নাগৰাজ বাসুকীক অনাইল মতাই॥ ২৬
দণ্ডৱতে নাগৰাজে বুলিলন্ত বাক।
কোনবা আদেশ মাতা হোৱয় আমাক॥
সীতাদেবী বোলন্ত শুনিয়ো নাগৰায়
পুত্ৰ দুইক আনা ছলে অযোধ্যাক যায়॥ ২৭
পুত্ৰৰ বিৰহে ৰাম যেন নমৰয়।
তেমতে আনিবা গেয় তুমি মহাশয়॥
কতিপৰ দিনমানে পুত্ৰ দুইক চাই।
ৰাঘবৰ পাশে পুনু দিছোহোঁ পঠাই॥ ২৮
শুনি নাগৰাজ চলি গেল মায়া কৰি
তেতিক্ষণে পাইলা যায় অযোধ্যা নগৰী॥
পুত্ৰ ভ্ৰাতৃ মনে ৰাম সীতাৰ মধ্যত
ইন্দ্ৰ যেন বসি আছে দেৱৰ মাঝত॥ ২৯
লৱ কুশ ভৰত লক্ষ্মণ শক্ৰঘণ।
চৌপাশে উপাসি আছে পাত্ৰ মন্ত্ৰিগণ॥
বিভীষণ কপিৰাজ নীল হনুমন্ত
অঙ্গদাদি কৰি যুৱৰাজ অপৰ্য্যন্ত॥ ৩০
জল সাগৰৰ মাঝে কাঞ্চন ভূমিত।
ৰৌদ্ৰবাহু নামে ৰাজা জগতে বিদিত॥
পঞ্চলক্ষ নৰপতি সমে সেৱা কৰে।
যাৰ নাম শুনি দেৱাসুৰ কাম্পে ডৰে॥৩১
পুষ্কৰ দ্বীপৰ পতি বীৰসেন নাম।
বলে বীৰ্য্যে ধৈৰ্য্যে যাৰ নাহিকে উপাম॥
সাৰ্দ্ধে পঞ্চলক্ষ ৰাজা লগত কৰিয়া।
মহাৰঙ্গে ৰাঘবক আছন্ত সেবিয়া॥ ৩২
শাকদ্বীপ পতি সিংহানন নাম যাৰ৷
পঞ্চলক্ষ নৃপতিৰ তেঁহে অধিকাৰ॥
শ্ৰীৰামক সেৱা কৰি সদায়ে থাকিয়।
যাক মাৰুতিয়ে সখি বুলিয়া আছয়॥ ৩০
ক্ৰৌঞ্চদ্বীপ পতি সৰ্ব্বজয় নৰপতি।
জাতিত ঋষভ কৰে কৃষ্ণত ভকতি।
হাঙ্কাৰতে সবে নৃপতিৰ মান লয়।
তিনি লক্ষ ৰাজা সমে ৰামক সেবয়॥ ৩৪
কুশদ্বীপ পতি চণ্ড শাসন ভুপতি।
জাতিত কোবিদ তেহে মহা শুদ্ধমতি॥
সাৰ্দ্ধ পঞ্চ লক্ষ নৰপতি সমে আসি।
শ্ৰীৰামৰ পাদ পদ্ম আছন্ত উপাসি॥ ৩৫
শাল্মলি দ্বীপৰ পতি যজ্ঞসেন নাম।
বীৰ্য্যধৰ জাতি গুণে নাহিকে উপাম॥
তিনি লক্ষ ৰাজা সমে মহা বলৱন্ত।
ভক্তি ভাৱে শ্ৰীৰামৰ চৰণ সেবন্ত॥ ৩৬
প্লক্ষ দ্বীপ পতি পুৰঞ্জয় মহীপাল।
জানকীৰ স্বয়ম্বৰে ৰাম ভৈল কাল॥
তান পুত্ৰ সৰ্ব্বজয় জাতিত পতঙ্গ।
দুইলক্ষ ৰাজা সবে নেৰে ৰাম সঙ্গ॥ ৩৭
জম্বুদ্বীপ নিবাসি পৰ্ব্বতে বন যাৰ।
মহা ম্লেচ্ছ ৰাজা সব চৌৰাশি হাজাৰ॥
চন্দ্ৰকেতু কুমুদাক্ষ শুভদন্ত ৰণ্ড।
প্ৰবল লুক মথ দুৰ্ম্মখ উদণ্ড॥ ৩৮॥
প্ৰমত্ত উম্মত্ত মত্ত গয সৰ্ব্বহৰী৷
নাগমুখ আদি উপদ্বীপ অধিকাৰী॥
হেন ৰাজা বেঢ়ি আছে নৰতি হাজাৰ।
সাত সমুদ্ৰৰ মাঝে বসতি যাহাৰ॥ ৩৯
বনচৰ ৰাজা কে কেবোষাঠি লক্ষমান।
বিবৃতি বিভৎস যাক দেখি হৰে প্ৰাণ॥
উত্তম ৰাজন্য ৰাজা নবলক্ষ মনি।
ৰামক উপাসি আহে ধৰিয়া যাগনি॥ ৪০
সবে মিলি যত ৰাজা লেখা দেওঁতাৰ
উত্তম মধ্যম ৰূপে কৰিয়া বিচাৰ।
চাৰিধিক ত্ৰিশ লক্ষ মখ্য নৰপতি
জাতি ত ৰজ নকৰে ৰমত, ভকতি॥৪১
মধ্যম নৃপতি সেবে নবতি হাজাৰ।
বলে বীৰ্য্যে ধৈৰ্য্যে সবে যুদ্ধে অনিৰ্ব্বাৰ।
একষষ্ঠি লক্ষ ম্লেচ্ছ ৰাজা চৌসত্তৰি।
হাজাৰ অধিক আছে বাহিৰে আবৰি॥৪২
ৰাক্ষসেন্দ্ৰ কপান্দ্ৰত কৰি জানাবাঝ
এত ৰাজ সব আছে ৰামৰ সমাজ।
ৰামৰ দক্ষিণে সেবে সুগ্ৰীব ভুপতি।
বামপাশে সেবে বিভীষণ মহামাত ৪৩
অগ্ৰ ভাগে ৰৌদ্ৰবাহু আদি নৰপতি
পৃষ্ঠভাগে সেবে যত ম্লেচ্ছৰ নৃপতি।
সন্মুখত জানু পাৰি বসি তিনি বীৰ।
আছে নীল অঙ্গদ মাৰুতি মহাধীৰ। ৪৪
সভাৰ প্ৰকাশে নাজানিয়া ৰাত্ৰি দিন
মধ্যাহ্নৰ ৰবিৰ তেজকো কৰে হীন।
ব্ৰহ্মাণ্ডৰ মধ্যত উপমা নাহি যাৰ।
বাসত্তৰি যোজনৰ বহল বিস্তাৰ॥৪৫
ৰৌদ্ৰবাহু বীৰ যেন সিংহানন ৰাই।
সৰ্ব্বজয় কুশেন্দ্ৰ যাহাক সম নাই॥
যজ্ঞসেন সৰ্ব্বজিত সুগ্ৰীব ভুপতি
বিভীষণ সমে নৱ গোটা মহীপতি॥৪৬
ৰাঘবক সেবা কৰে সমীপে থাকিয়া।
সবাৰো কুশল পথ বিচাৰ কৰিয়া।
বিদুৰত থাকি সেবে আনো ৰাজাচয়।
সবাকে লাগিয়া প্ৰভু যি বোল বোলয॥৪৭
পত্ৰ কৰি মাৰুতিৰ হাতত দিয়ন্ত।
লাঙ্গুল বঢ়ায়া কপিবৰে দেখাৱন্ত॥
ৰাঘবৰ আজ্ঞাকেসে সমস্তে জানয়
যাক যিবা আজ্ঞা হয় তাক আচৰয়॥৪৮
মাৰুতি অঙ্গদ নীল তিনি মহামতি।
চাহিল মাত্ৰকে জানে ৰাঘবৰ মতি॥
ৰাঘবৰ ইঙ্গিততে মনে আচৰয়।
আনজনে তাক বুজিবাক নপাৰয়॥৪৯
সভা দেখি বাসুকিৰকম্পিত হৃদয়।
মনে মনে সৰ্পৰাজে পৰামৰিশয়॥
মায়াৰ ঈশ্বৰ ৰাম ত্ৰিভুবন পতি।
কিমতে কুমৰ হৰি নিবোহোঁ সম্প্ৰতি॥৫০
ৰামৰ সমীপে বসিআছে দুই ভাই।
নিকট চাপিবে লাগি মোৰ শক্তি নাই॥
যদিবা হৰন্তে জানে তিনি কপিবৰে
ইতিনি লোকত মোক কোনে ৰক্ষা কৰে॥৫১
বিচাৰি নেদেখোঁ তাক জানিলোঁ নিশ্চয়।
ইতো কথা গোসাঁনীত কহিবে লাগয়॥
এহি চিন্তি সৰ্পৰাজ ত্বৰিত গমন।
বিদ্যা বিলাসিনী পুৰে ভৈলা উপসন্ন॥৫২
কৃতাঞ্জলি গোসাঁনীক নমস্কাৰ কৰি।
অধোমুখে মনোদুঃখে বুলিলা সাদৰি॥
সৰ্পৰাজ বদতি শুনিয়ো কথা আই।
ৰাম সঙ্গে নিৰাময়ে আছে দুই ভাই॥৫৩
সবাৰে কুশল কিছু নাহিকে দুৰ্গতি।
যাতো প্ৰভু ৰাম আছা ত্ৰিভুবন পতি॥
কুমৰ হৰিতে শক্তি নভৈল আমাৰ।
সভা দেখি মোহোৰ লাগিল চমৎকাৰ॥ ৫৪
স্বায়ম্ভূব আদি এই সপ্ত মম্বন্তৰ।
হেনসভা নতু দেখোঁ ব্ৰহ্মাণ্ড ভিতৰ॥
কুমৰৰ কাছে বসি আছে তিনিবীৰ।
তাক সুমৰিয়া এভো চিত্ত নোহে স্থিৰ॥৫৫
হনুমন্ত বালীপুত্ৰ নীল মহাশয়।
ৰৌদ্ৰবাহু আদি মহা মহাৰাজাচয়॥
তাসম্বাক অনাদৰি কোন বীৰবৰ।
কুমৰ হৰিতে পাৰে শকতি বাপৰ॥৫৬
সবাতে অধিক বীৰ পবন তনয়।
বলে পৰাক্ৰমে য’ক কেহো সম নয়।
ৰাম ৰাৱণৰ যুদ্ধ যৈসানি লঙ্কাত।
তাহান বিক্ৰম দেখি আচোহোঁ সাক্ষাত॥৫৭
কুম্ভ নিকুম্ভ বীৰবৰ ইন্দ্ৰজিত।
কুম্ভকৰ্ণ ৰাৱণাদি জগতে বিদিত॥
তিনিযে জগত যাৰ আগে তৃণবত।
সূৰ্য্যপুত্ৰ যমকো যে নগনে মনত॥৫৮
হেন বীৰসবো যাৰ আগে হুয়া থিৱ।
আছোক যুঝিবে তাঙ্ক দেখি উড়ে জীৱ॥
ক্ৰোধ কৰি মহা বীৰ কপি যেবে চায়।
চক্ষু আদি ৰহোঁ আমি মেঘত লুকাই॥৫৯
অনেক প্ৰকাৰে মনে বিচাৰিয়া চাইলোঁ৷
কুমৰ হৰিতে মই সাহস নপাইলো॥
মায়াবন্ত কপি নানা মায়াক জানয়।
তাক বঞ্চিবাক কাৰ শকতি আছয়॥৬০
তব চৰণৰ আবে অনুগ্ৰহ চাওঁ৷
মাৰুতিতোধিক যেবে মায়া বল পাঁও॥
তেবেস পাৰিবো জানো কুমাৰ হৰিবে৷
আপোন শক্তিয়ে নহো জনে নপাৰিবে॥৬১
মাৰুতিৰ সম আৰ গোটেক আছয়।
ৰৌদ্ৰবাহু নামে ৰাজা পৰম দুৰ্জ্জয়।
ৰামৰ পৰম প্ৰিয় সুগ্ৰীবৰ মিতা।
তহাক সুমৰি মাতা মনে বৰচিন্তা॥ ৬২
কালান্তক বীৰ সমে পূৰ্ব্বে যুদ্ধ কৰি
তিনিওক ভঙ্গাইল আন কোন তাঙ্ক সৰি॥
দেবাসুৰ সবাকে দেখিলে বাম কাষে।
সভাসদ হুয়া কোনো কাৰ্য্যে আসি আছে॥৬৩
পশু পক্ষীগণো গোচৰয় পাইয়া খেদ
ন্যায় বিচাৰত তাৰো দেন্ত পৰিছেদ॥
কি কহিবো শ্ৰীৰামৰ সভা ভয়ঙ্কৰ।
এখনো সুমৰি হিয়া কাম্পে কলেৱৰ॥ ৬৪
যি বৰ সাধিছোঁ মাৱ তাকে মাত্ৰ দিয়া।
তেবে কুমাৰক মই দেখাইবো আনিয়া।
অন্যথা কুমৰ দেখাইবে নপাৰিবো।
নতুবা কুমৰ হৰি পৰাণে মৰিবো।৬৫
শুনা সভাসদ ৰামায়ণ পদ সাৰ।
আপনিয়ো তৰি কৰা কুলক উদ্ধাৰ॥
সৰ্ব্ব ধৰ্ম্ম শিৰোমণি ৰাম গুণ নাম।
কহে ৰঘুনাথে ডাকি বোলা ৰাম ৰাম॥৬৬॥*॥
দুলড়ি॥*॥
জানকী বদতি, নাগ মহামতি,
যি বুলিলা সত্য হয়।
যত কপিচয় মোহোৰ তনয়,
জানিবি তাক নিশ্চয়॥
পবন তনয়, সবাতে দুৰ্জ্জয়,
ৰামৰ সেবক বড়া।
লবত কুশত কৰি অবিৰত,
তাত মোৰ দয়া চড়া॥ ৬৭
মাৰুতিত চাৰ, শক্তি বাঞ্ছা কৰ,
আছে কত তপ কৰি।
সুমেৰু গিৰিতে, পঙ্গুৱা উঠিতে,
খোজে যেন হৰি হৰি॥
অসীম শকতি, হৈবাক সম্প্ৰতি,
নপাৰয় কোন জন।
সাধন বিলাই, সাধ্যক নপাই,
জানিবি নিষ্ঠা বচন॥ ৬৮
তপ জপ যাগ, যোগ ভাগে ভাগ,
যিসবে আছে আচৰি।
তাৰ ফলপুনু, ভুঞ্জে ধৰি তনু,
কহিলোঁ নিশ্চয় কৰি৷
ধনৱন্ত ঠাই স্বৰ্ণ কাৰ যাই,
যেহি বাঞ্ছা তাকে কৰে।
স্বৰ্ণ বিনে কিছু, কৰিতে নাপাৰে,
ঈশ্বৰো সে পটন্তৰে॥৬৯॥
পুনু মোৰ বাক্যে, অযোধ্যাক যাহ,
কৰিয়া মায়া বিস্তাৰ।
কুমৰ হৰন্তে, ৰামসেনা যত,
থাকিবে মুঢ় আকাৰ॥
শুনি নাগস্বামী সীতাক প্ৰণামি,
পাইলন্ত অযোধ্যা ৰাজ।
ভয়ে তৰতৰ কাম্পে কলেবৰ,
পশিল ৰামসমাজ॥৭০॥
শ্ৰীৰামৰ আগে, প্ৰবেশিল নাগে,
ব্ৰাহ্মণৰ বেশ ধৰি।
ভুলি দুইহাত কৈলা আশীৰ্ব্বাদ,
মহামন্ত্ৰ ব্যক্ত কৰি॥
ৰামৰ আদেশে, অঙ্গদে পুচিল,
কৈব ভূমি দ্বিজবৰ
কিবা প্ৰয়োজন, সাৰিবে লাগয়,
কহিয়ো তাক সত্বৰ॥৭১॥
ব্ৰাহ্মণে বোলয়, শুনা মহাশয়,
অবিজ্ঞাত মোৰ নাম।
অনন্ত প্ৰভুৰ, নিকটে প্ৰচুৰ,
শিথিলোহোঁ অস্ত্ৰগ্ৰাম॥
অনন্তে বোলয়, অবিজ্ঞাত তই,
অযোধ্যাক লাগি যাও।
লৱ কুশ দুই, ভাইক গোপ্যৰূপে,
ইসব অস্ত্ৰ শিখাও॥৭২॥
অন্যত প্ৰচাৰ, নকৰিবি আৰ,
বুলিলো মই নিশ্চয়
ভৈলে প্ৰচাৰিত, তেবেতো নিশ্চিত,
মিলিবে তোৰ প্ৰলয়॥
এহিসে কাৰণে, আসিছো এখানে,
নাহি কিছু আন কাজ।
যুৱৰাজে যায়, ৰামত কহিল,
শুনিল সব সমাজ॥৭৩॥
পাছে ৰঘুপতি, আনন্দিত মতি,
বুলিলা বিপ্ৰক চাই৷
অনন্ত দেৱৰ, অনুগ্ৰহ বড়
আছয় আমাক লাই॥
লৱকুশ দুইকো, আদেশ কৰিলা,
অস্ত্ৰ শিখিবাক প্ৰতি।
ৰহস্য কৰিয়া, শিখিবাহা দুয়ো,
গুৰুত কৰি ভকতি॥৭৪॥
গোপনীয় স্থানে, দিবে বাসা কৰি,
নযাইবে কেহো সন্নিত।
নীল মহাবলী, দ্বাৰত ৰহিবে,
ব্ৰাহ্মণৰ চিন্তি হিত॥
ৰামৰ আদেশে, নীল বীৰবৰ,
লব কুশ দুইক লৈলা।
নিভৃত স্থানত, বাস দিয়া তথা,
দ্বাৰ পাল হুয়া ৰৈলা॥৭৫
পাছে দুই ভাই, হুয়া শুদ্ধ কায়,
বিপ্ৰৰ কাষে বসিলা।
বিপ্ৰেকো আশ্বাসি, দুই ভাইক চাহি,
সন্তানৰ কথা পুছিলা॥
জগতে প্ৰখ্যাত সূৰ্য্য বংশে জাত,
তুমি দুইৰ পিতা ৰাম।
দুইহানো জননী, কাছাৰ নন্দিনী,
কহা শুনো অনুপাম॥৭৬
সম্প্ৰতি আছয়, কিবা নাহি কয়,
কিবা নাম গোত্ৰ হয়॥
কহিয়ো বিশেষ, শুনিতে নিঃশেষ,
মনত বাঞ্ছা আছয়॥
কুশে বুলিলন্ত শুনিয়ো মহন্ত,
আমাৰ মাতৃৰ কথা ৷
অমি পুন্য ক্ষীণ, মাতৃয়ে গহীন,
জীবনৰ কাৰ্য্য বৃথা॥ ৭৭
যজ্ঞৰ ভুমিত, ভৈলন্ত বিদিত,
সীতা নামে কন্যাৰত্ন।
মিথিলাৰ পতি, জনক নৃপতি,
তুলিলন্ত কৰি যত্ন॥
দিনে বাঢ়ে বালা যেন চন্দ্ৰ কলা,
সাক্ষাতে লক্ষ্মী উপমা
ভুবন ইতিনি, নাহি কেহোঁ জনী,
ৰূপে গুণে তান সমা॥৭৮
জনক নৃপতি, চিন্তাকুল মতি,
ইতো কন্যা দিবোঁ কাক।
ঈশ্বৰ ইচ্ছায়, শুনিলা তথায়;
দিব্য অশৰীৰি বাক॥
মহেশ্বৰ চাপ, অতুল প্ৰভাপ,
ভাঙ্গিবে যিতো পাৰয়।
তাকে কণ্যা দিবা, চিন্তা নকৰিবা,
বুলিলোঁ বাক্য নিশ্চয়॥৭৯
শুনি মাতামহ, পাইয়া উৎসাহ,
পাতিলেক স্বয়ম্বৰ
আসি মিথিলাত, ভৈল উপগত,
সাতলক্ষ নৃপবৰ॥
যজ্ঞ ৰাখিবাক, লাগিয়া ৰামক,
বিশ্বামিত্ৰে খুজি নিলা
যজ্ঞ ৰাখি ৰামে, ভ্ৰাতৃ ঋষিসমে,
আনন্দে গৈলা মিথিলা॥৮০
যত ৰাজা ৰাশি, মহা গৰ্ব্বে বসি,
আছে আড়ম্বৰ কৰি।
ৰামে হাস্য কৰি, হেলে ধনু ধৰি,
ভাঙ্গিলন্ত লীলা কৰি॥
সীতায়ে বৰিল, উৎসব মিলিল,
হেন দেখি ৰাজাচয়।
পাতিল কন্দল, ৰাম মহাবল,
ভৈলন্ত যুদ্ধে বিজয়॥ ৮১
পাছে প্ৰভু ৰাম, জিনি পৰ্শুৰাম,
অযোধ্যাত প্ৰবেশিল।
দৈব বিপাকত, দেবৰ কাৰ্য্যত,
ৰামৰ ৰাজ্য গুছিল॥
ভ্ৰাতৃ-ভাৰ্য্যা-সমে, বঞ্চিয় কাননে,
বধিলা ৰাক্ষসগণ।
দণ্ডকাৰ বনে, সীতাক ৰাবণে,
হৰিল ছলে দুৰ্জ্জন॥ ৮২
জানকীক চাই, ফুৰন্তে দোভাই,
সুগ্ৰীবক দেখা পাইল।
তাৰে মিত্ৰ কৰি, বালীক সংকৰি,
কিস্কিন্ধাত ৰাজ্য কৈলা॥
সীতাক খুজিতে, পাঞ্চিলা ত্বৰিতে,
লক্ষ লক্ষ কপিগণ।
মাৰুতিয়ে যাই, লঙ্কাপুৰ পাই,
কৈলা সীতা দৰশন॥ ৮৩
লঙ্কাপুৰ নাশি, পুনু বীৰে আসি
ৰামত সবে কহিলা।
সেতুবন্ধ কৰি ৰাঘব শ্ৰীহৰি,
সসৈন্য সিন্ধু তৰিলা॥
সবংশে নিধন কৰি দশানন,
সীতাক ৰামে দেখিলা।
মহা শুদ্ধমতি, শান্তীযে সীতাৰ,
সতীত্বক আশঙ্কিলা ৮৪
বহ্নিত পড়িলা, তাতো উত্তৰিল,
বুলিলন্ত দেবচয়।
এহে শান্তী সতী তোমাতেসে মতি,
নাহিকে কিছু সংশয়॥
দেৱসযে আসি, ৰাজা দশৰথ,
ৰামক বুলিলা বাক।
কিছুয়ে সংশয়, বাপু নাহিকয়,
সম্বৰা সতী সীতাক॥ ৮৫
সন্মুখ যুদ্ধত, পড়ি দশানন,
সবান্ধৱে স্বৰ্গে গৈলা।
দিব্য বিমানত, চড়ি পুনৰপি
তথায়ে আসিয়া ভৈলা॥
বিমানৰ নামি, ৰামক প্ৰণামি,
বুলিলা স্তুতি বিনয়।
তোমাৰো সীতাৰো, যশ বিস্তাৰিতে,
সীতাক হৰিলোঁ ময়॥ ৮৬
আমাৰ বাক্যত, বিশ্বাস নাহিকে,
সাক্ষী দিওঁ চৈধ্যজন।
ধৰ্ম্মৰাজ যত, কৰিছে ঞ্জাত,
বোলয় সত্য বচন॥
চন্দ্ৰ সূৰ্য্য আদি, সাক্ষী চৈধ্যজন,
বুলিলা ৰামক চাই।
কায়ত বাক্যত, চিত্তত সীতাৰ,
তিল মাত্ৰো দোষ নাই ৮৭
ব্ৰহ্মা মহেশ্বৰ, বিষ্ণুৰ বচনে,
সীতাক সম্বৰি ৰাম।
অযুত বৎসৰ, ৰাজ্যক পলিলা,
সীতাৰ পুৰিয়া কাম॥
সীতাত ৰামৰ, ৰামৰো সীতাত,
বাঢ়ে প্ৰীতি নব নব।
ৰামবীৰ্য্যে সতী, ভৈলা গৰ্ভবতী,
সবাৰে ভৈল উৎসব॥ ৮৮
সেহি সময়ত, দৈব বিপাকত
এক ধোবা দুষ্টমতি।
ভাৰ্য্যাক বোলয়, আজি ৰাত্ৰি তই,
আছিলি কৈত অসতী॥
অসতী ভাৰ্য্যাত কিসৰ সঞ্জাত,
নকৰোঁ তোত বিশ্বাস।
তোক সম্বৰিয়া নৰকে পড়িবোঁ
কুলকো কৰিবো নাশ॥ ৮৯
ধুবুনী বোলয়, যেন শুদ্ধতই
ভালে জানে মই তোক।
মোক সম্বৰিলে, নৰকে পৰিবি,
হৰুয়াইবি কাণ নাক॥
নটতো পাগল, তইতো নিস্খল,
নবাচ জাতি অজাতি।
প্ৰসাদত থাকি, বান্ধৱৰ ঘৰে,
বঞ্চিলোহো এক ৰাত্ৰি॥ ৯০
সীতা গোঁসানীক, ৰাৱণে হৰিয়া,
লঙ্কা নগৰত থৈলা।
যদি একাকিনী, চিত্ত স্থিৰ কৰি,
তভো শান্তী ধৰ্ম্মে ৰৈলা॥
ৰজকে বোলয়, শুন দুৰাচাৰী,
মই কি ৰামৰ নয়।
প্ৰবাসী সীতাক, সম্বৰিল ৰামে,
কোনে ভাল বুলি কয়॥ ৯১
স্বী জিত ৰাম, কৈল মন্দ কাম,
সূৰ্য্যবংশে খিলিঙ্কাৰ।
নসম্বৰো মই, জানিবি নিশ্চয়,
কৈলো তোক পৰিহাৰ॥
হেন দন্দবাদ, কৰিয়া ৰজক,
কতক্ষণ মানে ৰৈল।
ইন্দ্ৰিয়ৰ বশ, পশিয়া ৰহস্য,
পিৰিতি ব্যাকুল কৈল॥ ৯২
প্ৰভাতে মেঘৰ, গৰ্জ্জন মেষৰ,
যুদ্ধ মুৰ্খ শ্ৰাদ্ধ চয়।
নাৰী পুৰুষৰ, কলহ নিষ্ফল,
জানিবা আক নিশ্চয়॥
দুৰ্ম্মূখ ধোবাৰ, দুৰ্ব্বাৰ বচন,
ৰামে চৰমুখে শুনি।
গৰ্ভে সমম্বিত সীতাক নিৰ্ব্বাস,
দিলন্ত কিছু নুগুণি॥ ৯৩
সীতাৰ বিপত্তি, কি কৈবো সম্প্ৰতি,
কান্দে মনে পাই ব্যথা।
কৃপাদৃষ্টি চাই, বাল্মীকিয়ে পাই,
নিলন্ত আশ্ৰম যথা॥
সিস্থানে যমজ, দোভায়ো জন্মিলোঁ
শিখিলো শাস্ত্ৰ নিঃশেষ।
ঋষিৰ কবিতা, ৰামায়ণ গীতা।
গাই ফুৰোঁ দেশে দেশ॥ ৯৪
সেহি কালে ৰামে, যজ্ঞ কৰিলন্ত,
আমিয়ো পশিলোঁ তথা।
অতি বিতোপন, গাইলোঁ ৰামায়ণ,
ৰামে শুনিলন্ত কথা॥
আমি দুই ভাই, সীতাৰ তনয়,
গীততে গৈল বিদিত।
আনন্দিত মতি, সীতাক আনিতে,
ৰাঘবৰ ভৈল চিত্ত॥ ৯৫
ৰামৰ আদেশে, বাল্মীকিয়ে আনি,
সভাত দিলা সীতাক।
জানকীক দেখি, কান্দে অধোমুখে,
যত ৰাজা প্ৰজাঝাক॥
সিবেলা সীতাক, চাহিবাক প্ৰতি,
কাহাৰো শক্তি নভৈল।
ৰাঘৱক চাই, কোপে অপমানে,
সীতা বুলিবাক লৈল॥ ৯৬
কিবা দোষ দেখি, তেজিলা আমাক,
কৈয়ো সভা বিদ্যমানে।
আনতো পুছাহা, মোৰ কোন দোষ,
কোন জনে শুনে জানে॥
কোনবা পুৰুষে, কোন ৰমণীক,
হেন উগ্ৰ দণ্ড কৰে।
গৰ্ভে সমন্বিতে, ঘোৰ অৰণ্যত,
এডে মৰিবাক তৰে॥ ৯৭
চুমাতে কামোড়, ওলগতে কীল,
দুৰ্জ্জনৰ হেন ঠান।
তুমিয়ো তেনয়, কপট হৃদয়,
কিন্তু নজানয় আন॥
বজ্ৰতো অধিক- তোমাৰ হৃদয়,
হোৱে নহে প্ৰভু চাহা।
লঙ্কা নগৰত, বহ্নিত পেলাই,
পুৰিবাক চাহিলাহা॥ ৯৮
ত্ৰিদশ দেৱতা, সাক্ষী ভৈল তাত,
মাৰিতে নপাইলা ছল।
পুনু গৰ্ভ সমে, মাৰিতে চাহিলা
দৈব পুনু মহাবল॥
জীবাক শুনিয়া, আনিয়াছা এবে,
কিমত বুদ্ধি নাজানি।
মহন্ত যেহেন, বসিআছা কেনে,
নাকাটাহা খাণ্ডা হানি॥ ৯৯
দুঃসহ দুখত, বুলিলেক যত,
কতেক কহিবো তাক।
শোকত কোপত, মজি কতক্ষণ,
ভৈলন্ত দেবী অবাক॥
পাছে সীতা দেবী ভূমিক বুলিলা
তুমিতো সবাৰে সাক্ষী।
যেবে ৰাম বিনে আন নাজানিলো
আছোঁ শান্তি পুণ্য ৰাখি॥ ১০০
কায় বাক্য মনে সচেতে সপনে
ৰামত বিনাই আন।
যেবে নিচিন্তিলো তেবে মাতৃ মোৰ
ৰাখিবাক লাগে মান॥
পুনু পুনু দেবী ভূমিক বোলন্ত
লাগিল মনে বিচাট।
যেযে মহাশান্তী, ধৰ্ম্মে আছোতেবে,
মাতা তুমি মেলা ফাট॥ ১০১
শুনি পৃথিবীৰ, শৰীৰ কম্পিল,
ফাটিল মেদিনী খণ্ড।
ৰত্ন ময় দিব্য, বিমান বঝাইল,
প্ৰকাশে যেন মাৰ্ত্তণ্ড॥
প্ৰদক্ষিণে দেবী, ৰামক নমিয়া,
বুলিল স্তুতি ভকতি।
এহি বৰ সাধোঁ, জনমে জনমে,
তুমি মোৰ হৈবা পতি॥ ১০২
লববুশ দুই, হইবেক তনয়,
কৈশল্যাদি শাশু হৈব।
দশৰথ হৈব, শশুৰ জনকে,
মোক জীব কৰি লৈব॥
ভৰতাদি কৰি, দেবৰ হৈবেক,
বোলা তুমি কৃপাময়।
সাধোহোঁ বিনয়ে, ভালুক বানৰ,
হৈবন্ত পুত্ৰৰ নয়॥ ১০৩
আৰু এক বোল, বোলো মই প্ৰভু
মোক তুমি নতঙ্কিবা।
এহি মম্বন্তৰে, ত্ৰেতাৰ অন্তত,
বাৰে বাৰে জনমিবা॥
বাৰে বাৰে মোক, ভাৰ্য্যা কৰি পাইবা,
লভিবা বৰই দুঃখ।
তোমাত আমাত, বিনাই আমাত,
মিলিবে পৰম সুখ॥ ১০৪
নিৰ্দ্দোষী নাৰীক, অসতী বুলিয়া,
নিন্দা কৰে যিতো লোক।
সিতো পুৰুষক, জানিবাহা প্ৰভু,
বিৰহ দুঃখে নেড়োক॥
আৰু এক বাক্য, বুলি আছো প্ৰভু,
স্বৰূপ হৈবাক লাগে।
সভা বিদ্যমানে, প্ৰকটিয়া তাক,
কহিবো তোমাৰ আগে॥ ১০৫
যৈসানি ৰাবণে, হৰি নিল মোক,
ত্ৰিজটা মোক পুছিলা।
কাহাৰ নন্দিনী, কাহাৰ ঘৰিণী,
কিমতে ৰিহা কৰিলা॥
কিহেতু ৰাবণে, হৰিবাক পাইলা,
কহিয়ো স্বৰূপ কথা।
শান্তি সতী তোৰ, দুঃখ দেখি মোৰ,
মনত মিলিছে ব্যথা॥ ১০৬
সবিশেষে মই, সকলে কহিলো,
যতেক পুছিল মানে।
জগত ঈশ্বৰ, জানিয়া তোমাৰ,
গৈল ৰাবণৰ স্থানে॥
দেখাই পুৰ্ব্বাপৰ, কহিল বিস্তাৰ,
সুম্পিতে মোক বুলিলা।
শুনি দুষ্ট মতি, ৰাক্ষসৰ পতি,
অগনি যেন জ্বলিল॥ ১০৭
ৰাক্ষসীৰ মাৰ্গ- তলে সৰ কাই
ঢঙ্কাই বাজ কৰিল।
মহা মনস্তাপ, কৰিয়া ক্ৰিজটা,
মনত পাছে চিন্তিল॥
জন্মে জন্মে সতী, জানকীৰ দ্ৰোহ,
এহিতো দুষ্টে কৰিব।
সবান্ধবে ইতো, ৰাবণ নিস্ফল,
ৰামৰ হাতে মৰিব॥ ১০৮
হেনমতে চিন্তি, আসিয়া ত্ৰিজটা,
পড়িয়া মোহোৰ পায়।
বোলো অভিমত, সিদ্ধি হৌক মোৰ,
হেন কৃপা কৰা আই॥
অবিচাৰে মই, বৰ দিলো তোক,
সিদ্ধি হৌক মনস্কাম।
পাছতে সে জানি, বড় খেদ পাইলোঁ,
বিধি ভৈল মোৰ বাম॥ ১০৯
তোমাৰ হাতত মৰিয়া ৰাবণে,
বাৰে বাৰে জন্ম পাইব।
পুনু পুনু দ্ৰোহ, আচৰি তোমাত,
হাতত প্ৰাণ সুজাইব॥
তোমাৰ বিচিত্ৰ, চৰিত্ৰ পবিত্ৰ,
তিনি লোকে প্ৰচাৰিব।
শ্ৰবণ কীত্তন, স্মৰণ কৰিয়া
সমস্ত লোক তৰিব॥ ১১০
এহি বুলি মায়ে, ৰামক প্ৰণামি,
আমাক কৰি আশ্বাস।
দিব্য বিমানত, চৰিলন্ত যাই,
ভৈলো সবে নিৰুশ্বাস॥
বিদ্যুৎ সদৃশ, পাতালে পশিলা,
পুৰ্ব্ববত ভূমি ভৈল।
আমাৰতো গুৰু, যত সুখ ভোগ,
মাতৃৰ লগতে গৈল॥ ১১১
যিটো সকলৰ, মাতৃ নাহিকয়,
জীবে লাগে তাৰ কিক।
সুখ ভোগ মানে, গুছয় তাহাৰ,
জীবনৰো ধিক ধিক॥
মাতৃয়ে যদ্যপি, তিতা কেহা দেই,
সিয়ো অমৃতৰ নয়।
আন জনে যদি, পঞ্চামৃত দেই,
সিটো হয় বিষময়॥ ১২
পৰৰ তনয়ে, অল্পমান খাই,
তাকে দেখে বহুতৰ।
আপুন তনয়ে, বিস্তৰ খাইলেবো,
তাহাকো দেখে তাকৰ॥
শৰীৰ পোষক, মাতা সম নাই,
ভাৰ্য্যাৰ সম তোষক।
বিদ্যা সম নাই, শৰীৰ ভূষণ,
চিন্তাৰ সম শোষক॥ ১১৩
মাতৃৰ সমান, তীৰ্থ নাহিকয়,
হৰিৰ সমান দেৱ।
ব্ৰহ্মণ্ড ভিতৰে, নামৰ সমান,
শুদ্ধ ধৰ্ম্ম নাহি কেৱ॥
হেনয় মাতৃক, অবহেলা কৰে,
যিটো পুত্ৰ মন্দ মতি।
ইহ পৰ লোকে, সিটো অধমৰ,
সুখত নাহি বসতি॥ ১১৪
এতেকে বোলন্ত, লৱ কুশ দুই,
শোকত মজিল অতি।
মাতৃৰ গুণক, সুমৰি সুমৰি,
কান্দন্ত ব্যাকুল মতি॥
হেন দেখি বিপ্ৰে, সাবটি ধৰিয়া,
তুলিলা দুইকো আশ্বাসি।
দুইহানকো চাই, সুমধুৰ বাণী,
বুলিলন্ত হাসি হাসি॥ ১১৫
শুনা সভাসদ, ৰাময়ণ পদ,
সাক্ষাতে অমৃতময়৷
ইহাৰ শ্ৰৱণ, কীৰ্ত্তনে দুৰ্ঘোৰ,
সংসাৰ সুখে তৰয়॥
ৰামেসে পৰম, দেৱৰো দেৱতা
ধৰ্ম তান গুণনাম৷
সংসাৰ তৰিয়া মুকুতি লভিয়া
ডাকি বোলা ৰাম ৰাম॥ ১১৬
পদ।
ব্ৰাহ্মণ বদতি ধন্য ধন্য দুই ভাই।
মাতৃত ভকত তোমাসাত পৰে নাই॥
যি বুলিলা সবে খানি শাস্ত্ৰৰ সন্মত।
মাতৃক লাগিয়া খেদ এৰিয়ো মনত॥ ১১৭
এক কথা কহোঁমই শুনা সাবধানে।
অনন্তৰ বাক্যে মই আসোঁ ইতো স্থানে॥
পাতাল পুৰত দেখো আনন্দ বঢ়াই।
নৰনাৰীগণ যুথে যুখে উৰ্দ্ধেযাই॥ ১১৮
আগবাঢ়ি পুছিলোহোঁ তাসম্বাৰ ঠাই।
ইতো প্ৰজাগণ মহানন্দে কৈক যাই॥
সিসবে বোলয় কথা শুনিয়ো আতাই।
বিদ্যাবিলাসিনী পুৰে ইতো সব যাই॥ ১১৯
তাক চড়াই ৰসাতল নামে স্থান পাই।
বিস্তৰ দানব দৈত্য দেখিলোঁ তথাই॥
নিবাত কবচ নাম পৰম প্ৰমত্ত।
তাহান দুহিতা সবো হুয়া মহা যত্ন॥ ১২০
নানা উপায়ণ লৈয়া যত দৈত্য নাৰী।
শুচি হুয়া ব্ৰত ধৰি যাই সাৰি সাৰি॥
তাক চড়াই পাইলোঁ মহাতল নামে পূৰ।
সৰ্প নাগগণ তাত দেখিলোঁ প্ৰচুৰ॥ ১২১
নাগিণী সৰ্পিণী সবো কৰিয়া যতন।
নানা উপায়ণ লৈয়া চলে ৰঙ্গমন॥
তাক চড়াই তলাতল নামে পুৰী গৈলোঁ৷
উৰ্দ্ধগতি কন্যাগণ যাইতে দেখা ভৈলো॥ ১২২
তাক চৰাই পাইলোঁ আমি সুতল নগৰ।
উপমাৰ নাহি ঠাই মহা মনোহৰ॥
সিথানৰো নাৰী সব হুয়া এক মতি।
নানান সম্ভাৰ লৈয়া চলে উৰ্দ্ধগতি॥ ১২৩
তাক চড়াই বিতল পুৰিক পাইলো পাছে।
ভূতগণ সমে হৰ গৌৰী তাত আছে।
অসংখ্য যোগিণীগণ দেখিলোঁ তথায়।
নানা গান বাদ্য কৰি গগণে উড়াই॥ ১২৪
বিতল চড়াই পাইলো অতল বিবৰ।
বেশ্যা নাৰি গণ তাত দেখিলোঁ বিস্তৰ॥
ময়ৰ তনয় ব্যোম তাহাৰ ঈশ্বৰ।
মুখ হন্তে সৃজে বেশ্যা নাৰী নিৰন্তৰ॥ ১২৫
ৰূপে গুণে বিদ্যাধৰী গাৱে গ্ৰাম্য গীত।
শুনি কামে উত্ৰাৱল পুৰুষৰ চিত॥
স্বৈৰিণী পূংশ্চলী বেশ্যা নাৰী যত যত।
স্বচ্ছন্দ বিহাৰচাড়ি ধৰি মহা ব্ৰত॥ ১২৬
গন্ধ পুষ্প মাল্য আভৰণ আচ্ছাদন।
দুৰ্ব্বাক্ষত বন্য ফল কৰিয়া যতন॥
ঝুমা ঝুমে চলে ৰামায়ণ গীত গায়।
তাৰসঙ্গে চলিলো গীততে মোহ যায়॥ ১২৭
নাৰী গণে বোলে তই কোঠেৰ ব্ৰাহ্মণ।
বেশ্যাৰ সঙ্গত কেনে কৰাহা গমন॥
অসতী নাৰীৰ সঙ্গে সতী নষ্ট হয়।
জাতি হৰুয়াইবে জানো আসিআছ তয়॥ ১২৮
মই বোলো মাতৃসব হেন নুবুলিয়ো।
এক কথা সোধোঁ মোত স্বৰূপ কহিয়ো॥
কাহাৰ চৰিত্ৰে গাযা যাস কোন ঠাই।
আনন্দৰ অবধি সবাৰে দেখোঁ নাই॥ ১২৯
নাৰীগণে বোলে কথা শুনিয়ো আতাই।
আমি সবে ৰামৰ চৰিত্ৰ আছোঁ গাই॥
বিদ্য বিলাসিনী নাম নগৰ ভূমিৰ।
বৰাহ বিষ্ণুৰ সিতো ক্ৰীড়াৰ মন্দিৰ॥ ১৩০
অমৰাবতিয়ে ঘাৰ নোহে পটন্তৰ।
বহল বিস্তাৰ হয় দশ যোজনৰ॥
দেৱ দৈত্য যক্ষ ৰক্ষ যতেক আছয়।
তাক দেখি বাক কেহোঁ জনে নপাৰয়॥ ১৩১
অতিশয় গোপ্য পূৰী আছিল পূৰ্ব্বত।
ব্ৰতেশ্বৰী হেতু আবে হৈআছে বেকত॥
সাতো পাতালৰ লোকে বৰ সাধে যাই।
যেহি যিবা বাঞ্ছা কৰে তাকে সিতো পাই॥ ১৩২
সেহি স্থানে যাওঁ আমি বৰ সাধিবাক।
অনেক বিদূৰ পথ লাগয় ঘাইবাক॥
গ্ৰামৰ ভাৰ্য্যা ব্ৰতেশ্বৰী নাম তথা।
আমি সবে উপাসিয়া থাকোঁহোঁ সৰ্ব্বথা॥ ১৩৩
যোগ সাধ্য বিনে যাইতে নপাৰে সিথানে।
আপোন শকতি যাইবে কাহাৰ পৰাণে।
ইথানৰ পৰা সাৰ্দ্ধ অযুত প্ৰহৰ।
উৰ্দ্ধগতি যাইবে লাগে কৰিয়া সত্বৰ॥ ১৩৪
হাজাৰ যোজন পঞ্চ পৃথিবী ভেদিয়া।
তেবে মৰ্ত্ত্য লোক পাই কহিলো গণিয়া॥
দেখ উৰ্দ্ধ গতি লোক যাই এক লাঞ্জি।
অবকাস নাহিকে আছয় যেন খাঞ্জি॥ ১৩৫
শুনি ৰঙ্গ মনে মই মহাবিদ্যা কৰি।
সিসবে সহিতে পাইলো দেবিৰ নগৰী॥
দেখিলোঁ বিচিত্ৰ নৰনাৰী নিৰন্তৰ।
কতো আসে কতো যায় কৰি খৰতৰ॥ ১৩৬
অনন্তৰে দেবীৰ ভবন পাইলোঁঁ পাছে৷
কোটি শশধৰ সম প্ৰকাশন্তে আছে॥
মহাৰত্ন গণৰ নিৰ্মিত সিতো ঘৰ।
ইতিনি ভুবনে যাৰ নাহি পটন্তৰ॥ ১৩৭
পশিলোঁ ভিতৰে শঙ্কোচিত কৰি কায়।
নটে ভাটে স্তুতি নতি কৰে ঠায়ঠায়॥
দেবীক দেখিলোঁ দিব্য সিংহাসনে স্থিত।
মাধৱৰ লক্ষ্মী যেন হৈয়াছে বিদিত॥ ১৩৮
চমক লাগিল জানু পাতি প্ৰণামিলোঁঁ।
কৃতাঞ্জলি হুয়া মই আগতে ৰহিলোঁ॥
দেবী বোলে কোঠেৰ ব্ৰাহ্মণ বাহা কৈক।
কিবা প্ৰয়োজনে তুমি মাসি আছা ঐক॥ ১৩৯
মইবোলোঁঁ অনন্ত প্ৰভুৰ আজ্ঞা পাই।
চলি যাওঁ অযোধ্যাক শ্ৰীৰামৰ ঠাই॥
লব-কুশ দুইক অস্ত্ৰ শিখাইবাক লাই।
পথত আসন্তে আইলোঁঁ তযু বাৰ্ত্তা পাই॥ ১৪০
দেবী বোলে সিতো দুই মোহোৰ তনয়।
ৰাঘবত ৰোষে এড়ি আসিলোঁঁহো মই॥
কুশল কহিবা মোৰপুত্ৰ দুইৰ আগে।
আমাক লাগিয়া চিন্তা কৰিতে নালাগে॥ ১৪১
যদি চিন্তা কৰে দুই তনয় অভাগী।
বিদ্যাবলে আনিবাহা ইঠাৱক লাগি॥
মোক দেখি যাইব পুনু ৰাঘৱৰ ঠাই।
ইকথা আনত তুমি নকৈবা আতাই॥ ১৪২
এতেকে আনত মোৰ কৈতে নুযুয়াই।
গুপ্ত কৰি কহিলোঁহো তুমি দুইৰ-ঠাই॥
হুয়া আছে অধীশ্বৰী পাতাল পুৰত।
ইতো কথা শুনি দুয়ো নকৈবা আনত॥ ১৪৩
তোৰা দুইৰ শোক দেখি মোৰ মনে দুঃখ।
যেবে বাঞ্ছা কৰা দেখাওঁ জননীৰ মুখ॥
পাছে ইচ্ছা ৰূপে শিখিবাহা অস্ত্ৰ যত।
অবিলম্বে সিদ্ধি হৈব মাতৃ প্ৰসাদত॥ ১৪৪
হেন শুনি লব-কুশ বিমোহিত মন।
মাতৃক সুমৰি বহু কৰিলা ক্ৰন্দন॥
কতক্ষণে দুয়ো ভাতৃ স্থিৰ কৰি মন।
গদগদ বাক্যে পাছে বুলিলা বচন॥১৪৫
হে গুৰু কেন হেন ভণ্ড বাণী কহা।
একে দগ্ধ আমি পুনু অগনিত দহা॥
মাতৃক দেখাইবে কোন বিধাতা আমাক।
ইতিনি লোকত খুজি নেদেখোঁহো তাক॥১৪৬
ব্ৰাহ্মণে বোলয় কৈলোঁ স্বৰূপ বচন।
দেখাইবো যদ্যপি দেখিবাক আছে মন॥
লব কুশে বোলে যেবে এই সত্যহয়।
নিয়ো এতিক্ষণে তেবে মাতৃৰ নিলয়॥ ১৪৭
তোমাৰ প্ৰসাদে মাতৃ দেখিবাক পাওঁ।
আন কিবা চাওঁ আস এতিক্ষণে যাওঁ॥
চৰণত ধৰোঁ গুৰু চড়িয়ো কন্ধত।
নিয়ো গুৰু মাতা মোৰ আছে যি স্থানত॥১৪৮
ব্ৰাহ্মণে বোলয় শুনিয়োক দুই ভাই।
ব্ৰহ্মাণ্ডৰ মধ্যত অসাধ্য মোৰ নাই॥
মোক স্কন্ধে বহিবে নালাগে তোৰা দুই।
বসি থাকা মহানন্দে কিছু মিছা নুই॥ ১৪৯
যোগ সাধ্য বলে দুইকো নিবো এতিক্ষণ।
সাৱধানে চক্ষু মুদি ৰহা দুইজন॥
বিনা শ্ৰমে অবিলম্বে নিবো কৰি ৰঙ্গ।
নাহি চিন্তা দুহন্তে লভিবা মাতৃ সঙ্গ॥ ১৫৭
শুনি দুই ভাই চক্ষু মুদিয়া ৰহিলা।
মায়াবলে দুয়ো কুমাৰক হৰিনিলা॥
যাহান্তে বুলিলা উৰ্দ্ধে ৰামক বিনয়।
শুনা প্ৰভু ৰামচন্দ্ৰ তুমি কৃপাময়॥ ১৫১
লৱ কুশ দুই ভাতৃ তোমাৰ তনয়।
জানকী দেবীৰ বাক্যে হৰি নেওঁ ময়॥
অচিৰ কালতে পুনৰপি দিবোঁ আনি।
হেনজানি চিন্তা নকৰিবা চক্ৰপাণি॥ ১৫২
এহি বুলি সৰ্পৰাজ ত্বৰিত গমন।
বিদ্যা বিলাসিনী পুৰে ভৈলা উপসন্ন॥
দুই কুমাৰক থৈলা কোলাৰ নমাই।
আগ ভৈলা সৰ্পৰাজ পাছত দোভাই॥ ১৫৩
চলি যান্ত দুইজন লীলা গজগতি।
কামদেব যেন অতি লাৱণ্য মুৰুতি॥
দুৰ্ব্বাদলশ্যাম তনু পীত পট ধৰ।
সুন্দৰ চৰণে ধ্বনি শুনি নুপুৰৰ॥ ১৫৪
ৰত্নময় উঝণ্টি চৰণ অঙ্গুলিত।
সুঠান জঙ্ঘাক দেখি হোড়ৰে ৰঞ্জিত॥
মনক হৰয় কৰিকৰ সমউৰু।
কটি দেশে নিন্দি আছে হৰৰ ডম্বৰু॥ ১৫৫
বহল হৃদয়ে জ্বলে মুকুতাৰ মালা।
ঝিলিমিলি পেচন্দাৰ ৰত্ন ময় জ্বালা॥
বলিত বৰ্ত্তুল ভুজ ভূজঙ্গম নয়।
কেয়ূৰ কঙ্কণ চাৰু শোভা কৰে তয়॥ ১৫৬
বিচিত্ৰ অঙ্গুলি যেন কুন্দত গঢ়িছে।
ৰত্নৰ অঙ্গুৰী তাক অধিকে ৰঞ্জিছে॥
কম্বু কণ্ঠে ৰতন ভুষণে উজ্জ্বলিত।
মুখ চন্দ্ৰে কন্দৰ্পৰো হৰি আছে চিত্ত॥ ১৫৭
চাৰু কৰ্ণ যুগলে কুণ্ডলে কৰে কান্তি।
কপোলে অলকা নীল ভ্ৰমৰাৰ পান্তি॥
বন্ধুলী অধৰ দন্ত মুকুতাৰ নয়।
কাম চাপ সম ভ্ৰুব যুগ বিৰাজয়॥ ১৫৮
চত্ৰাকৃত শিৰ নীল আকুঞ্চিত কেশ।
মাৰ্ত্তণ্ড সদৃশ তাতে কিৰীটি বিশেষ॥
তাতে চুড়ামণি ৰত্নে কৰয় দীপিতি।
দেখন্তা জনৰ দেখি নখণ্ডে তৃপিতি॥ ১৫৯
উপমাৰ নাহি স্থান ইতিনি ভুৱন।
সাক্ষাতে দেখিয়া যেন কৌশল্যা নন্দন।
নাগিনী সৰ্পিনী দানবিনী বালা চয়।
ৰূপে গুণে বিদ্যাধৰী সবো সম নয়॥ ১৬০
স্বামী সাধিবাক যাই জানকীৰ ঠাই।
উভতি ৰহিল লব কুশ দুইক চাই॥
অন্যে অন্যে বেলে ইতো কৈৰ শিশু দুই।
ইতিনি ভুবনে জানো হেন ৰূপনাই॥ ১৬১
হেন ৰূপ কৰি কোন বিধাতা স্ৰজিল।
কোননো সুবৰ্ণকুক্ষী গৰ্ভত ধৰিল॥
স্ৰটাতে চতুৰ যিটো বিধাতাৰ মাঝে।
তেঁহেঁ নিৰ্ম্মিআছে যাক দেখি স্মৰ লাজে॥ ১৬২
কৈৰ পৰা ইথানত হৈ আছে প্ৰবেশ।
নাদেখি নাশুনি হেন মূৰুতি বিশেষ॥
কোন নো বিধাতা দিব আঙ্ক স্বামী কৰি।
কোন সুলক্ষণী পাইব তপস্যা আচৰি॥ ১৬
কি কৰি থাকিবে পাইবোঁ চাহি আন মুখ।
আন্ত বিনে কিলাগি লাগয় স্বৰ্গ সুখ॥
নযাইবোঁ গৃহক আৰু বন্ধু বান্ধৱৰ।
এহে দুইক সেবা কৰি থাকো নিৰন্তৰ॥ ১৬
কতো জনী বোলে যাইবো গোসানীৰ ঠাই।
সাধিবোঁহোঁ বৰ যেন আঙ্ক স্বামী পাই।
নিদিলেও নেড়িবোঁহোঁ চৰণত ধৰি।
নাপাইবোঁ যাবৎ সাধিবোহো মৰি মৰি॥১৬৫
কেহোঁজনী বোলে হেন নুবুলিবি তয়।
আঙ্ক সেৱা কৰিবাক যোগ্য হওঁ মই।
মোহোৰেসে উচিত হৈবাক এহোঁকান্ত।
নুহি এক চৱড়ে সৰাইবোঁ তোৰ দন্ত॥১৬৬
আৰ জনী তাইক চাই বচন বোলয়।
ময় সে উচিত হওঁ যোগ্য নোহ তয়।
তোক মোক চায় লোকে বোলোক উচিত।
বিষ্ঠাৰ পলুৱে চাস উঠিতে স্বৰ্গত॥১৬৭
অন্যোঅন্যে হেন কহি ক্ৰোধত জ্বলিল।
হেপোঁছা হেপোঁছি কৰি কন্দল লাগিল॥
আঝোড়া আঝুড়ি মন্দ চন্দ বোলে বাক।
খসিল কটিৰ বস্ত্ৰ নসম্বৰে তাক॥১৬৮
ক্ৰোধৰ বেগত ভৈল আউল জাউল কেশ।
বাউল হেন ফুৰে কতো দিগম্বৰী বেশ॥
লাজ কাৰ্য্য মৰ্য্যদা এড়িল সবে বালা।
দহয় হৃদয় অতি মদনৰ জ্বালা॥১৬৯
প্ৰচণ্ড উদণ্ড যত নাগিণী সুন্দৰী।
দশোপাঞ্চে সাজ হুয়া মহা সাস কৰি॥
বলে হৰিবাক লাগি সমীপক যাই।
মোহ হুয়া ৰহে কুমৰৰ পাশ পাই॥১৭০
দুই কুমৰৰ মুখ পদ্ম মধু পীয়া।
শৰীৰক পাসৰিয়া থাকে থিয় দিয়া॥
কতো নাগকন্যা মনোময় বেগ ধৰি।
গোঁসানীৰ আগে বোলে দণ্ডবত কৰি॥১৭১
প্ৰণামো গোঁসানী তযু চৰণত ধৰি।
সেবিআছো বহুকাল তোমাক সাদৰি॥
যিমত স্বামীক সাধি আছোঁহোঁ তোমাত।
তাতো লক্ষ গুণাধিক মিলিছে সাক্ষাত॥১৭২
কৈৰ বা পুৰুষ দুই নবীন তৰুণ।
কন্দৰ্পৰো দৰ্প হৰে যাৰ ৰূপ গুণ॥
কিবা দেৱ মনুষ্য গন্ধৰ্ব্ব বিদ্যাধৰ।
অপূৰ্ব্ব পুৰুষ পশি আসে অভ্যন্তৰ॥১৭৩
সমান বয়স গতি আকৃতি সুন্দৰ।
গোটেকক স্বামী কৰি দিয়া মাগো বৰ॥
হেনমতে অন্যো অন্যে সীতাত সাধয়।
মনত বিস্ময়ে দেবী পৰামৰিশয়॥১৭৪
লব-কুশ দুই ভাইক দুৱাৰত থৈলা।
জানকীত জান দিতে নাগৰাজ গৈলা।
লব-কুশ আসিল জানিয়া বসুমতী।
আগবাঢ়ি আথে বেথে গৈলা মহাসতী॥১৭৫
দেখিলন্ত দুই ভাইক দুৱাৰত যাই।
ঝুমাঝুমি প্ৰজাগণে বেঢ়ি বেঢ়ি চাই॥
দেখন্তা সবৰ দেখি নখন্দে তৃপিতি।
সাবতি ধৰিতে চাহে আকুলিত মতি॥১৭৬
সেহিবেলা বসুমতী আগত মিলিলা।
মহা স্নেহে শিশু দুইক সাবতি ধৰিলা॥
লব-কুশো পৃথিবীক দেখিয়া চিনিলা।
মাতৃৰ জননী জানি পড়ি প্ৰণামিলা॥১৭৭
পাছে বসুমতী নাতি দুইক কোলে লৈলা।
পৰম আনন্দে জানকীৰ পাশে গৈলা॥
পৰম বিস্ময় দেখি সবাৰো মনত।
আনন্দে বেঢ়িয়া সবে চলিলা লগত॥১৭৮
সেহি সময়ত নাগৰাজা নিগদতি।
জয় জয় জনক নন্দিনী ভগৱতী॥
তোমাৰ প্ৰসাদে দেবী সৰ্ব্ব সুমঙ্গল।
আনিলো কুমৰ হৰি সবাৰো কুশল॥১৭৯
হেন থেলা গোঁসানীয়ে দেখিলন্ত চাই।
পুত্ৰ দুইক লৈয়া আসে বসুমতী আই॥
হৰিষে উজ্জ্বল মুখ উল্লসিত গাৱ।
আসনৰ পৰা উঠিলন্ত জগত মাৱ॥১৮০
আঙ্কোৱালি ধৰিলন্ত পুত্ৰ দুইৰ গলে।
কান্দিলন্ত হুমহুমি পৰম বিকলে॥
নয়নৰ জলে ভিজাইলন্ত দুইৰো গাৱ।
লব-কুশো নমিলা মাতৃৰ দুই পাৱ॥১৮১
চৰণত ধৰি দুয়ো ফোকাৰি ফোকাৰি।
ৰহিলন্ত দুয়ো কিছু বুলিতে নপাৰি॥
আনন্দ সিন্ধুৰ জলে কণ্ঠক ব্যাপিল।
চক্ষু নাক-মুখ ঢাকি বহিবে লাগিল॥১৮২
গোঁসানীৰ দুই পদ দুবায়া বহিল।
দুয়ো পুত্ৰ ধৰি তুলিবাক নপাৰিল॥
গোঁসানী বোলয় উঠা উঠা দুই বাপ।
তোমা দুইক দেখিলোঁ খণ্ডিল হৃদি তাপ॥
কুশলে আছিলা পিতৃ সবক সাদৰি৷
কিবা দয়া কৰে শাশু সবে মোক স্মৰি॥
স্বামীৰ কুশল বাপ কহিয়ো সত্বৰ।
সুখে কি আচন্তু মোৰ লক্ষ্মণ দেৱৰ॥১৮৪
শক্ৰঘণ ভৰত কুমৰ শুভনয়।
কৌশল্যাদি শাশু সব কুশলে আছয়॥
কিবা শাশু সবে ভাল বুলি প্ৰশংসয়।
কিবা মোক তাৰা সবে অসুয় কৰয়॥১৮৫
সুগ্ৰীৱ মাৰুতি আদি যত কপিচয়।
প্ৰসঙ্গত তেসম্বে কি মোক সুমৰয়॥
কিনতে সুস্বামী মোৰ ভোজন কৰন্ত।
কেনমতে নিদ্ৰা যান্ত কিমতে বৈসন্ত॥১৮৬
কিৰূপে কৰন্ত বেশ কিবোল বোলন্ত।
কিবা কোন কাৰ্য্যত মোহোক সুমৰন্ত॥
কিবা মন সুখে ৰামে ৰাজ্যক কৰন্ত।
মোক তেজি কিবা প্ৰভূ সন্তোষে আছন্ত॥১৮৭
কিবা ভাল মন্দ কহে লোকৰ আগত।
স্বৰূপ কৰিয়া মোত কহিয়ো সমস্ত॥
হাঁহাঁ অভাগিনী ময় কিদোষ কৰিলো।
ৰাম হেন স্বামীক সেবিতে নপাৰিলো॥১৮৮
কোন কালে কোন জন্মে ৰাম হেন স্বামী।
ইতিনি ভুবনে সেবিবাক পাইলো আমি॥
কিনো নিদাৰুণ বিধি কপট দুৰ্জ্জয়।
প্ৰিয়ৰ বিয়োগ অপ্ৰিয়ৰ সঙ্গ হয়॥১৮৯
কোন মন্দ আচৰিলো বিধাতা কুবৃত।
প্ৰিয়ৰে অপ্ৰিয় হেন কৰাইলিহি চিত্ত॥
যতেক দুৰ্ণয় তোৰ কত কৈবো আৰ।
ইদোষত নৰকে পচিবি দুৰাচাৰ॥১৯০
ৰাম হেন স্বামীক বঞ্চিলো হাতে পাই।
এহিবুলি মূৰ্চ্চা গৈলা জগতৰ আই।
লৱকুশে আশ্বাসিয়া তুলি ধৰিলন্ত।
মাতৃক সাদৰি ধীৰে ধীৰে বুলিলন্ত॥১৯১
স্থিৰ হোৱা মাতা মিছা বিষাদক ছাড়া।
বিধিক গৰিহা কৰি আমাকেসে তাড়া।
যেনে কোনো জনে আঁড় কৰি গোধা ভৰি
গোধা বুলি পৰক হাসয় উচ্ছ কৰি॥১৯২
তুমিও তেনয় মাতা স্বামীক ছাড়িলা।
কৈসানি বিধিয়ে পাতালত বাসা দিলা॥
পাতালে পশিলা তুমি কাহাৰ তৰাসে।
তোমাকেসে বৎস এড়ী বুলি লোকে হাসে॥১৯৩
ৰামৰ দূৰ্ণয় যদি তবো বোলে ভাল।
তোমাক বুলিবে ভাল নাহি একোকাল॥
স্বামীৰ কুনয়ে যদি তেজিবাক পাইলা।
আমাক অনাথ কৰি কেনে তুমি আইলা॥১৯৪
হেনয় নিৰ্দ্দয়া মাতৃ যাৰ যাৰ হয়।
উপজি মৰোক তাৰ জীবে নলাগয়॥
আন বন্ধু বান্ধৱক নিদাৰুণ পাই।
পিতৃ মাতৃ নিদাৰুণ দেখা শুনা নাই॥১৯৫
সৰ্প ব্যাঘ্ৰ আদি যত ক্ৰুৰ জাতিচয়।
কৈত দেখি শুনি আছা পুত্ৰক এড়য়॥
প্ৰাণান্তিক সময়তো নেড়য় সৰ্ব্বথা।
অপমানে এড়িবেক ইতো কোন কথা॥১৯৬
মনু মুখে শুনি আছো শান্তী ধৰ্ম্ম মত।
হয় বা নহয় তাক শুনিয়ো সাম্প্ৰত॥
স্বামীৰ দোষক সতী নলৈব মনত।
মহা গুৰু মানি সেবা কৰিব সতত॥১৯৭
স্বামীৰ সাধিয়াপ্ৰীতি থাকিবা সদাই।
স্বামীৰ সেবাতে সৰ্ব্ব পুৰুষাৰ্থ পাই॥
স্বামীৰ সুখত সুখ মনত মানিব।
স্বামীৰ দুঃখতে দুঃখ কৰিয়া জানিব॥১৯৮
স্বামীৰ প্ৰবাসে হৈব চিন্তাকুল মতি।
স্বামীৰ কুশল চিন্তি থাকিবেক সতী॥
স্বামীৰ সহিত নকৰিব দন্দাবাদ্।
স্বামীৰ কষ্টত মনে লভিব বিষাদ॥১৯৯
স্বামী তপ স্বামী জপ স্বামী ইষ্টদেব।
স্বামী বিনে সংসাৰত বন্ধু'নাহি কেৱ॥
স্বামী বিনে আন পুৰুষক নবাঞ্ছিব।
কামবুদ্ধি কৰিয়া চক্ষুবে নচাহিব॥২০০
স্বামীয়ে বোলয় যদি মন্দ চন্দ বাক।
প্ৰত্যুত্তৰ নিদি সহি থাকিবেক তাক॥
আপোনাৰ দুঃখচয় নকৰি বিচাৰ।
স্বামীৰ সেবাক মাত্ৰ কৰিবেক সাৰ॥২০১
কায় বাক্য মন শুদ্ধ কৰি মহাসতী।
মধুৰ ভাষিণী হুয়া কৰিব ভকতি॥
স্বামীৰ পিতৃৰ দুই কুলক উদ্ধাৰি।
স্বামীৰ মৰণ ভৈলে যাইবে সয়ন্তৰী॥২০২
যদি পুত্ৰৱতী সতী স্বামীক ধিয়াই।
নমৰিয়া পুত্ৰ পালি থাকিব সদাই॥
তোমাৰ সমান শান্তী কোন স্থানে নাই।
মহা শান্তী সবেও তোমাৰ যশ গাই॥২০৩
তভো পতি পুত্ৰক ছাড়িলা কোন ধৰ্ম্ম।
ইহাকেসে সুমৰি সুমৰি মিলে মৰ্ম্ম॥
আমাকে সে দুষ্টমতি বোলে সৰ্ব্বজনে।
ভাল ভৈলে জানকী এড়িব কি কাৰণে॥২০৪
আমাৰেসে মন্দ বিধি দূৰ্গতি লিখিল।
এতেকেসে হেন মত ললাট মিলিল॥
স্বামীৰ কুশল তুমি সোধা কি কাৰণ।
বিচাৰিয়া নুবুঝলোঁ আমি দুই জন॥২০৫
মৰ্ম্মছেদ কৰি ৰাঘৱক এড়িলাহা।
লোকে ভাল বুলিবাক কুশল পুছাহা॥
শুনি লৱকুশ দুইৰো কাৰুণ্য বচন।
কান্দে অধোমুখে সবে সভাসদ গণ॥২০৬॥
সীতাৰ গাৱত যেন অগনি লাগিলা।
গদ গদ স্বৰে দুই পুত্ৰক বুলিলা॥
শুন শুন বাপু লৱ কুশ শুভনয়।
যতেক বুলিলা ধৰ্ম্ম যুগুত হোৱয়।২০৭॥
কিন্তু দুই মোত মাত্ৰ দোষক দেখিল৷
ৰামৰ কুনয় কিছু মনে নগণিলা॥
সেহিতে ৰামৰ পুত্ৰ দুয়ো তেন ঠান।
যেন গাছ তেন ফল সিকি হয় আন॥২০৮
ৰামকেসে মাত্ৰ দেখিবাক লাগে ভাল৷
ৰামৰ সঙ্গত বঞ্চিবাক লাগে কাল॥
লৱ কুশে বোলে মাতা হেন কি বোলাহা।
আৰবাৰ আমা দুইক এড়িবাক চাহা॥২০৯॥
বাঘৰ হাতৰ কি এড়াইতে পাৰে ছাগ।
জ্বৰে এড়িলেও কপৰ্টীয়ে নেড়ে লাগ॥
তোমাক চাড়ি কি আমি অযোধ্যাক যাইবো।
গঙ্গাজল এড়ি কি কুপৰ পানী খাইবোঁ॥২১৭
সৰ্ব্ব তিৰ্থেশ্বৰী তুমি আমাৰ সম্বন্ধি।
মহানন্দে সেৱা কৰি থাকিবোঁ প্ৰবন্ধি॥
যৈসানি তেজিয়া আইলা সিকালৰে পৰা।
ছেবণ্ডিয়া হুয়া আমি ভৈলো যেন মৰা॥২১১॥
বুলিবাৰ বাক্যকো নোবোলো কিছু ত্ৰাসে।
একো নজানয় বুলি শিশুগণে হাসে॥
ক্ষুধাত নপাও অন্ন পিপাসাত পাণী।
কোনে দয়া কৰি যদি দেই অল্প আনি॥২১২॥
পেট পূৰি তথাপি খাইবাক নাহি সাস৷
এত খাই বুলি জানো কৰে উপহাস॥
ভণ্ডাৰে ভণ্ডাৰে আছে বস্ত্ৰ আভৰণ।
পৰক শঙ্কায়ে তাক নকৰো ভূষণ॥২১৩
আনৰ চৱালে বিভূষিত হুয়া যাই।
নিশ্ৰীক বদনে আমি তাক থাকো চাই॥
লোকৰ চৱালে যদি কৰে অপকাৰ।
তাৰ জননীৰ ভয়ে নেদোঁ প্ৰতীকাৰ॥২১৪
এতেক বুলিয়া দুয়ো শোকত মজিল।
প্ৰবোধ বচনে সীতা সান্তনা কৰিল॥
ভুঞ্জাই পঞ্চামৃত পিন্ধাই বস্ত্ৰ অলঙ্কাৰ।
লভিলা অ্যানন্দ যেন কি কহিবো আৰ॥২১৭
লৱকুশে হৰাইবাৰ মাতৃক পাইলন্ত।
পৰম গৌৰবে সেৱা কৰি.ৰহিলন্ত॥
লৱৰ কুশৰ কথা এহিমানে থওঁ।
অযোধ্যাত যেন ভৈলা তাৰ কথা কওঁ॥২১৮
শুনা সভাসদ ৰাম চৰিত্ৰ অমৃত।
ইহাৰ শ্ৰবণে হৰে সংসাৰ দুৰিত॥
ৰাত্ৰি দিনে বিষয় সুখক যত্ন কৰা।
সি কি ৰাখিবেক যম যাতনাৰ পৰা॥২১৯
নাহিকে তাৰন্তা ৰাম নাম বিনে আন।
বেদ বেদান্তৰো তাৎপৰ্য্য এহিমান॥
সৰ্ব্ব কৰ্ম্ম ছাড়ি গলে বান্ধা ৰাম নাম।
কহে ৰঘুনাথে ডাকি বোলা ৰাম ৰাম॥২২৭
যথা নিদ্ৰা আসে তথা থাকোহো পড়িয়া।
ক্ষুধায়ে তৃষায়ে পীড়ে আকুল কৰিয়া॥
যদি দয়া কৰয় আনৰ মাতৃচয়।
তাসম্বাৰ দয়া তৃণ বহ্ণিৰ আনয়॥২১৮
হেন মতে নানা দুঃখ কহিবোঁহোঁ কত।
স্বৰূপ কহিলো মাতৃ তোমাৰ আগত॥
মাতৃ যাৰ নাই তাৰ জীবে লাগে কিক।
জীবে যিটো তাৰ জীবনতো ধিক ধিক॥২১৬
ঝুমুৰি ৷
শুনিলা আমাৰ বাক। .
যত ৰজা প্ৰজা ঝাক॥
সবেও বিস্ময় হুই।
চাহিলন্ত উৰ্দ্ধমুই॥ ২২১
চক্ষুৰ নিমিষ এড়ি।
চাহে সবে ফিৰি ফিৰি॥
কোনে বুলিলেব বাক।
কেহোঁ নলক্ষিলা তাক॥২২২
ব্যাকুলিত ৰঘুপতি।
শোকে বিচলিত মতি॥
কিনো বিপৰীত কাজ।
বোলে সবে সামৰাজ॥২২৩
কোনে হেন সাস কৰি।
ব্ৰাহ্মণৰ বেশ ধৰি॥
হৃদয়ত জালি জুই।
হৰিল কুমৰ দুই॥২২৪
পুত্ৰ এড়ি সীতা সতী।
গৈল পাতালক প্ৰতি॥
তেহে হৰি নিলে হুই।
আত কিছু শঙ্কা নুই॥২২৫
থাকিবে মাতৃৰ ঠাই।
মহা ৰঙ্গে দুয়ো ভাই॥
ৰাঘৱৰ শ্ৰুতি নাই।
বোলে লক্ষ্মণক চাই॥২২৬
দেখহ লখাই বীৰ৷
কেন কৰ্ম্ম পৃথিবীৰ॥
মোহোৰ ভাৰ্য্যাক হৰি।
আছে ঘোৰ দ্ৰোহ কৰি॥২২৭
আৰকা লগাইল আঞ্চ।
নথৈবো ভূমিৰ সাঞ্চ॥
আন বাপু ধনুৰ্ব্বাণ।
কাটি কৰো খান খান॥২২৮
দুৰাচাৰী মহাৰণ্ডী।
দেঁও ধৰা নাম খণ্ডি॥
চতুৰ্ব্বিধ প্ৰাণী যত।
ৰাখিবোহোঁ অলাগত॥২২৯
যোগ বলে কৰোঁ ৰক্ষা।
দেখ কেন মোৰ কক্ষা॥
এহি বুলি ভগৱন্ত।
মাৰুতিক চাহিলন্ত॥২৩০
মাৰুতিৰ ভৈল কাম্প।
উৰ্দ্ধক মাৰিলা ঝাম্প॥
সুগ্ৰীব অঙ্গদ নল।
নীল আদি মহাবল॥২৩১
ঝাম্পিল উৰ্দ্ধক প্ৰতি।
ধৰি মনোজয় গতি॥
কোটি কোটি বীৰবৰ।
গৈলা সবে নিৰন্তৰ॥২৩২
জম্বুদ্বীপ মানে যত।
বিচাৰিয়া আকাশত॥
আউৰে আউৰে বাঢ়ি গৈল।
সাগৰৰ পাৰ ভৈল॥২৩৩
শ্ৰীৰামৰ প্ৰসাদত।
অসাধ্য কি ব্ৰহ্মাণ্ডত॥
নক্ষত্ৰ সঞ্চাৰ নয়।
বিচাৰি ফুৰন্ত তয়॥ ২৩৪
ভূলোকৰ সীমা যত।
বিচাৰিলা আকাশত॥
লোকালোক গিৰি পাইল।
সবে নিবৰ্ত্তিয়া আইল॥২৩৫
ভূবলোকে পশিলন্ত।
তাতো চাহি নপাইলন্ত॥
স্ব-মহ-জন পাই।
বিচাৰিলা ঠাই ঠাই॥২৩৬
তপলোকে পশিলন্ত।
তাতো ভালে চাহিলন্ত॥
সত্যলোক পাইলা যাই।
ব্ৰহ্মাদেৱে আছে চাই॥ ২৩৭
হাসিয়া বুলিলা বাক।
দেখা ৰাম সেনা ঝাক॥
জনক নন্দিনী সতী।
ৰাঘবত বিৰকতি॥২৩৮
পতি পুত্ৰ ছাড়িলন্ত।
পতালত পশিলন্ত॥
বাসুকীক পঠাইলন্ত।
পুত্ৰ দুইক নিয়াইলন্ত॥২৩৯
সিতো দুইক ফুৰি চাই।
সত্যলোক আছে পাই॥
পাছে যত কপি গণ।
ব্ৰহ্মসভা উপসন্ন॥২৪০
হুয়া সঙ্কোচিত গাৱ।
নমিলা বিধিৰ পাৱ॥
কৃতাঞ্জলি নম্ৰ হুই।
বহিলন্ত অধো মুই॥২৪১
ব্ৰহ্মাদেবে বোলে বাক।
শুনা শুনা কপিঝাক॥
কি কাৰ্য্যে আসিলা এথা।
কহিবে নলাগে কথা॥২৪২
লৱ কুশ দুইক চাই।
আসি আছা ইতো ঠাই॥
জানকী আছয় যথা।
লব কুশো আছে তথা॥২৪৩
পৃথিবীৰ তলে যাইবা।
তৈতে কুমাৰক পাইবা॥
সিপুনু দুৰ্গম স্থান।
যাইবাক নপাৰে আন॥২৪৪
বিদ্যাবিলাসিনী নাম।
পুৰি সিতো অনুপাম।
যোগ সাধ্য আছে যাৰে।
সিসে তথা যাইতে পাৰে॥২৪৫
জানকীৰ আজ্ঞা যাক৷
নলাগয় সাধ্য তাক॥ •
যোগসাধ্য বোলে যাক।
শুনামঁই কহোঁতাক॥২৪৬
পঞ্চ মহা ভুতাকাৰ৷
ধৰিবাক শক্তি যাৰ॥
সেই যোগ সাধ্য মায়া।
মাৰুতিয়ে আছে পায়া॥২৪৭
আন্ত বিনে সিতো স্থান।
যাইবাক নপাৰে আন॥
উলতি সমস্তে যাহা।
শ্ৰীৰামত জনাইবাহা॥২৪৮
শুনা সভাসদ গণ।
পুণ্য কথা ৰামায়ণ॥
যিতো ব্ৰহ্মা কৃপাময়।
হুয়া মনুষ্যৰ নয়॥২৪৯
মনুষ্যৰ নাট্য কৰে।
জানিবাহা নিৰন্তৰে॥
আত কিছু শঙ্কা নাই৷
সেহি গুণ নাম গাই॥২৫০
সংসাৰৰ পাৰ পাই।
দেখ ভাগৱত চাই॥
যেবে যাইবা ভব তৰি।
ডাকি বোলা হৰি হৰি॥২৫১
* পদ *
আত অনন্তৰে শুনা সভাসদ জন।
বিধিৰ বচন শুনিলন্ত কপিগণ॥
পড়ি পডি দণ্ডৱতে কৰি নমস্কাৰ।
পৃথিবী পাইলন্ত যেন গ্ৰহৰ সঞ্চাৰ॥২৫২
ৰামৰ সভাত মিলিলন্ত দড়দড়ি।
প্ৰণাম কৰিয়া বান্দৰৰ পদে পড়ি॥
শ্ৰীৰামে বোলন্ত শুনা সূৰ্য্যৰ নন্দন।
তুমি সমস্তৰতো কুশল আগমন॥২৫৩
কে'ন কোন স্থানন্ত চাহিলা কেন কৰি।
দেখিলা শুনিলা কিবা কোৱা শীঘ্ৰকৰি॥
সুগ্ৰীবে বোলয় প্ৰভু শুনা ৰঘুপতি৷
সাতো পৃখিবাত বিচাৰিলো প্ৰতি প্ৰতি॥২৫৪
তযু প্ৰসাদত সাতো সাগৰ তৰিলো৷
গিৰি বন গহ্বৰতো বিচাৰ কৰিলো॥
একোস্থানে কুমাৰৰ উদ্দেশ নপাইলো।
লোকালোক গিৰি পাই নিবৰ্ত্তিয়া আইলো॥২৫৫
উৰ্দ্ধগতি কৰি সাতো স্বৰ্গতো চাহিলো৷
তাতো দুই কুমাৰ বিচাৰি নেদেখিলো॥
পাছে যাই সত্যলোকে ব্ৰহ্মাক দেখিলো।
শোক মোহ ক্ষুধা তৃষা সবে পাসৰিলো॥২৫৬
পড়ি পড়ি প্ৰণামিলো মস্তক দমাই।
বুলিলন্ত ব্ৰহ্মা দেবে আমাসাক চাই॥
শ্ৰীৰামৰ অনুচৰ সব মহা বলী।
লব কুশ দুই ভাইক ফুৰাহা আকলি॥২৫৭
স্বৰ্গত নাহিকে নিতো দুগুটি কুমাৰ।
পাতাল পুৰত যাই কৰিয়ো বিচাৰ॥
বিদ্যাবিলাসিনী পুৰে জানকী আচয়।
তাৰ সঙ্গে দুই ভাই মাছে নিৰাময়॥২৫৮
কিন্তু আন জন তথা যাইবে নপাৰয়।
যোগ সাধ্য বিনে আক জানিবা নিশ্চয়॥
বৰাহ বিষ্ণুৰ সিতো ক্ৰীড়াৰ ভবন৷
যাইবাক পাৰিবে মাত্ৰ পবন নন্দন॥২৫৯
এহি বাৰ্ত্তা পাই আমি নিবৰ্ত্তি আহিলো।
তোমাৰ আগত প্ৰভু নিশ্চয় কহিলো॥
শ্ৰীৰামে বোলন্ত বাপ শুনিয়ো মাৰুতি।
সীতাৰ বিয়োগে হুয়া আছোহো বিশ্ৰুতি॥২৬০
পুত্ৰৰ বিয়োগে প্ৰাণ ধৰিতে নপাৰি৷
ৰক্ষা কৰা পুত্ৰ শোক অনলে উদ্ধাৰি॥
তোৰ উপকাৰ গুণ সুজন নযায়।
তোৰ সম উপকাৰী মোৰ আন নাই॥২৬১
তোত সাধ কৰিয়া ভুঞ্জোহোঁ ৰাজ্য সুখ।
তোৰ নাম শুনিতে কালৰো মিলে দুঃখ॥
যাক দেখি দিগজেন্দ্ৰ সবো ভয় পাই।
লৱড়ি পলাই মহী মণ্ডল কম্পাই॥২৬২
ত্ৰিভুবন কম্পন আশ্চৰ্য্য বল যাৰ।
শোক সাগৰত মোক কৰহ উদ্ধাৰ॥
মাৰুতি বোলয় শুনা কৃপাৰ নিধান ।
এত বোলা পোপী মাক কিসৰ নিদান॥২৬৩
মইতো একান্ত দাস থাকন্তে তোমাৰ ।
ইমত দুঃখক দেখো জীবাক ধিক্কাৰ॥
ভৃত্য থাকন্তেও স্বামী পাই মন কট ।
ইহ পৰ লোকৰ সুখত হয় ভ্ৰষ্ট॥২৬৪
তোমাৰ প্ৰসাদে মোৰ ব্ৰহ্মাণ্ড মধ্যত ।
অসাধ্য নেদেখেঁ কিছু বোলো স্বৰূপত॥
কৰিলেো বিদাই প্ৰভু বুলিয়ো সত্বৰ৷
শ্ৰীৰামে বোলন্ত শুনা বায়ুৰ কুমাৰ॥২৬৫
কেন মত যোগসাধ্য আমাক দেখায়ো।
পাছে কুমাৰক বিচাৰিবে প্ৰতি যায়ো॥
শুনিয়া মাৰুতি শ্ৰীৰামক নমিলন্ত।
আকাশ স্বৰূপ হুয়া অদৃশ্য ভৈলন্ত॥২৬৬
পাছে বীৰে পৱন স্বৰূপ ধৰিলন্ত৷
প্রচণ্ড পবন সভা চানি বহিলন্ত॥
যত ৰাজ প্রজা মানে সবে আছে চাই।
নিমিষেকে সবাহাকে নিলা উড়ুয়াই॥২৬৭
ভৈলেক বিহ্বল সবে শ্রুতি বুদ্ধি নাই ।
নপুৰপি আানিয়া থৈলন্ত ঠাই ঠাই॥
পুনৰ্ব্বাৰ মাৰুতি ৰামক নমিলন্ত।
দ্ৰবহুয়া সলিলৰ স্বৰূপ ভৈলন্ত॥২৬৮
বাঢ়ি গৈল জলমানে সভাক বুড়াই।
কতো উটে কতো বুড়ে নানা দুঃখ পাইল॥
সিতো ৰূপ এড়ি হনুমন্ত দেখা দিল।
পৃথিবী স্বৰূপ হুয়া বাঢ়িবে লাগিল॥২৬৯
নানা বিধ তৰু তৃণ লতা গুল্ম চয়।
প্ৰকাশন্তে আছে চতুৰ্ব্বিধ প্ৰাণী চয়॥
নদী নদ সৰোবৰ সাগৰ ভূধৰ।
প্ৰকাশন্ত তাত নানা ৰত্ন মনোহৰ॥২৭০
পুনু পৃথিবীৰ ৰূপ এড়িয়া মাৰুতি।
জ্যোতি ৰূপ ধৰিলন্ত আশ্চৰ্য্য মুৰতি।
সহস্ৰ সূৰ্য্যৰ যেন প্ৰকাশ প্ৰচণ্ড।
জ্যেতিৰ প্ৰতপে প্ৰতাপিত সভা খণ্ড॥২৭১
চাহিবে নপাৰি যত সভাসদ চয়।
চক্ষু মুদি ৰহিলন্ত পৰম বিস্ময়॥
সিতো ৰূপ এড়ি কপি-বেশ ধৰিলন্ত।
চক্ষু মেলি ৰাজা প্ৰজা সবে দেখিলন্ত॥২৭২
গুছিল সবাৰো ভয় প্ৰসন্ন হৃদয়।
পৰম বিস্ময় হুয়া অন্যো অন্যে কয়॥
বাণৰ নহয় ইতো ঈশ্বৰ পুৰুষ।
শ্ৰীৰামক সেবিয়া আছয়ে নিৰঙ্কুণ॥২৭৩
কতো জ্ঞানি গণে বোলে কিসৰ বিস্ময়।
প্ৰভু ৰাম চন্দ্ৰে যাক দাস বুলিচয়।
কিঞ্চিৎ আশ্চৰ্য্য কৰ্ম্ম তাসম্বাৰ নাই।
সিসবক দেখিলেও মোক্ষ পদ পাই॥২৭৪
পাছে মাৰুতিও শ্ৰীৰামৰ পাসে যায়।
প্ৰদক্ষিণে নমিলা ৰামৰ দুই পাই॥
মাৰুতি বোলন্ত প্ৰভু আদেশক চাওঁ।
এহি-ক্ষণে কুমাৰক বিচাৰিতে যাঁও॥২৭৫
হুয়া আছে অভিজিত মুহুৰ্ত এখন।
চক্ৰধাৰে সৰ্ব্ব দোষ কৰিবে বাৰণ॥
শ্ৰীৰামে বোলন্ত নুহি বিলম্বে উচিত।
এহি শুভক্ষণ বাপ চলিয়ো ত্বৰিত॥২৭৬
হেন অনুমতি পায় পাছে মহাবীৰ।
শ্ৰীৰামক নমিলন্ত পদে দিয়া শিৰ॥
ভৰতক নমি নমিলন্ত লক্ষ্মণক।
শত্ৰুঘন কুমৰক আৰু সুগ্ৰীবক॥২৭৭
কেশৰীক নমি নমিলন্ত জাম্বৱন্ত।
অস্তাচল পৰ্ব্বতক ডেৱ কৰিলন্ত॥
মাৰুতিৰ কথা আবে এহিমানে থওঁ।
সীতাদেবী যি কৰিল তাৰ কথা কওঁ॥২৭৮
বাসুকীক চাই দেবী বুলীলা বচন।
চল নাগ ৰাজ পথ অযোধ্যা ভূষণ॥
পুত্ৰক নপাই প্ৰভু সুখে কি আছন্ত।
কিবা খেদ কৰে কিনা বিচাৰ কৰন্ত॥২৭৯
তৈসানি মোহোৰ দুঃখ প্ৰভু আছে পাই।
আবে জসো পুত্ৰ শোকে প্ৰাণ ছাড়ি যাই॥
আপোনাৰ দুঃখক সহিবে পাৰো মই।
স্বামীৰ দুঃখক মোৰ নসহে হৃদয়॥২৮০
পুত্ৰৰ নিমিত্তে কিবা মন্ত্ৰণা কৰয়।
ভাল মতে জিজ্ঞাসা কৰিয়া আস তয়॥
সীতাক প্ৰণতি নাগৰাজ চলিলন্ত।
ছদ্মবেশে অযোধ্য পুৰত পশিলন্ত॥২৮১
বিচাৰ কৰিয়া সবে কাৰ্য্য ভাল মত৷
সীতাৰ আগত যাই ভৈল উপগত॥
প্ৰণামিয়া গোসানীক বুলিলা বচন।
ৰামৰ মন্ত্ৰণ মাতৃ শুনা এক মন॥২৮২
ৰামৰ আদেশে সুগ্ৰীৱাদি কপি বৰ্গ৷
বিচাৰিলা লোকালোক মধ্যে সাত স্বৰ্গ॥
সত্য লোক পাই ব্ৰহ্মা দেবত পুছিল।
সাবশেষে ব্ৰহ্মা সবে বৃত্তান্ত কহিল॥২৮৩
হনুমন্ত বীৰবৰ মহা মায়াশীল।
কুমাৰক বিচাৰিতে পাতালে পশিল॥
আবে যোহ যোগ্য হয় আজ্ঞা দিবেলাগে।
পাছে যেন হৌক আমাসাৰ কৰ্ম্ম ভাগে॥২৮৪
জানকী বোলন্ত নাগৰাজ চলি যাহা।
যত নাগ বীৰ মানে সবাকে আনাহা॥
দৈত্য দানৱৰ মুখ্য বাৰ মানে।
অস্ত্ৰ শস্ত্ৰ ধৰিয় ৰহেক সাবধানে॥২৮৫
দ্বাৰবন্ধ কৰি সবে দ্বাৰ মুখে ৰৈব
কেহোঁ জনে কাতো মোৰ বাৰ্ত্তাক নকৈব॥
আনকেসে লাগি আছে উপায় প্ৰচুৰ
মাৰুতিৰ প্ৰতি মোৰ বুদ্ধি হৈলদুৰ॥২৮৬
গুপুতে থাকিবো আন নাহিকে উপায়
বুলিলন্ত পাছে দেবী পৃথিবীক চায়॥
শুনা মাতৃ হুয়া আছে যেন বিসঙ্গতি
শ্ৰীৰামৰ দূত আসি আছয় মাৰুতি॥ ২৮৭
নোহোক পুত্ৰক যদি পাই এহি ঠায়।
কিমতে ৰাখিবা তাৰ নেদেখোঁ উপায়॥
পৃথিবী বোলন্ত কথা শুনিয়োক আই।
কেহো জন অ্যাসিবে নপাৰে ইতেঠাই॥ ২৮৮
ইথানক প্ৰতি একো দিশে পথ নাই।
দিয়া আছো পথ মই তোমাকেসে চাই॥
সেহি পথ এতিক্ষণে নিৰোধ কৰিব।
কেনমতে বায়ুসুত ইথানে পশিব॥২৮৯
অযুতাৰ্দ্ধ যোজনৰ অধে উৰ্দ্ধে ডাঠ।
এত মহী খানি কোনে কৰিবেক বাট॥
হেন শুনি সতী বৰ আনন্দিত ভৈল।
গোঁসানীৰ আজ্ঞা পায় বালুকীও গৈল॥২৯৩
দেবীৰ আদেশ সাতো পাতালত কৈল।
সীতাৰ দোহাই আজ্ঞা বাধি বাধি গৈল॥
নাগ দৈত্য দানব আসিল নিৰন্তৰ।
আনো দেনাগণ আসি ভৈল একতৰ॥২৯১
কতো কতো নগৰৰ ভিতৰ পশিল।
সাবহিতে গোঁসানীৰ আজ্ঞাত বহিল॥
পঞ্চম হাজাৰ প্ৰহৰৰ সিতো বাট।
বজ্ৰ পাথৰেৰে ভূমি মাৰিলা কপটি॥২৯২
বৰ সাধিবাক যিতো সিথানে পশিল।
ওলাইবে নপাৰি সবে ভিতৰে বহিলা॥
সিসবৰ পিতৃ মাতৃ বন্ধু গণ যত।
কিবা ভৈল বুলি কৰে বিকল মনত॥২৯৩
অন্যো অন্যে সোধে কেহোঁ উদ্দেশ নপাই।
শোকত মজিল কৰো গাৱে শ্ৰুতি নাই॥
পাছে হনুমন্ত অস্তাচল গিৰি পাই৷
সেহি পথে পাতালত পশিলন্ত যাই॥২৯৪
যমৰ নগৰ পাই যমত জনাইল।
পাত পাত কৰি ভালে বিচাৰিয়া চাইল॥
অনন্তৰো স্থানত চাহিলা ভাল কৰি।
কিছুমান উদ্দেশ নপইলা তাত হৰি॥২৯৫
সৰ্প বেশ ধৰি পাতালত চাহিলন্ত।
অনুমাত্ৰো জানকীৰ বাৰ্ত্তা নপাইলন্ত॥
জলে স্থলে ভালমতে বিচাৰিয়া চাইলা।
অণ্ড কটাহক পাই নিবৰ্ত্তিয়া আইলা॥ ২৯৬
ৰসাতল নগৰত পাশলন্ত যাই।
কাশ্যপৰ পুত্ৰগণ আছে সিটো ঠাই॥
পৰম প্ৰচণ্ড সিটো দৈত্যৰ আচাৰ।
সংসাৰত বলে বীৰ্য্যে সবে অনিৰ্ব্বাৰ॥২৯৭
বিধি কহি আছে তাৰ মনুষ্যত ভয়।
এতেকেসে মনুষ্যৰ লোকক নাসয়।
মাঝে মাঝে মনুষ্যত তাড়ে স্বৰ্গে যাই৷
অম্ৰাৱতী চমকৰে লুড়ি পুড়ি খাই৷ ২৯৮
সিসবৰ মাঝে বীৰ সেহি ৰূপ ধৰি৷
সেহি ভাষা বুলি ফুৰে বিত বিত কৰি॥
ভূমি ৰূপ ধৰি পাছে ভূমিত পশিলা৷
পৃথিৱীৰ মানে চতুৰ্ভিতি বিচাৰিলা॥২৯৯
নপাই উদ্দেশ তাতো ঊৰ্দ্ধ গতি কৰি৷
মহাতল নগৰত পশিলন্ত লৰি॥
বড় বড় নাগ আছে প্ৰচণ্ড প্ৰভাৱ।
চলে উৰস্থলে কাৰো নাহি হাত পাৱ॥৩০০
কতো দশ কতো কুড়ি কতে সহস্ৰেক।
তুলি আছে মুখ বিষ বঝাই অতিৰেক॥
যতেক নাগিনী নাৰী সবো সেহিনয়।
সিসবৰো মুখে বিষ বহ্ণি সঞ্চৰয়॥৩৩১
কতো নাগ নাৰী সব মনুষ্যৰ নয়।
পূৰ্ণচন্দ্ৰ বদনী কঠিন স্তনচয়॥
ৰূপে গুণে বিদ্যাধৰী সবো নোহে সৰি৷
জাতিত পাদ্মিনী সবে সৰ্ব্বাঙ্গে সিন্দৰী॥৩০২
কিন্তু এক ফণা আছে মাথাৰ উপৰে।
ফণামণি সবে অতিশয় শোভা কৰে॥
অতি বিচক্ষণী সৰ্ব্বগুণে অনিন্দিতা৷
ৰত্নে বিৰচিত সৰ্ব্বভূষণে ভূষিতা॥৪০৩
কোটি কোটি বিদ্যাধৰী সম ৰূপে লক্ষি।
ফণাতেসে মাত্ৰ নাগকন্যা হেন দেখি॥
কটাক্ষতে হৰে চিত্ত যোগেন্দ্ৰ সবৰ।
হেম নাৰী সব বীৰে দেখিলা বিস্তৰ॥৩০৪
বিষৰ জ্বালায়ে প্ৰতাপিত সভাখান।
নাগ সৰ্প বিনে তাত প্ৰাণী নাহি আন॥
মাৰুতিৰ গাৱে যেন লাগিল অগণি।
শ্ৰীৰামৰ সেৱা বলে থাকিল নগণি॥৩০৫
নাগৰূপ ধৰি বীৰে বিচাৰিলা তথা।
পুছিলন্ত পূজা কোন দেবী আছে এথা॥
নাগগণে বোলে শুন কহিলো বুঝাই।
নাহি কোন দেবী আমাসাৰ ইতো ঠাই॥৩৭৬
শুনি হনুমন্ত বাৰ তবাৰ বঝাই।
তলাতল নগৰত ফুৰিলন্ত চাই॥
সুতলতো বিচাৰিলা পাত পাত কৰি।
বিতলতো বীৰে প্ৰবেশিলা মায়া ধৰি॥৩০৭
ত্ৰিশূল অঙ্কিত দৌল দেখিলা অনেক।
নানা নাম দেবী তাত আছয় প্ৰত্যেক॥
সিদ্ধেশ্বৰী যোগেশ্বৰী সৰ্ব্বেশ্বৰী শ্যামা।
ভুবন ঈশ্বৰী ভূতেশ্বৰী দেবী বামা॥৩০৮
প্ৰমথ ঈশ্বৰী শক্তিশ্বৰী লোকেশ্বৰী।
জনেশ্বৰী ত্ৰিলোক ঈশ্বৰী উগ্ৰেশ্বৰী॥
হেন কোটি সংখ্যা দেবী আছে সেহি ঠাই।
পাইলো পাইলো বুলি মাৰুতিয়ে ফুৰেচাই॥৩০৯
মন পবনৰ বেগে যাক সম নুই।
ফুৰন্ত মাৰুতি অতি ব্যাকুলিত হুই।
সৰ্বোত্তমা দেবীৰ পাইলন্ত দৌল পাছে।
অসংখ্য যোগিনী সবে উপাসন্তে আছে॥ ৩১০
দ্বাৰত বসিয়া বীৰে পুছন্ত দ্বাৰিত।
আসি আছো ময় বৰ সাধিতে দেবীত॥
দ্বাৰি বোলে কোঠেৰ যোগিনী নাহি শুন৷
ইদানিক এসবাত কিছু নাহি গুণ॥৩১১
ব্ৰতেশ্বৰী নামে দেবী পৃথিবী নন্দিনী।
আবিৰ্ভাব হুয়া আছে অতি বিচক্ষণী॥
বেশ্যা নাৰী পুৰুষৰ তেহে দৃশ্য নুই।
শুদ্ধ ভাবে যেহি বাঞ্ছে সেহি সিদ্ধি হুই॥৩১২
পুজিবাক লাগে ফল পুষ্পদিয়া মাত্ৰ৷
এহি সব দেবী পূজা খাইবাৰেসে পাত্ৰ॥
একো সিদ্ধি দিবে নপাৰয় জানা সাৰ।
পূজা খাই থাকে কৰি লোকত প্ৰচাৰ॥৩১৩
হংস ছাগ মহিষৰ তেজ যত পাই।
খাহান্তে খাহান্তে তাৰো তৃষ্ণা বাঢ়ি যাই॥
পূজা খাইবে নপাইলে তাহাতো ৰোষ চড়ে।
নানা ব্যাধি বিপদ সিন্ধুত সিতো পড়ে॥৩১৪
এতেকেসে তোক মই বোলে দয়া তৰে।
যদি বাঞ্ছা আছে চল অতল নগৰে॥
যদি বহু দূৰ পথ যাইবাক লাগয়।
প্ৰয়াস বাহুল্যে ফল বাহুল্য হোৱয়॥৩১৫
তথাতে পুছিলে পাইবি যথা আছে দেবী।
পাইবি মনোৰথ তাঙ্ক শুদ্ধ ভাৱে সেবি॥
ৰহস্য কৰিয়া ইথানৰ প্ৰজাচয়।
আয়াবাত কৰি আছে নজানস তয়॥৩১৬
শুনি মাৰুতিৰ হৈল হৰিষ মনত।
অতল নগৰে যাই ভৈল উপগত॥
পৰম মোহিনী কন্যা ৰূপে বিতোপন।
ভৈলন্ত মাৰুতি বেশ্যা নাৰী ৰঙ্গ মন॥৩১৭
হাস লাসে মোহি ফুৰে পুৰুষৰ মন।
এক গৃহস্থৰ ঘৰে ভৈলা উপসন॥
শুনা সভা সদ ৰামায়ণ পদ সাৰ।
ইহাৰ শ্ৰবণে কৰে পাপত উদ্ধাৰ॥৩১৮
যোৰ কলি পাইল সৰ্ব্ব ধৰ্ম্মক নাশিল।
দুষ্ট কালসৰ্প আসি সমীপ চাপিল॥
নিশ্চিন্তে আছাহা কেনে উন্মতৰ নয়।
যমৰ যাতনা কি ভুঞ্জিতে নলাগয়॥৩১৯
কাত গহ কৰি আছা নুগুণা মনত।
হৰি বিনে তাৰন্তা নাহিক সংসাৰত॥
সমস্ত শাস্ত্ৰৰ ইসে পৰমাৰ্থ সাৰ।
হৰিনাম বিনে নাহি পাপত নিস্তাৰ॥৩২০
নাহিকে প্ৰয়াস একো নাম কীৰ্ত্তনত।
উচ্চাৰন্তে নিঃশেষ পাপক কৰে হত॥
হেনজানি তেজা সবে ভাষভুব কাম।
কহে ৰঘুনাথে ডাকি বোলা ৰাম ৰাম॥৩২১
দুলড়ি ৷
পাছে যেন কাষ, শুনিয়ো সমাজ,
নাৰী বেশী হনুমন্ত।
অঙ্গিনাত যাই, আছন্ত দেখিয়া,
গৃহস্থিনী পুছিলন্ত॥
তুমিতো ৰমণী, কাহাৰ নন্দিনী
যাহ কোন স্থান লই।
আমাৰ ইথান, তোমাৰ সমান,
নাৰী দেখা শুনা নাই॥৩২২
কিবা প্ৰয়োজন, আমাৰ ভবন,
কহিয়োক তুমি তাক।
মায়া কপি চায়, বোলে শুনা আই,
কহিবো স্বৰূপ বাক॥
চন্দ্ৰ কেতু নাম, মোহোৰ জনক,
পৃথিবী মণ্ডলে ৰাজা।
নামে হেমবল্লী, মোহোৰ জননী,
আছে তান চাৰি প্ৰজা॥৩২৩
মিথিলাৰ পতি, জনক নৃপতি,
তান জীৱ সীতা সতী।
ৰত্নমঞ্জৰিনী নাম, মই সমে,
সীতা কৈল মিত্ৰৱতী।
শয়নে ভোজনে, এড়া এড়ি নাই,
থাকো এক পিণ্ড হই।
ৰামক সুস্বামী, লভি সীতা সতী,
লৈল মোকো সঙ্গে লই॥৩২৪
কতো কাল মান, একত্ৰে আছিলো,
মিলিল দৈব বিপাক।
ৰামক ত্যজিল, পাতালে পশিল,
নানিল সখী আমাক॥
ত্যজি অন্নপান, বাতুলৰ ঠান,
ফুৰোহো ব্যাকুল ভাৱ।
সখীৰ পিৰিতি, সুমৰিয়া নিতি,
দহে মোৰ সৰ্ব্বগাৱ॥৩২৫
গ্ৰাম নগৰত, দুৰ্গম বনত,
হতাশতে ফুৰো চাই।
হেনতো শঙ্কট, মিলিল দুৰ্ঘট,
কি কহিবো তাক আই॥
পৰম দন্দুৰ, বল্লল অসুৰ,
মোক দেখি ভোল ভৈল৷
পৰম প্ৰমত্ত, কামে উনমত্ত,
মোক হৰিবাক গৈল॥ ৩২৬
নামতে অবলা, বল হীনা নাৰী,
কিকৰিৰো মই তাক।
ইঠাৱতে আনি, এড়ি গৈলা মোক,
মিলিল কৰ্ম্ম বিপাক॥
কাহাকো নিচিনি, নজানিয়া আত,
ফুৰো অতি বিয়াকুলি।
আইলো কতদুৰ, ইতো কোন পূৰ,
নজানো তাক সমূলি॥৩২৭
গৃহৰ বঝাই, মাৰুতিক চাই,
বোলে এক বৃদ্ধা নাৰী।
সীতা নামে এক, দেবীৰ কাহিনী
আমি কহিবাক পাৰি॥
মোৰজীৱ খানি, বৰ সাধিবাক,
গৈয়া আছে তান ঠাই।
পথ নিৰোধিল, আসিবে নপাইল,
আছয় দুৰ্ঘটে পাই॥৩২৮
মায়াবি মাৰুতি, বিনয়ে সোধয়,
কহা আই ভালকৰি।
কিবা হেতু পথ, নিৰোধি আছয়,
শুনোহোঁ তাক সুন্দৰি॥
গৃহস্থিনী বোলে, শুনহ সুন্দৰী
নুবুলিলো মিছাযাক।
সীতাৰ দোহাই, দিয়া নাগ ৰাজ,
কৈবে দিয়া আছে হাক॥৩২৯
চাপি আস তয়, গুপ্তে কহোঁ ময়,
নজানিবে কেহোঁ আৰ।
কাহাতো নকৈবা, আপুনি জানিবা,
কহিলে মিলিবে মাৰ॥
সূৰ্য্যবংশে জাত, ৰাম নামে খ্যাত,
ঈশ্বৰৰ অবতাৰ।
দুৰ্জন নাশিতে, সজ্জন পালিতে,
খণ্ডিলা ভূমিৰ ভাৰ॥৩৩০
গুণে অনিন্দিতা, তান ভাৰ্য্যা সীতা
স্বামীত ৰোষ কৰিল।
মহাক্ৰোধ কৰি, স্বামী পুত্ৰ এৰি,
আমাৰ স্থানে আসিল॥
সীতায়ে পঠাইল, সৰ্পৰাজ গৈল,
কুমাৰ হৰিবে লাগি।
আছোক হৰিবে, ৰাম সভা দেখি,
ভয়ে গৈল গৰ্ব্ব ভাগি॥৩৩১
গোঁসানীত কৈল, বৰ মাগি লৈল,
সৰ্পৰাজে পুনৰ্ব্বাৰ।
মহা মায়া কৰি, আনিলেক হৰি,
ৰামৰ দুই কুমাৰ॥
পুনু বাসুকিয়ে, অযোধ্যাক যাই,
বুঝিয়া সমস্তে কাৰ্য্য।
দেবীত কহিলা, কুমৰ বিচাৰি,
আসে হনু কপিৰাজ॥৩৩২
তাহাৰ সমান, বীৰ গোট শুনো
ব্ৰহ্মাণ্ডৰ মধ্যে নায়।
বিষ্ণু আদি কৰি, সমস্ত দেৱৰ,
বৰত অবধ্য কায়॥
সীতা গোঁসানীৰ, পুত্ৰতো অধিক,
তাক লাগি দয়া চাৰ।
উপায় নপাই, বজ্ৰ শিলা দিয়া,
মাৰিলা বিবৰ দ্বাৰ॥৩৩৩
হনুমন্তে কহে, মোৰ সখী নোহে,
নাহি তান পুত্ৰ জীৱ।
অযোধ্যাৰ পতি, নোহে তান পতি,
মিছা বাৰ্ত্তা কহা কিয়॥
যাৰ কথা কহা, তাকো জানো মই,
কহিবে লাগে কিসক।
যিটো হনুমন্ত, দেখিলো তাহাক,
মৰিয়া গৈল স্বৰ্গক॥৩৩৪
কালনেমি নাম, ৰাক্ষসৰ ভ্ৰাতৃ,
বজ্ৰনেমি বোলে যাক।
বন্ধুৰ বিয়োগে, ফুৰে মহা শোকে,
ভ্ৰাতৃ ঋণ সুঝিবাক॥
ফুৰয় প্ৰবন্ধি, নপাৱয় সন্ধি,
ছিদ্ৰ পাইল ইথানত।
গদায়ে কোবাই, মাৰিলা এথাই,
পড়ি আছে গিৰিমত॥৩৩৫
গৃহস্থনী বোলে, মিছা কহ তয়,
কোনে মাৰিবেক তাক।
দেবাসুৰ নৰ, ভয়ে তৰতৰ,
কালো ভয় কৰে যাক॥
কোন বজ্ৰনেমি, মাৰিবেক তাক,
নকহিবি কিছু আৰ।
চলি যাওঁ মই, দেখাই দেস তই,
যেবে কহি আছ সাৰ॥৩৩৬|
বোলয় দেখাইবো, নিশ্চয় কহিলো,
নহিকে সংশয় আন।
বিবৰ মাঝত, পড়িয়া আছয়,
গন্ধে ফুটি যাই প্ৰাণ॥
হেন শুনি সবে, চাহিবে লড়িলা,
মাৰুতিক আগকৰি।
মায়া বেশ ধৰি, মৃত কপি ৰূপে,
হনুমন্ত আছে পড়ি॥৩৩৭
তাত অসংখ্যাত, মক্ষিকা পড়িয়া,
মাংস খাই নাদ কৰে।
অঙ্গুলি তাৰিয়া, দেখাইলন্ত নিয়া,
নাৰী বেশী কপিবৰে॥
দেখিয়া আনন্দ, সবেও বোলয়,
আমাৰ সুদিন ভৈল।
জানকীৰ দ্ৰোহ, কৰিবাক আসি,
কপি বমঘৰে গৈল॥৩৩৮
হনুমন্ত বীৰ, মৰি পড়ি আছে
সমস্ত লোকে জানিলা।
পাছে বসুমতী গোঁসানীয়ো শুনি,
চাহিবে লাগি চলিলা॥
পৰ্ব্বত সদৃশ, পড়িয়া আছয়,
দেবী ঘুৰি ঘুৰি চাই।
হনুমন্ত হয়, লভিয়া প্ৰত্যয়,
গৈলা জানকীৰ ঠাই॥৩৩৯
বজ্ৰ পাথৰৰ, ভাঙ্গিয়া কপাট,
দ্বাৰ দিলা মুক্ত কৰি।
অল্প হাস্য কৰি, বুলিলা ধৰণী,
জানকীৰ গলে ধৰি॥
শুনা মাৱ সীতা, নকৰিবা চিন্তা,
সৰ্ব্ব কাৰ্য্য সুমঙ্গল।
অতল বিবৰে, পবন কুমাৰে,
মৰি গৈল ৰসাতল॥৩৪০
পুত্ৰ দুই সমে, এবে সুখে থাকা
নাহিকে চিন্তা মনত।
শুনি গোসানীৰ, কম্পিত শৰীৰ,
জ্বলিল বহ্ণি গাৱত॥
হাহা মহাসন্ত, বীৰ হনুমন্ত,
কিমতে প্ৰাণ সুঝাইলে।
ৰাম স্বামী কেনে, প্ৰাণ ধৰিবন্ত,
হনুহত বাৰ্ত্তা পাইলে॥৩৪১
মাতৃ বসুন্ধৰী, কহাভাল কৰি,
বধিল কোন তাহাক।
ত্ৰিদশৰ বৰে, অবধ্য শৰীৰ,
কোনে খণ্ডিলেক তাক॥
পৃথিবী বদতি, শুনা সীতা সতী,
শুনিলো ময়ো হেনয়।
কালনেমি নামে, ৰাক্ষস দুৰ্জ্জয়,
দুষ্টমতি পাপাচয়॥৩৪২
লক্ষণক লাগি, ঔষধি যোজন্তে,
পবন তনয়ে পাই।
নানা বিকৰ্থনা, কৰিয়া তহোক,
যমপুৰে দিলা ঠাই॥
ভ্ৰাতৃৰ শোকত, থাকি নিশাচৰ,
কতো দিনে ছিদ্ৰ পাই।
একেস্বৰে পাই, গদাৰে কোবাই,
দিলা যমঘৰে ঠাই॥৩৪৩
জানকী বোলয়, হেন কি হোৱয়,
শশাৰ মাথাত শৃঙ্গ।
কৈত দেখি শুনি, আছাহা আপুনি,
কুক্কুৰে মাৰয় সিংহ॥
শ্ৰীৰামৰ প্ৰিয়, দাস মাৰুতিৰ,
মৃত্যু একো স্থানে নাই।
তেবেসে ৰাক্ষসে, মাৰিলে বোলাহা,
কিবুলিবো তেবে আই॥৩৪৪
( ৮ )
আন্দোলিত চিত্ত, হুয়া মহাসতী,
বহিলন্ত কষ্টমন।
মায় ৰূপী কপি, তাবে কতোক্ষণে,
পাওঁ দেবী দৰশন॥
অলক্ষিতে এই, নাৰীবেশে মই,
স্ত্ৰীগণ সবে যাইবো।
অন্যথা দেবীৰ, বিচাৰ কৰিয়া,
দৰ্শন মই নপাইবো॥৩৪৫
হেনয় নিশ্চয়, কৰিয়া মাৰুতি,
নাৰীগণ সমে যাই।
উৰ্দ্ধগতি কৰি, দেবীৰ নগৰ,
দ্বাৰত ৰহিলা পাই॥
দেবীৰ আদেশ, বুলি দ্বাৰ পালে,
ৰাখিলা বাধি সবাক।
যাক আজ্ঞা হয়, তাক এড়ি দেয়,
নেড়ৈ আজ্ঞা নাসে ঘাক॥৩৪৬
মাৰুতি বোলয়, কেনমতে ময়,
পশিবোহো অভ্যন্তৰ।
দুৱাৰিক যাই, কাতৰ কৰোহো,
এড়ে কি নেড়ে দ্বাৰৰ॥
যদি নেড়ে মই, অলক্ষিত হুয়া,
যাইবাক আছয় ঘল।
সীতা গোসানীৰ, দোহাই দিয়াছে,
আতেসে নেপাওঁ চল॥৩৪৭
এহিচিন্তি পাছে, দুৱৰীৰ কাষে,
গৈয়া বুলিলেক বাক।
দ্বাৰ মুক্তকৰ, চলোঁ অভ্যন্তৰ,
নোবোলা বাধা আমাক॥
চিত্ত স্থিৰ হুয়া, মহাব্ৰত ধৰি,
আছো এথা বহুকাল।
আমাৰ কপালে, বিধাতা মিলাল,
নকৰা তুমি জঞ্জাল॥ ৩৪৮
কৰোহোঁ মিনতি, দিয়া অনুমতি,
নিমাখিতি মই নাৰী।
নতুবা তোমাত, বধ দিয়া মই,
মৰিবো হানি কটাৰি॥
দ্বাৰী বোলে আই, কেন হেন বোলা,
আমি পৰাধিন প্ৰাণী৷
মৰিলেও বধ, নলাগিব মোত,
কহিলো স্বৰূপ বাণী॥৩৪৯
তথাপিতো তোক, দিলোঁ দ্বাৰ এড়ি,
ই সব নাৰীৰ পাছে।
গোসানীৰ আজ্ঞা, আনতো কহিয়া
যাইবা যিবা যৈত আছে॥
শুনিয়া মাৰুতি, আনন্দিত মতি,
লৈলা নাগিনীৰ সঙ্গ।
বিবৰ এড়াই, দিব্য পুৰি পাই,
লভিল পৰম ৰঙ্গ॥ ৩৫০
দেবীক দেখিতে, উত্ৰাৱল চিত্তে,
নাৰীগণ যামে যাই।
অতি বিতোপন, ৰত্নৰ ভবন,
দেখন্তে গৈয়া তথায়॥
কতহো বঝাই, কতহো সোমাই,
আগে পাছে বেত্ৰধৰ।
আনৰ যুথত, আন প্ৰবেশিলে,
প্ৰহাৰ পাইবে এৰ॥ ৩৫১
যিতো যুথেবীৰ, মাৰুতি আছয়,
সিযুথক আজ্ঞা ভৈল।
বেত্ৰধৰ সব, আগ পাছ হুয়া,
অভ্যন্তৰে লৈয়া গৈল॥
দিব্য সিংহাসনে, দুই পুত্ৰ সমে,
দেবীক বীৰে দেখিল।
সিহৰিল গাৱ, ব্যাকুল স্বভাৱ,
নেত্ৰৰ নিৰ ঝৰিল॥৩৫২
নাৰীগণ সমে, পড়ি প্ৰণামিলা
ভক্তি ভাৱে জানুপাড়ি।
দিয়া ইষ্ট বৰ, কৰোহো কাতৰ,
বোলে সবে যত নাৰী॥
মাৰুতি বদতি, শুনা ভগৱতী,
সুৰেশ্বৰী ব্ৰতেশ্বৰী।
সৃষ্টিৰ কাৰিণী, জগত তাৰিণী,
আছা লীলা তনু ধৰি॥৩৫৩
অবিদ্যা স্বৰূপ, জীব সমস্তক,
সংসাৰ নিকাৰে দিয়া।
বিদ্যা ৰূপে পুনু, তুমি ভগৱতী,
সংসাৰ তাৰিয়া নিয়া॥
যেহি ৰূপে ভাবে, সেহি ৰূপে পাৱে,
তুমি জগতৰ মাতা।
তুমি সৰ্ব্বশ্ৰেষ্ঠা তুমি সৰ্ব্ব পোষ্ঠা
তুমি সৰ্ব্ব লোক ধাতা। ৩৫৪
তোমাত বিনয় যেন জড় প্ৰায়
পুৰুষৰ চেষ্টা নাই।
নানা পূজা পায় অনন্দিত কায়
হুইবাক কিবা যুয়াই॥
পুৰুষ শক্তিৰ যদি ভিন্ন নাই
স্বৰূপ শীতল হয়।
সাক্ষাতে প্ৰমাণ কোনে নমানিব
তোমাতে দিল প্ৰত্যয়॥ ৩৫৫
সংসাৰিক দুঃখ দেখাই আছা তুমি
তথাপি আমি অভাগী।
ফুৰোবাঞ্ছা কৰি পতি পুত্ৰ সমে
সুখে বঞ্চিবাক লাগি॥
পুৰুষৰ ইচ্ছা শকতি আছয়
বেদ পুৰাণত গাই।
শক্তিৰ স্বচ্ছন্দ বিহাৰ আচাৰ
কোনো তন্ত্ৰে শুনা নাই॥৩৫৬
শাস্ত্ৰক বিনাশি স্বচ্ছন্দ বিলাসি
লগাইল মনত খেদ।
পতি পুত্ৰ চয় নমাগোঁহোঁ ময়
সবাতে ভৈলো নিৰ্ব্বেদ॥
কিন্তু এহি বৰ সাধোঁ নিৰন্তৰ
দয়া দৃষ্টি কৰা মোক।
অবিছিন্ন ভাবে তব স্বামী পাবে
মোহোৰ ভকতি হোক॥ ৩৫৭
যদি বোলা হেন বৰক সাধন্তা
কেহোঁজন আন নাই।
যাৰ যেহি ইচ্ছা তাহাকে সাধোক
তাত মোৰ কিবা দাই॥
শুনা সভাসদ হুয়া নিশবদ
ৰামায়ণ পদ সাৰ।
ইহাৰ শ্ৰবণ কীৰ্ত্তন কৰিয়া
পাপ কৰা বুন্দা মাৰ॥ ৩৫৮
ৰামৰ সমান কৃপালু দেবতা
নাহি নাহি আন কেৱ।
বিষয়ৰ চিন্তা পৰি হৰি সবে
তান পদে কৰা সেৱ॥
একান্ত শৰণে ৰামৰ চৰণে
ভজা তেজি আন কাম।
কহে ৰঘুনাথ কথা পৰমাৰ্থ
ডাকি বোলা ৰাম ৰাম॥ ৩৫৯॥
পদ।
শুনা আতপৰে যেন কথা বিতোপন।
শুনিয়া কন্যাক দেবী বুলি্লা বচন॥
যিহেতু ৰহস্য স্তবে সন্তোষিলি মোক।
সত্যে সত্যে বোলোঁ যেহি বাঞ্ছা সেহি হোক॥
শুনি মাৰুতিৰ ভৈল আনন্দ অশেষ।
নিউক বুলি দিলা দেবী সবাকে আদেশ॥
শুনি বেএধৰ সব আগে পাছে ভৈল।
বিবৰ দ্বাৰৰ নিয়া বাঝ কৰি থৈল॥৩৬১
পাছে লৱ কুশে বোলে মাতৃত বিনয়।
এইৰ স্তুতি শুনি মাৱ ভৈলোহোঁ বিস্ময়।
স্বৰূপ বুলিল নুবুলিল স্তুতি চয়।
আপুনিয়ে চাহা গুণি হয়কি নহয়॥৩৬২
কৈত দেখি আছাহা কন্যাৰ হেন জ্ঞান।
আপোনাৰ মাত্ৰ সাধি ফুৰয় কল্যাণ।
কন্যা নোহে ইতো আমাসাৰ মনে লয়।
শুতিতে জানিলো হৈবে পবন তনয়॥৩৬৩
কন্যা বেশে আসি ভেল ছলিতে আমাক।
অজিজ্ঞাসে তুমিয়ে বুলিলা সত্য বাক॥
তোমাক নিবাক যদি আছে বাঞ্ছা কৰি।
কিমতে নযাইবা তুমিইতো পৰি হৰি॥৩৬৪
একেশ্বৰে মাৰুতিক ৰাক্ষসে বধিল।
সৰ্ব্বলোকে তাৰ শব দেখিয়া জানিল॥
ইয়ো মাৰুতিৰ মায়া জানি বাহা সাৰ।
ব্ৰহ্মাণ্ডৰ মধ্যে তাৰ কোনে চিন্তে মাৰ॥
সাধুৰ দাসৰ দাস দুৰ্জ্জনৰ যম।
যমকাল মৃত্যুয়ে যাহাৰ নোহে সম॥
ব্ৰহ্মা বিষ্ণু মহেশতো যাৰ নাহি ত্ৰাস।
হেন মাৰুতিৰ মৃত্যু শুনি উঠে হাস॥৩৬৬
শ্ৰীৰামৰ প্ৰিয় দাস যাত পৰে নাই।
তুমিও অধিক দয়া কৰি আছা আই॥
তুচ্ছ বজ্ৰনেমি তাক কৰিলা বিনাশ।
ইতো কথা শুনি কাৰ নু বেক হাস॥৩৬৭
আপোনাৰ বাক্য পাশে আপুনি ছান্দিলা।
হেন জানা মাৰুতিৰ হাততে পৰিলা॥
হেনশুনি দেবী বোলে ভাল জিজ্ঞাসিলা।
তোমাসাৰ বাক্য মোৰ মনত লাগিলা॥।৩৬৮
স্তুতি নুবুলিলে নকৰিলে অভিনন্দা।
চলবাদে মোক মাত্ৰ কৰিলেক নিন্দা॥
মোৰ দয়া সাধিলেক ৰামত ভকতি।
জানিলো নুহিবে আন নিশ্চয়ে মাৰুতি॥৩৬৯
পাছে দেবী বুলিলন্ত পৃথিবীক চাই।
অবিচাৰে কি কাম কৰিলা তুমি আই॥
মাৰুতি মৰিল বুলি নিঃশংসয় ভৈলা।
কাতো নুপুছিয়া কেনে দ্বাৰ মুক্ত কৈলা॥৩৭০
কপটে মাৰুতি কন্যা বেশক ধৰিয়া।
কন্যাগণ সমে গৈল বৰক সাধিয়া।
এক্ষণে উচিত যেহি কহিবাক লাগে।
যি হৌক সি হৌক পাছে নিজ কৰ্ম্ম ভাগে॥৩৭১
ধৰণী বোলয় সিতো মায়াবী বানৰ।
নজানো কিমতে পশিলন্ত অভ্যন্তৰ॥
কিবা অভ্যন্তৰে পশি গৈল বাঝ হুই।
কিবা ইতো থানত কপটে আছে ৰই॥৩৭২
ইহাৰ নিৰ্ণয় যদি পাৰা কহা আই।
যদি বাঝ ভৈল তেবে দ্বাৰ বান্ধ যাই॥
যদিবা এথাত সিতো আছা সোমাই।
তেবে বীৰগণ আনো এথাকে কোঞ্চাই॥৩৭৩
একো নাগ বীৰ জগতৰ ভয়ঙ্কৰ।
অযুত নিযুত বল প্ৰমত্ত গজৰ॥
বিষঢ়ালি দহিবে পাৰয় ত্ৰিভুবন।
তাৰ আগে কোন বস্তু পবন নন্দন॥৩৭৪
নকৰিবা ত্ৰাস কিছু হুয়োক নিৰ্ভয়।
শুনি লৱ কুশ দুয়ো আনন্দে হাসয়॥
অতিশয় বৃদ্ধা যদি মাতামহী হয়।
চৱালৰ ঠানে বাণী তথাপি বোলয়॥৩৭৫
একে বাৰে যুঝে যদি লক্ষ লক্ষ নাগে।
তেবে ভাল যদি লাঞ্জ ছুটিতে নভাগে॥
ধৰিত্ৰী বোলয় তোৰা দুধেৰ ছৱাল।
নাগৰ বিক্ৰম দেখি আছ কোন কাল॥৩৭৬
উপজি শৃগালে পথাৰৰ পানী চাই।
বোলে হেনমত বান একো কালে নাই॥
তেন মতে বোলা তুমি মাৰুতিক বড়।
তেবে ভাল বীৰ যদি নামাৰে লৱৰ॥৩৭৭
লৱ কুশ বোলে তযু বচন উচিত।
আমি বালকৰ যোগ্য নোহয় খণ্ডিত॥
বালকৰ বাক্যত নকৰা অপমান।
কিন্তু পলাইবাক চাহা নিৰঞ্জন স্থান॥৩৭৮
হাসি সীতা দেবী বোলে পুত্ৰ দুইক চাই।
আৰ কিছু নুবুলিবা দুথ পাবে আই॥
পাছে বসুমতী দ্বাৰ নিৰোধ কৰিল।
নাগবীৰ গণ বাহিৰত ৰক্ষা দিল॥৩৭৯
মাৰুতি আসিল সবে জনাজনি ভৈল।
নাগ ৰাজগণে মুণ্ড ঘুমাইবাক লৈল॥
অনন্তৰ ভয় মুখে বোলে গৰ্ব্ববাক।
কৈৰ হনুমন্ত কোনে দেখাইবে আমাক॥৩৮০
বানৰ সহিতে যুদ্ধ কৰিবাক লাজ।
শুনিয়া হাসিবে যত নাগিণী সমাজ॥
আমাক যুঝিয়া এড়াই যাইবে কাৰ বাপ।
বাৰব বহ্নিত যেন পতঙ্গৰ ঝাপ॥৩৮১
কন্যা বেশী হনুমন্তে গুণে মনে মন।
জনা জনি ভৈল দেখো মোৰ আগমন॥
কিমতে জানিল আক নপাও খুজিয়া।
এক কথা মনে ময় আছোহোঁ শঙ্কিয়া॥৩৮২
যখন সীতাক মই দৰশন পাই।
কৰিবে লাগিলো স্তুতি চৰণক চাই॥
লৱ কুশ দুই ভাই মন্দ মন্দ হাসি।
মোক ঘনে ঘনে চাই কটাক্ষ বিলাসি॥৩৮৩
অন্যো অন্যে কৰ্ণে কিবা জপিলেক বাণী।
নিশ্চয়ে জানিলো চিনিলেক দুয়ো প্ৰাণী॥
সঙ্কেত কৰিয়া জানো মাতৃত কহিল।
তাতেসে গোসাঁনী বাঝ কৰিবে বুলিল॥৩৮৪
পাছতে কপাট দিয়া বিবৰ মাৰিল।
মহাকোপে নাগ গণে যুঝিতে সাজিল॥
দুই ভাইৰ পদে সবে জনা জনি ভৈল।
নজানিবে আনে মোৰ মনে হেন লৈল॥৩৮৫
হৌক জনাজনি তাত মোৰ কিবা হানি।
মোক বৰ দিয়া আছে আপুনি গোসাঁনী॥
আবে যেহি বাঞ্ছো তাকে পৰোহোঁ কৰিতে।
দেখো নাগগণে দৰ্প কৰে বিপৰীতে॥৩৮৬
ময় সমে যু্ঝিবাক লাজসে লাগয়।
নাৰীগণে হাসে বুলি কৰিছে সংশয়॥
ইসবাৰ সংশয় কৰিতে লাগে দূৰ।
হসুয়াইবো নুহি কন্দুয়াইবো নাগ পুৰ।॥৩৮৭
পাছে যেহি বাঞ্ছো মনে তাহাকে কৰিবো।
কথা ছলে আবে আসম্বাক চিনা দিবোঁ॥
ইতো নাগগণে যুদ্ধ কৰে কেনমত।
নতু দেখা পাঁও মই ইতিনি লোকত॥৩৮৮
যদি নাগগণ সমে যুদ্ধ নকৰিবো।
ৰাঘৱৰ সমাজত কি কথা কহিবো॥
(৯)
হওঁ শ্ৰীৰামৰ দাস পবন তনয়।
পাতাল পুৰতো ভালে জনাইবে লাগয়॥৩৮৯
সৰ্ব্ব কাৰ্য্য সিদ্ধি মোৰ কিসৰ সংশয়।
এহি চিন্তি হাসিলন্ত অঞ্জনা তনয়॥
দেখি নাগগণে অন্যো অন্যে বোলে বাক।
কৈৰ নাৰী কি কাৰণে হাসয় আমাক॥৩৯০
মায়াৱতী বোলে মই তোমাসাৰ দাসী।
গৰ্ব্ব শুনি তোমাসাৰ উঠে মোৰ হাসি॥
দানৱৰ ঝীৱ ময় নামত ললীতা
সৰমা ৰাক্ষসী সমে আছিল সখিতা॥৩৯১
তান মুখে শুনি আছো কথা অনুপাম।
ৰাম ৰাৱণৰ যেন অদ্ভুত সংগ্ৰাম॥
সি যুদ্ধত মাৰুতিৰ মহিমা অতুল।
শুনিয়া আজিয়ো মোৰ হৃদয় ব্যকুল॥৩৯২
কুম্ভকৰ্ণ নিকুম্ভ ত্ৰিশিৰা অতিকায়।
দেৱান্তক নৰান্তক যাক সম নায়॥
ইন্দ্ৰজিত অগ্নিকেতু মকৰাক্ষ বীৰ।
দুৰ্জয় ৰাৱণ যাৰ নিঃকম্প শৰীৰ॥৩৯৩
দেবাসুৰ নৰ যাৰ ভয়ে তৰ তৰ।
তাহাৰো কৰিল অন্ত যিতো বীৰ বৰ॥
হেনয় বীৰক যুদ্ধ নকৰা লজ্জায়।
কোননো মুগুঢ়ে হেন শুনিব বড়ায়॥৩৯৪
নাৰীগণ আগে কেনে কৰস বড়াই।
মাৰুতিয়ে পাইলে সবে গৰ্ব্ব হৈবে ঠাই॥
হেনশুনি নাগগণে ক্ৰোধ কৰি চাই।
বোলে এই হেন ৰটে কাত গহ পাই॥৩৯৫
নোহে নাৰা ইতো জনী মাৰুতি বানৰ।
মায়া কৰি আসি পশিলেক অভ্যন্তৰ॥
কিবা চাস লাঞ্জে পকাই আছাড়িয়া মাৰ।
কতো বোলে বেড়ি কৰ লাঞ্জৰ প্ৰহাৰ॥৩৯৬
তৰল বানৰ জাতি অলপিক জন।
আমাৰ স্থানক ইটো আসে কি কাৰণ॥
জীৱন্তে নেড়িবো আক বধিবো পৰাণে।
কাত গহে গৰ্ব্ব কৰে বানৰ অজ্ঞানে॥৩৯৭
এহি বুলি নগিগণে চৌভিতি বেঢ়িল।
ধৰ মাৰ বুলি সবে আন্দোল কৰিল॥
দেখিয়া মাৰুতি বোলে শুন নাগগণ।
নাৰীৰ উপৰে এত খঙ্গ কি কাৰণ।॥৩৯৮
বিষ জালে দহিবাক পাৰাহা সংসাৰ।
সহজে অবলা নাৰী মই কোন ছাৰ॥
মাৰিলেও তোমাসাৰ নহৈব সুখ্যাতি।
কিসক কৰিতে চাহা পাপ নাৰীঘাতি॥ ৩৯৯
উচিত কহন্তে কৰ এত মান ক্ৰোধ।
বুজিলোহোঁ নাগগণ পৰম নিৰ্ব্বোধ॥
মাৰিবাক পাৰ যদি তভো আছে ভাল।
কিজানি ইহাতে আসি মিলয় জঞ্জাল॥ ৪০০
এতেকে তোমৰা মোৰ উপদেশ ধৰা।
আপোনাৰ আত্মঘাত আপুনি নকৰা॥
মাৰুতিয়ে পাইলে কাকো নেৰিবেক ভালে
হেনজানি প্ৰাণ লৈয়া পলাহ সকলে॥ ৪০১
হেনশুনি নাগগণ দ্বিগুণে কিটাইল।
ধৰিবাক লাগি সবে মহাকোপে ধাইল॥
ধৃতৰাষ্ট্ৰ বাসুকী তক্ষক পুণ্ডৰীক।
কুশক, শোষক আৰু সুতক কুলিক॥ ৪৩২
কালমুখ শিলামুখ চন্দ্ৰমুখ খ্যাত।
বজ্ৰমুখ অগ্নিমুখ আদি অসংখ্যাত॥
সবেও বেঢ়িল গৈয়া কৰি মাৰ মাৰ।
বিষৰ জালত দশ দিগ অন্ধকাৰ॥ ৪০৩
দেখিলা মাৰুতি বেঢ়িলেক নাগচয়।
ভৈল কপিবেশ নাৰী বেশ এড়ি তয়॥
হিষবন্ত গিৰি যেন শৰীৰ বঢ়াইল।
আকাশক লাগি লাঞ্জ গোটক উধাইল॥ ৪০৪
মুণ্ড গোট তুলিলেক স্তব্ধ দুই কৰ্ণ।
মুখ গোট দেখি যেন কাল মেঘ বৰ্ণ॥
মধ্যাহ্নৰ সূৰ্য্য যেন জ্বলে চক্ষু দুই।
কোপ কৰি কাল যেন ৰৈল থিয় হুই॥ ৪০৫
মাৰুতি সম্বুধি বোলে শুনা নাগচয়।
তুমি সবে কৰা কেনে ইমত কুনয়॥
কাশ্যপৰ পুত্ৰ তুমি সব মহাজন।
ময়ো হনুমন্ত হওঁ পবন নন্দন॥৪০৬
সম্বন্ধত হওঁ মই পুত্ৰ তোমাসাৰ।
কৰিবাক চাহা কেনে কুল খিলিঙ্কাৰ॥
আসি আছো মই শ্ৰীৰামৰ আজ্ঞা পাই।
তোমাসাক যুঝিবাক মোৰ ইচ্ছা নাই॥৪০৭
ৰাঘৱৰ আজ্ঞা কহোঁ সমস্তে শুনিয়ো।
লব-কুশ দুই কুমৰক আনি দিয়ো॥
তেবে তোমাসাক একো নপাৱে প্ৰমাদ।
তোমাৰ আমাৰ আত কিসৰ বিবাদ॥৪০৮
নাগগণে বোলে অৰে মলুৱা বানৰ।
আমাতো কহস আজ্ঞা মানুষ ৰামৰ॥
আমি সবো নাগগণ ভূবন বিজয়।
নুশুনো ৰামৰ কথা শুন দুৰাশয়॥৪০৯
ঈশ্বৰ পুৰুষ যদি শ্ৰীৰাম হোৱয়।
তান ভাৰ্য্যা গোসাঁনীকো জানোহে নিশ্চয়॥
কৈত আছে আমি তাক কিমতে জানিবো।
কৈৰ পৰা আমি কুমৰক আনি দিবোঁ॥৪১০
হেন শুনি হাসি পাছে মাৰুতি বোলয়।
তুমি সবে কুমৰক দিবে নলাগয়॥
আমিয়ো তোমাত খুজিবাক নোহে যোগ।
অকাৰণে কৰা কেনে যুদ্ধক উদ্যোগ॥ ৪১১
আপুনি বিচাৰি নিবো ৰামৰ ছৱাল।
নপাতিবা তুমি সবে ইহাত জঞ্জাল॥
পাতিলেও জঞ্জাল নথৈবো কাকো ভালে।
নিশ্চয়ে জানিবা তোমাসাক পাইলে কালে॥
হেন নাগ লক্ষ লক্ষ যদি আইনে ধাই।
পবন সুতৰ কিবা উড়ুৱাইবে ছাই॥
হেন শুনি ক্ৰোধ কৰি বে'লে নাগৰাজ।
জীবি যেবে বানৰ ইঠাইৰ হও বাঝ॥৪১৩
আমাৰ আগত কৰ ইমত বড়াই।
নুহি বিষ বায়ু ঢালি পুড়ি কৰো ছাই॥
শুনিয়া মাৰুতি বোলে মোত দোষ নাই।
মৰে নাগগণ দেখো মোহোক ঝঙ্কাই॥ ৪১৪
ক্ৰোধ কৰি মাৰুতি যুঝবে সাজ ভৈল।
দেখি পুণ্ডৰাক নাগ ক্ৰোধে খেদি গৈল॥
হাজাৰক ফণা তুলি লাঙ্গুল উচ্ছাই।
ছানিলেক কোব মাৰুতিৰ গাৱে যাই॥ ৪১৫
বজ্ৰৰ সন্ধান ষেন গাৱত লাগিল।
পাছে হনুমন্তে ঘোৰ আটাসেক দিল॥
সাতো খান পাতালত খলক লাগিল।
টল বল কৰি সবে ধৰণী কম্পিল॥৪১৬
গৰ্ভিণী সবৰ গৰ্ভ খসি খসি গৈল।
বাগড়া বাগড়ি কৰি নাগগণ ৰৈল॥
মুহুৰ্ত্তেক মানে প্ৰজা ভৈল স্থিৰ ভাৱ।
প্ৰহাৰিল পুণ্ডৰীকে পুনু লাঞ্জ বাৱ॥৪১৭
লাঞ্জক লাগিয়া লাঞ্জ মাৰুতি হানিল।
বজ্ৰৰ সন্ধান যেন বজ্ৰত বাজিল॥
পুনু পুণ্ডৰীকো আসে লাঙ্গুল উচ্ছাই।
পুচ্ছুতাল হনুমন্তো গৈলা তাক ধাই॥৪১৮
ছিদ্ৰ পাই হনুমন্তে কৰিল সন্ধান।
নাগৰ ছিঙ্গিল লাজ ত্ৰিংশ হস্ত মান॥
চেলেকে কোৱাৰি নাগে ক্ৰোধত ফোফাই।
মাৰুতিক কামোড় ভেজাইতে গৈল ধাই॥৪১৯
হেন দেখি মাৰুতিয়ে লাঙ্গুল বঢ়াই।
হাজাৰেক মুণ্ড তাৰ ধৰিলা মেঢ়াই॥
এড়াইবাক লাগি সিতো কৰয় আক্ৰান্ত।
পাৰে মোড়ামুড়ি নাগে উশাস নপান্ত॥৪২০
আধাৰি পকায়া তাক মাৰ্গ তল কৰি।
বসিলা উপৰে তাৰ দুই পাৱ তৰি॥
লাঙ্গুল ভ্ৰমায়া বীৰে পুনু আস্ফালিলা।
হাজাৰেক মুখে সিটো ৰুধিৰ চাদিলা॥৪২১
হাসিয়া মাৰুতি বোলে পুণ্ডৰীক ৰায়।
আপোন গৃহক যাহাঁ দিলোহেঁ বিদায়॥
বানৰক যুঝিবাক বৈলক্ষ লাগয়।
শুনিলেও হাসিবেক যত নাৰী চয়॥৪২২
হেন বুলি আছ পুৰ্ব্বে সবাকে শুনাই।
গুছাইল বৈলক্ষ আবে যাহ নিজ ঠাই॥
প্ৰসংশা কৰিবে জানো আবে নাৰীগণে।
আনন্দ পাইবেক লাঙ্গুলৰ দৰশনে॥ ৪২৩
এহিবুলি তাক এড়িলন্ত হনুমন্ত।
দেখি পাছে মহাবীৰ তক্ষকে ধাইলন্ত॥
গৰ্ব্ব কৰি মাৰুতিক বুলিলা বচন।
কুৎচিত বানৰ জাতি অলপিক জন॥ ৪২৪
কৰিবো নিপাত আজি খনিতেক ৰহ।
দুৰ্ব্বাৰ লাঞ্জৰ কোব একবাৰ সহ॥
মাৰুতি বোলয় তেবে লাঞ্জ হান তয়।
পাছতেসে উচিত ফলক দিবো মই॥৪২৫
যেন আন খন গৰ্ব্ব নোবোল বচন।
হেন শিক্ষা দিবো আজি পবন নন্দন॥
হেন শুনি তক্ষক ক্ৰোধত কম্পমান।
মাৰুতিক কৰিলেক দাৰুণ সন্ধান॥৪২৬
থৰথৰি কম্পি গৈল পবন নন্দন।
তক্ষকক বুলিলন্ত প্ৰশংসা বচন॥
সাধু সাধু বীৰ তয় বড় যশ পাইলি।
ময় হেন বীৰক এক প্ৰহাৰে কম্পাইলি॥ ৪২৭
হাজাৰেক ফনা তুলি আছে নাগৰায়।
হনুমন্তে খেদি গৈল চৱড় উচ্ছাই॥
সন্ধানে হানিল কপিৰাজ মহাবীৰ।
হাজাৰেক মাথা তাৰ ভৈলা চিৰাচিৰ॥ ৪২৮
বিহৰিল ফণা মণি যমক দেখিল।
চক্ষু মুখ ধাকি তাৰ ৰুধিৰ বহিল॥
ঢলোপড়ো কৰি তথাপিতো আসে ধাই।
লাথি হানি মাৰুতি পেলাইলা বগড়াই॥ ৪২৯
খলখলি হসে বীৰ কৰি উপালম্ভ।
নসহিল ধৃতৰাষ্ট্ৰে মাৰুতিৰ দম্ভ॥
ত্ৰৈলোক্য বিজয় কি ে। ইতো কপি গোট।
কহাৰ পৰাণে সহিবেক আৰ চোট॥ ৪৩০
সন্মূখ সমৰে আক নাটো হেন জানি।
ভৈলা অন্তৰ্দ্ধান নাগৰাজ মহামানি॥
নাগমায় বিস্তাৰিবে লাগিলা দুৰ্ব্বাৰ।
দশোদিশ ঢাকি ভৈল ঘোৰ অন্ধকাৰ॥ ৪৩১
গগণ মণ্ডল চানি মেঘৰ আটাস।
বিষ্ঠা মুত্ৰে বৃষ্টি ভৈল প্ৰচণ্ড বতাস॥
ঘনে ঘনে বিদ্যুত সহিতে বজ্ৰ পড়ে।
নিৰন্তৰ মহী টলবল কৰি লড়ে। ৪৩২
কোটি কোটি নাগগণ তাহাতে বঝাই।
বহে বিষ বহ্নি নাকে ফুৰন্ত ফোফাই॥
কতো বৃষ্টি কৰে শৰ চয় চমৎকাৰ।
জাঠি জোঙ্গ শূল শেল শকতি কুঠাৰ॥ ৪৩৩
ত্ৰিকণ্টিক বৎস দম্ভ ভল্ল ভিণ্ডি পাল।
শতঘ্নী নৰাচ ক্ষুৰ কুট কণিয়াল॥
অৰ্দ্ধচন্দ্ৰ বিপাত ব্ৰহ্মাস্ত্ৰ চন্দ্ৰহাস।
চামে চামে পড়ে গদা মদ্গড় প্ৰাস॥ ৪৩৪
ক্ষণেকে প্ৰকাশ হোৱে ক্ষণেকে আন্ধাৰ।
শৃঙ্গী নথী দংষ্ট্ৰী সব ভ্ৰমে একাকাৰ॥
ডাকিনী যোগিনী গণ বিভৎস কুবেশ।
দিগম্বৰী বেশে আউল জাউল কৰি কেশ॥ ৪৩৫
কৈৰ হনুমন্ত বুলি ফুৰয় চেঞ্চাই।
খাঁও খাঁও বুলি সবে ফুৰে বেন্ত বাই॥
গাৱৰ গন্ধত যেন প্ৰাণ যাই মৰি।
দেখিয়া মাৰুতি সুমৰন্ত ৰাম হৰি॥ ৪৩৬
মনত বোলন্ত কিনো মায়ী নাগ গোট।
ময় বিনে কোনে আৰ সহিবেক চোট॥
পাছে যোগ সাধ্য মায়া আশ্ৰয় কৰিয়া।
শ্ৰীৰামৰ পাদপদ্ম হৃদয়ে ধৰিয়া॥৪৩৭
ভৈলা সম্বৰ্ত্তক বায়ু ৰূপ তেতিক্ষণ।
বহিবে লাগিলা তাত প্ৰচণ্ড পবন॥
নাগ কৃত মায়াক নিলেক উড়ুয়াই।
ধৃতৰাষ্ট্ৰ নাগক পাইলন্ত পাছে যাই॥ ৪৩৮
যেহেন প্ৰচণ্ড চক্ৰ বাতে তৃণ পাই।
অবাধিত ৰূপে ফুৰে আকাশে ভ্ৰমাই॥
সেহিমতে তাহাক কৰাৱে চক্ৰাকাৰ।
নপাৱে উশাস ভেল মৃতক আকাৰ॥ ৪৩৯
পৃথিবীত আচাড়িয়া পুনুহো উড়াই।
যেন ধোবা বস্ত্ৰ ধোৱে উচ্ছাই উচ্ছাই॥
বিহৰিল হাড়ঘাৰ নাহিকে চেতন।
উফড়ি পড়িল যত ফনা মণিগণ॥৪৪০
মণিৰ প্ৰকাশে ভূমি কৰয় প্ৰকাশ।
স্থানে স্থানে দেখি যেন চন্দ্ৰৰ আভাস॥
চিন্তন্ত মাৰুতি ইতো বিধিৰ নিৰ্ম্মিত।
প্ৰাণে বধিবাক আক নোহয় উচিত॥ ৪৪১
জীৱ বিদ্যমানে তাক মাৰুতি এড়িল।
উফড়ি পড়িয়া মুখে ৰুধিৰ ছাদিল॥
এডি যোগ সাধ্য বীৰ মাৰুতি প্ৰচণ্ড।
মেঘ এড়ি বাঝ ভৈল যেহেন মাৰ্ত্তণ্ড॥ ৪৪২
হেনদেখি বাসুকীগুণয় মনে মন।
কিনো মহা বলৱন্ত বানৰ দুৰ্জ্জন॥
ময়ো আক বলে নাটো জানি আছো মনে।
তথাপি কৰিবো যুদ্ধ দেবীৰ কাৰণে॥ ৪৪৩
মায়া বলে স্ৰজিলেক মহাৰথি গণ।
ধৰি আছে শক্ৰচাপ সম শৰাসন॥
হাতে খাণ্ডা বাৰু যাঠি গদা মুদগড়।
যুদ্ধক আক্ৰান্তে ধৰি আছে নিৰন্তৰ॥৪৪৪
হস্তী ঘোড়া আসে চড়ি কতো মহাবীৰ।
ক্ৰোধে আৰকত চক্ষু কম্পাৱয় শিৰ॥
উদ্বেল সাগৰ যেন ছাপিলেক পাশ।
ধৰ ধৰ মাৰ মাৰ পাৰয় আটাস॥৪৪৫
ধনু শৰ খড্গ চৰ্ম্ম ধৰি নিৰন্তৰ।
পদাতি সকল আসি ছাপিল ওচৰ॥
বিস্ময়ে মাৰুতি চিন্তে কৈৰ সেনাগণ।
যম সম ধাই আসে মোক কি কাৰণ॥ ৪৪৬
নুহি দেৱ দৈত্য যত ৰাক্ষসৰ বল।
গন্ধৰ্ব্ব চাৰণ নাগ নহে ইসকল॥
সাগৰ সঙ্কাস সেনা দেখি ভয় ভীত।
কাহাৰ শকতি আছে আগে হৈবে স্থিত॥ ৪৪৭
হওঁ শ্ৰীৰামৰ দাস বীৰ হনুমন্ত।
নিগুটি কৰিয়া আৰ কৰিবোহোঁ অন্ত॥
হাসিয়া মাৰুতি বোলে কৈৰ সেনাগণ।
কাহাক বিৰোধি বাণী বোলা কি কাৰণ॥৪৪৮
কিবা মোকে লাগি তোমাসাৰ ক্ৰোধ মন।
স্বৰূপ কৰিয়া মোত কহিয়ো এখন॥
সেনাগণে বোলে তয় হেন কি কহস।
নজান কি তয় যতে দ্ৰোহ কৰিছস॥৪৪
ব্ৰতেশ্বৰী দেবীৰ মাৰিলি সেনাগণ।
সেহি দোষে দেবী তোক মাৰিবাক মন॥
আমাক পাঞ্চিছে তোক বধিবো নিশ্চয়।
হেন শুনি বুলিলন্ত পবন তনয॥৪৫০
শুনা সেনাগণ আবে আমাৰ বাক্যক।
তুমি সব হোৱা যেবে দেনীৰ কটক॥
ব্ৰতেশ্বৰী দেবীৰেসে পুত্ৰ ময় সাৰ।
এতেকে জানিবা সেনা তুমিয়ো আমাৰ॥৪৫১
নাহিকে প্ৰত্যয় যেবে একজন যাহা।
সত্য কি অসত্য গোসাঁনীত পুছি চাহা॥
সেনাগণে বোলে শুন বানৰ বৰ্ব্বৰ।
মাণিক্যৰ ক্ষেত্ৰে জন্ম হয় কি কাচৰ॥৪৭২
চাপ চুপ কৰ বেটা পলাইবাৰ তৰে।
খানিতেক ৰহস পথাওঁ যমঘৰে॥
মাৰুতি বোলয় আবে মোত দোষ নাই।
আত্মঘাত কৰি নাগ সেনা মৰি যাই॥ ৪৫৩
তোৰা কোন বস্তু বোল হেন প্ৰত্যুত্তৰ।
মুত্ৰ কৰি উটুৱাইবে পাৰো নিৰন্তৰ॥
হেনশুনি নাগ সেনা ক্ৰোধত জ্বলিল।
মাৰুতিক ধাৰাসাৰে শৰ বৰষিল॥ ৪৫৪
কাটন ফুটন শৰে আকাশ ব্যাপিল।
পুচ্ছ তুলি হনুমন্ত যুদ্ধক ঝাম্পিল॥
চক্ৰাকাৰ কৰি বীৰে লাঙ্গুল ভ্ৰমাই।
লাঞ্জৰ কোবত যত শৰ উড়ি যাই॥ ৪৫৫
নাগৰ সেনাক নাশ কৰে নিৰন্তৰ।
দেখি খলখলি হাসে পবন কুমৰ॥
পুনু পুনু প্ৰহাৰয় মহা ৰথীগণ।
হেন দেখি ঝাম্প কৰি পবন নন্দন॥
নাগসেনা সকলৰ মাঝত পৰিল।
লাঞ্জে পকাই দুই তিনি ৰথীক ধৰিল॥
অপৰ ৰথীক দলি হানি হানি মাৰে।
কতো ৰথীগণ মাৰে লাথিৰ প্ৰহাৰে॥ ৪৫৭
লাঞ্জ থিয় কৰি কতো সকলক ধাই।
বেহু ভাঙ্গি নাগসেনা বিভঙ্গে পলাই॥
কতো ৰথী সকলৰ লাঞ্জ টোপ কৰি।
মাথাত পুৰীষ কৰে বিক্ষেপ আচৰি॥৪৪৮
কতো ৰথী সকলক মহাবেগে ধাই।
বিবৰ্থনা ৰূপে মুত্ৰ কৰিয়া বুড়াই॥
যুথে যুথে সেনাগণ মাৰন্তেহি যাই।
দেখন্ত মাৰুতি গোটেকৰো শৱ নাই॥৩৫৯
নাগ মায়া জানি বীৰ আটাসেক দিল।
এড়ি মায়া বাসুকীয়ো ভয়ে আন্তৰিল॥
অন্তৰ্দ্ধান হুয়া নাগ আকাশক যাই।
অলক্ষিতে মাৰুতিক ধৰিল মেঢ়াই॥৪৬০
দেখন্ত মাৰুতি গাৱ গাধিৰ লাগিল।
বোলয় আৰকা নাগে মায়াসে পাতিল॥
বিষ বহ্নি সঞ্চাৰিয়া মোহোক মাৰিতে।
কৰি আছে যত্ন ইতো জানিলো নিশ্চিতে॥৪৬
পাছে যোগ সাধ্য আছৰিয়া মহাবীৰ।
বজ্ৰময় কৰিলন্ত আপোন শৰীৰ॥
হাজাৰেক মুখে নাগে কামোড় ভেজাই।
নপাৰিলে চাল ফুটাইবাক একো ঠাই॥ ৪৬২
ভাগি গৈল দন্ত সব নপান্ত উপাই।
মাৰুতিক এড়ি বীৰগৈলেক পলাই॥
হেন দেখি নাগ সৰ্পগণ নিৰন্তৰে।
লৱড়ি পলাইল গিৰি গহ্বৰ বিবৰে॥৪৬৩
যাৱত শকতি বীৰ মাৰুতি লাম্ফিল।
টল বল কৰি সবে ধৰণী লড়িল॥
বসুমতী বুলিলন্ত জানকীক চাই।
কুমাৰ ৰাখিতে মোৰ হৰাইল উপাই॥৪৬৪
জানিলো পাইলেক মোক বড়তো জঞ্জালে।
মাৰুতিয়ে পাইলে মোক নাৰাখিবে ভালে॥
পূৰ্ব্বহন্তে মোক লাগি ক্ৰোধ আছো জানি।
আমাৰ স্থানক তুমি আসিলা যৈসানি॥৪৬৫
এখন মাৰুতি যদি আসে মোৰ ঠাই।
নজানো কৰয় মোক কিমত বিলাই॥
অলপ বয়স দুই তোমাৰ তনয়।
যিবোল বুলিলা সবেখানি সত্য হয়॥৪৬৬
মাৰুতিৰ সম বীৰ একো স্থানে নাই।
বুলিলে উচিত কিছু নুহিকে বড়াই॥
মোক ৰাখিবাক আবে চিন্তিয়ো উপাই।
এহি বুলি কান্দে পড়ি বসুমতী আই॥৪৬৭
লৱকুশে বোলে মাৱ নুহিবা বিকল।
হনুমন্তে নাচৰে তোমাৰ অকুশল॥
ধৰম পুৰুষ তেঁহে ৰামত ভকত।
শক্ৰ কৰি নাহি তান ইতিনি লোকত॥৪৬৮
কিন্তু ৰাঘৱৰ দ্ৰোহী যি পুনু অধৰ্ম্ম।
তাহাৰ সম্বন্ধি জানা কালান্তক যম॥
মাৰুতিক লাগি ভয় নকৰা মনত।
তোমাক দেখিলে মাত্ৰ হৈব অবনত॥৪৬৯
লৱৰ কুশৰ বাক্যে হুয়া ভয় হীন।
অসুখে ৰহিলা দেবী বদন মলিন॥
মাৰুতিৰ ঘোৰ নাদ শুনি নাগ সৰ্প।
দশো দিশে পলাই গৈল হৰিলেক দৰ্প॥ ৪৭৩
পাছে মাৰুতিয় দ্বাৰ সমীপক যাই।
দেখিলন্ত তথাত জনেকো প্ৰাণী নাই॥
গৰ্জ্জিবে লাগিলা দুৱাৰৰ ভিতি চাই।
সবেদেৱ সাক্ষী হৈবা মোৰ দোষ নাই॥৪৭১
জগত ঈশ্বৰ ৰাম জগত কাৰণ।
ৰাৱণত ভয়ে প্ৰাৰ্থিলন্ত দেৱগণ॥
ভৈলা অবতাৰ আসি দশৰথ ঘৰে।
নবৰূপ ধৰি প্ৰভু কৌশল্যা উদৰে॥ ৪৭২
পিতৃ বাক্য পালি প্ৰভু বনত ভ্ৰমিলা।
মহন্তৰ হিত চিন্তি দুৰ্জন বধিলা॥
ধৰণীৰ ভাৰ হৰি ধৰ্ম্মপথ ৰাখি।
সম্প্ৰতি আছন্ত প্ৰভু জগতৰে সাক্ষী॥ ৪৭৩
স্বামীৰ ভাৰ্য্যাৰ যদি কন্দল লাগয়।
জানিবাহা যিতো চিৰকাল নৰহয়॥
মনুষ্যৰ ভাব দৰশায়া ৰঘুপতি।
কৰিলা কলহ লীলা জানকী সঙ্গতী॥৪৭৪
শান্ত ভৈলে কন্দলক ভাঙ্গিতে লাগয়
কেনে দুৰাচাৰী এথা আনিয়া অচৈয়॥
কৃপাময় প্ৰভু ৰাম জগতৰ পতি।
নকৰিয়া ক্ৰোধ ক্ষমি আছন্ত সম্প্ৰতি॥৪৭৫
ক্ষমিবাৰ দেখি দুৰাচাৰী পাইলি লাই।
ছলে লৱ কুশকো আনিলি পলুৱাই॥
সজ্জনৰ ইকি ধৰ্ম্ম হোৱয় উচিত।
উপায় চিন্তিয়া আছ ৰামকো মৰিত॥৪৭৬
জগতৰ আত্মা ৰাম তান দ্ৰোহ কৰি।
ব্ৰহ্মাণ্ডৰ দ্ৰোহক চিন্তিলি বসুন্ধৰী॥
সুমিত্ৰ বঞ্চক এই ক্ৰুৰমতী ৰণ্ডী।
দিবো প্ৰতিফল আজি ধৰা নাম খণ্ডি॥ ৪৭৭
যেন আন জনে নকৰৱ হেন কৰ্ম্ম।
সেহি মতে শিখাইবাক হোৱে মোৰ ধৰ্ম্ম॥
এহিতে শিকিয়া আছে দুটা নাৰী চয়।
অপথে প্ৰবৰ্ত্তে ধৰ্ম্মাধৰ্ম্ম নাচাৰয়॥৪৭৮
এহি ভাল ভৈলেতো জগতে হৈব ভাল।
আহি জান মাৰুতি তোহোৰ হৈবো কাল॥
চপৰা চপৰে আজি তোহোক খসাই।
সাগৰৰ জলে তোক পেলাইবো ভসাই॥৪৭৯
ৰাঘবৰ পুত্ৰ ভাৰ্য্যা থৈয়াছ লুকাই।
দুৱাৰ মাৰিয়া মোকো থৈলি বাহিৰায়॥
নতু ান ত্ৰৈলোক্য বিজয় হনুমন্ত।
দেখ আজি ধৰণী নামৰ কৰো অন্ত ৪৮০
নুহি ভালে ভালে দেহ পথ মুকলাই।
নুহি বজ্ৰ নখে হানি পেলাইবো খসাই॥
দোষৰ উদাস ভৈলো কহিলোহো সাৰ।
যদি পথ নেদ পাষণ্ডীৰ চিন্তো মাৰ॥ ৪৮১
শুনি পৃথিবীৰ ভয়ে হৃদয় কম্পিল।
আথে বেথে গৈয়া গোসানাত জান দিল॥
শুনা আই কথা বড় ভৈল আথান্তৰ।
দ্বাৰ মুখে ৰহিয়াছে পবন কুমাৰ।৪৮২
নাগ বীৰগণ মৰ্দ্দি কৰিলেক ছন্ন।
মোকো মাৰিবাক লাগি তাহাৰ যতন॥
সত্য কৰি আছে সিতো সবাক শুনাই।
দুৱাৰ নিদিলে মোক পেলাইবে খঁসাই॥৪৮৩
কি বুদ্ধি কৰিবো আবে কহিয়োক আই।
বুলিলন্ত ব্ৰতেশ্বৰী পৃথিবীক চাই॥
শুনা আই কহো আমি স্বৰূপ তোমাত।
মাৰুতিক প্ৰতি বুদ্ধি নাহিকে আমাত॥৪৮৪
কেনমতে কোনে তাক কৰিবে বাৰণ।
গঙ্গাক বাধিয়া ৰাখিবেক কোন জন॥
আকাশৰ বায়ু যেন বন্ধন নযাই।
অন্তকক এড়াইবাক আছে কোন ঠাই॥৪৮৫
সেইমতে মাৰুতিকো নিবাৰন্তা নাই।
দ্বাৰ মেলি দিয়ো তাক আসোক সোমাই॥
নিদিলেও দ্বাৰ কৰি আসিব আপোনে।
নাসিবি এথাক হেন বুলিবেক কোনে॥৪৮৬
যদি সিতো দ্বাৰ কৰি আপুনিয়ে আসে।
ক্ৰোধত থাকিয়া কিবা পুৰিকে বিনাশে॥
শুনি বসুমতা দেবী শীঘ্ৰে গৈলা চলি।
বজ্ৰ পাথৰৰ দ্বাৰ কৰিলা মুকলি॥৪৮৭
হেন দেখি হনুমন্ত মহা ৰঙ্গমন।
দ্বাৰৰ সমীপে যাই বুলিলা বচন॥
এবে জানো বসুমতী দেবী শুদ্ধমতি।
শ্ৰীৰামৰ পাদপদ্মে আছয় ভকতি॥৪৮৮
ধন্য ধন্য মাৱ তুমি সতীতে উত্তমা।
বিসৰি তোমাক লাগি নপাও উপমা॥
তোমাৰ কৰিতে ক্ৰোধ মোক নুযুতাই।
কিন্ত প্ৰভু ৰাঘৱৰ আজ্ঞা আছো পাই॥৪৮৯
স্বামীৰ কাৰ্য্যত যদি অকাৰ্য্য সিঝয়।
তথাপি কৰিবে যোগ্য ভৃত্যৰ হোৱয়॥
এতেকে অযোগ্য ময় বুলি আছো যত।
ক্ষমিয়োক মাৱ ময় ধৰো চৰণত॥৪৯০
ক্ষমা নাম ধৰি আছা জগতে বিদিত।
ৰোষ নকৰিয়া মাৱ হোৱা শান্ত চিত্ত॥
ত্ৰাস চাড়ি পৃথিবী ভৈলন্ত ৰঙ্গ মন।
মনত পড়িল লৱ কুশৰ বচন। ৪৯১
সাৰ্থক বুলিলা দুই ভাই সৰ্ব্বজান।
নভৈলেক কিছু ব্যথ পালোহো প্ৰমাণ।
পাছে মাৰুতিক দেবী বুলিলা বচন।
সাধু সাধু বীৰ তয় পান নন্দন॥৪৯২
সাৰ্থক অঞ্জনা গভে ভৈলি উতপতি।
ৰামৰ চৰণে যাৰ একান্ত ভকতি॥
মোহাক তঙ্কিবে লাগি তোহোৰ যুৱাই।
যি হেতু জানকী আহিআছে মোৰ ঠাই॥৪৯৩
কিন্তু অবিচাৰে মোক দোষক দিয়াহা।
হো্ৱে নোহে বাপু তুমি বিচাৰিয়া চাহা॥
যিতো পতিব্ৰতা নাৰী স্বামীত ভকত।
শুদ্ধভাবে স্বামী সেৱা কৰয় সতত॥৪৯৪
সি নাৰীত পৰে উপকাৰী নাহ্নি মোৰ।
তাসম্বা গুণে সহি থাকো ভাৰ ঘোৰ॥
মহা পতিব্ৰতা সীতা স্বামী অনুৰাগী।
ৰামক সন্তাপ দিয়া আনিবো কি লাগি॥৪৯৫
ৰাঘৱৰ ৰোষে সীতা বুলিলা বিছাট।
হওঁ যেবে পতিব্ৰতা তুমি দিযা বাট॥
মনত চিন্তিলো মই অনেক প্ৰকাৰ।
নপাইলো উপায় ময় সীতা নামিবাৰ॥ ৪৯৬
ৰাঘৱৰ স্নেহত যদ্যপি নামো ময়।
তেবে গৈল হন্তে কোন সীতাত প্ৰত্যয়॥
ৰাঘৱে কি তেবে সীতা লইবেক আৰ।
জানিলো জীৱৰ হৈবে পৰম নিকাৰ॥৪৯৭
থাকিলেও ৰাঘৱৰ নিমিলিবে সুখ।
আনিলেও ৰাঘৱৰ দুয়ো মতে দুঃখ॥
হেন সাৰ কৰি ময় আনি্লো সীতাক।
তথাপি বোলাহা কেনে আমাক দুৰ্ব্বাক॥৪৯৮
পৰম ঈশ্বৰ ৰাম হুয়া অৱতাৰ।
ধৰ্ম্মত থাকিয়া ৰামে হৰিলেক ভাৰ॥
হেন কি প্ৰভুৰ দ্ৰোহ আছৰোহো আমি।
আপুনি বিচাৰ কৰি ছাহিয়োক তুমি॥৪৯৯
মাৰুতি বোলয় মাৱ শুনা বসুমতী।
যতেক বুলিলা ইতো হোৱয় যুকতি॥
তথাপিতো কিছু দোষ আছয় তোমাত।
ধৰ্ম্মাধৰ্ম্ম সাক্ষী তুমি জগতে বিখ্যাত॥৫০০
সীতা মহা শান্তী সতী কিছু দোষ নাই।
এহিবুলি থৈবাকেসে তোমাৰ যুৱাই॥
পাত পুত্ৰ এড়ূয়াই আনিলাহো তুমি।
সিকাৰণে সকল দোষৰ ভৈলা ভূমি॥৫০১
বসুমতী বোলে শুনা পবন তনয়।
দুহিতাৰ সাক্ষী কোনে মাৱক লৱয়॥
পুত্ৰ ঝীৱ যদি দু্ষ্ট দুৰ্জ্জন হোৱয়।
কৈত শুনি আছা মা্ৱে তাহাক কহয়॥৫০২
ভালতো অধিক ভাল বুলি প্ৰশংসয়।
বালকেও জানে আক জানিবা নিশ্চয়॥
ভালকো বুলিলে তাক কোনে পতিয়াই।
এতেকেসে মোৰ সাক্ষী হৈবে নুযুয়াই॥৫০৩
মাৰুতি বোলন্ত যি বুলিলা ইতো হয়।
কোননো বৰ্ব্বৰে তব বাক্য নমানয়॥
সকলো প্ৰাণীয়ে মানিবেক তব বাক।
নমানিয়া দুৰ্জ্জনে কৰিবে কিবা কাক॥৫০৪
আকাশ চানিয়া হোৱে নক্ষত্ৰ উদয়।
এক এক চন্দ্ৰৰ প্ৰকাশ তুল্য নয়॥
এক কোকিলৰ স্বৰ সমস্ত শুনয়।
অনেক ভেকৰ ৰাৱ কোনে আদৰয়॥৫০৫
যদ্যপি ৰটিয়া ফুৰে বহুতৰ কাক।
এক ময়ুৰৰ নাদে জীনয় সবাক॥
মূঢ় সবে বোলে নানা বচন চাতুৰী।
কোন সাধু লোক আছে তাহাক আদৰি॥৫০৬
দুৰ্জনৰ বাক্যত নাহিকে কিছু ফল।
বানৰৰ মুখে কিবা ভাগে নাৰীকল॥
শৰতৰ মেঘ যেন গৰ্জ্জনেসে মাত্ৰ।
বৰষাৰ ঠানে নহে ধৰষিবে পাত্ৰ॥৫০৭
দুৰ্জনৰ বচন জানিবা সেহি প্ৰায়।
দৌলত ভৰ্চ্ছিলে কাকে কিবা নষ্ট যায়॥
হাসি বসুমতী বোলে কি বুলিলি তয়।
দুৰ্জনৰ বাক্য যেবে সজ্জনে নলয়॥৫০৮
ৰামক নুবুলি সন্ত বুলিবাহা কাক।
দুৰ্জনৰ বাক্যে কেনে তেজিলা সীতাক॥
(১১)
দুৰ্জনৰ বাণী সত্য মানি আছে যাৰা।
আমাৰ বচন কিবা মানিবেক তাৰা॥৫০৯
অনাদি ঈশ্বৰ ৰাম আত্মা সবাকাৰ।
তাঙ্ক ভাণ্ডিবাৰ শক্তি আছয় কাহাৰ॥
কাৰণেসে মৰ্ত্ত্য লিঙ্গ ধৰিছে প্ৰকটে।
তান ইচ্ছা বিনেজানা কিছুৱে নঘটে॥৫১০
নজানিসে বোলা আন জনৰ দোষক।
জানি শান্ত হোৱা বাপু তেজিয়া ৰোষক॥
শুনা সৰ্ব্বজনে ৰাম চৰিত্ৰ বিশেষ।
ইহাৰ শ্ৰবণে হৰে দুৰিত নিঃশেষ॥৫১১
কলি দোষ শোষক মোষক পাপ দাম।
দুস্তৰ তৰণী যাৰ ৰাম হেন নাম॥
বোলন্তেৱো শ্ৰম নাহি কৰ্ণৰো অমৃত।
স্মৰণ মাত্ৰকে তবে ভব জলধিত॥৫১২
লভে চাৰি পুৰুষাৰ্থ কুলকো উদ্ধৰি।
নাহিকে সংশয় দেখা শাস্ত্ৰত বিচাৰি॥
কলিযুগে নাহি গতি বিনা ৰাম নাম।
কহে ৰঘুনাথে বেঢ়ি বোলা ৰাম ৰাম॥৫১৩
দুলড়ি॥
কৰি হেন সম্ভাষণ।
বিদ্যাবিলাসিনী, পুৰত তখনি,
ভৈলা যাই উপসন্ন॥
হনুমন্ত আইল, সবে বাৰ্ত্তা পাইল,
ভয়ে ভৈল কল্পমান।
মাৰিবে শঙ্কাই, গৈলেক পলাই,
পাইলা গোসাঁনীৰ স্থান॥৫১৪
শুনা বোলো আই, মিলিল অপাই,
যিতো বীৰ হনুমান।
যত বীৰ মান, কৰিয়া নিৰ্য্যাণ,
আসি আছে ইতো স্থান॥
আমাক মাৰিব, তোমাসাকো নিব,
হেনয় চিন্তিয়া আছে।
ৰক্ষাৰ উপাই, চিন্তিয়োক আই
সুহি কি কৰিবা পাছে॥৫১৫
জানকী বোলয়, নাহি কিছু ভঙ্গ,
এস্থানে সবে ৰহিয়ো।
অসিবে এখন, পবন নন্দন,
আনন্দে সবে দেখিয়ো॥
পাছে বহুমতী, আকুলিত মতি,
মাৰুতিক দ্বাৰে থৈ।
পশিয়া ভিতৰ, বাৰ্ত নিৰন্তৰ,
কৈলা জানকীত গৈ॥৫১৬
বোলে সীতা মাৱ, শুনা কুশ লৱ
যাস মাৰুতিৰ পাস।
আসোক ইঠাই, মোৰ আজ্ঞা পাই,
নেদিবে কাহাকে ত্ৰাস॥
পাছে দুয়ো ভাই দুৱাৰক যাই
মাৰুতিক দেখিলন্ত।
মাৰুতিয়ো দেখি চল চল আখি
দুইৰো পদে পড়িলন্ত॥৫১৭
কৈতনো সোমাই আছা দুয়ো ভাই
আমাক কৰি অনাথ।
তোমাক সুমৰি আছে প্ৰাণ ধৰি
কথমপি ৰঘুনাথ॥
কিনো বজ্ৰ সৰি চিত্ত তোমাসাৰ
কাতো কিছূ দয়া নাই।
আমি ব্যাকুলিত শোকে দগ্ধ চিত্ত
ফুৰো ব্ৰক্ষাণ্ডত চাই॥৫১৮
মাৰুতিক ধৰি আস্বাসি সাদৰি
দুই ভাই তুলিলন্ত।
ভকতৰ দুখ দেখিয়া অসুখ
কান্দি কান্দি বুলিলন্ত॥
শুনা বীৰবৰ পবন কুমাৰ
সুহৃদতে তুমি সাৰ।
স্নেহে বিস্মৰিয়া থাকিবে লাগিয়া
চিত্তত নাহি আমাৰ॥৫১৯
কিন্তু চিৰদিনে মাতৃ অদৰ্শনে
হৃদয় ব্যাকুল কৰে।
পাছে বাৰ্ত্তা পাই আসিলো ইঠাই
মাতৃ দেখিবাৰ তৰে॥
আজি কালি আমি যাইবে চান্তে তুমি
আসিবে পাইলো বাৰ্ত্তাক।
আৰো নাগ সৰ্প কৰে মহা দৰ্প
তযু বল মৰ্দ্দিবাক॥৫২০
হেন অহঙ্কাৰ শুনিয়া আমাৰ
উপজিল মনে হাস।
মাৰুতি হেনয় বীৰকো জিনয়
তাসম্বাৰ কিনো সাস॥
দেৱাসুৰ নয় ভয়ে তৰ তৰ
দেখিয়া ষাৰ বিক্ৰম।
হেনয় বীৰক যুদ্ধে জিনিবাক
খোজয় নাগ অথম॥৫২১
পাতাল পুৰত মাৰুতি কিমত
নতু জানে ভালমত।
এতেকেসে নাগে নাগিনীৰ আগে
বচন বোলে মহত॥
ইথানক প্ৰতি আসোক মাৰুতি
দেখোক কেন প্ৰভাৱ।
হেন চিন্তি মনে আছোহোঁ ইখানে
নগৈয়া পিতাৰ ঠাৱ॥৫২২
আসিয়া একল মৰ্দ্দি নাগবল
আমাৰ বঢ়াইলা যশ।
আৰু এক বাক বোলোহোঁ তোমাক
সুধিৰে তাক চিন্তস॥
লব-কুশ ৰোষে মহা অসন্তোষে
জননী আছে ইঠাই।
অযোধ্যানগৰী যেবে নিতে পাৰি
তেবে বৰ কীৰ্ত্তি পাই॥৫২৩
মাৰুতি বদতি, শুনা মহামতি,
ৰামৰ ময় কিঙ্কৰ।
সীতা গোসাঁনীৰ, তোমাসাত বড়,
মোক দয়া বহুতৰ॥
যেবে হঁও ময়, পবন তনয়,
হয় যেবে দেবী সীতা।
যবে ময় তাঙ্ক, পাঁও দেখিবাক,
নিবো আত কোন চিন্তা॥৫২৪
গোসাঁনীয়ে মোক, দিয়া আছে বৰ,
যেহি বাঞ্ছো তাকে পাইবো।
নমি গোসাঁনীক ময় আৰ কিক,
অযোধ্যা নগৰী যাইবো॥
যদি দেবী মোক, কৰয় বিমুখ,
কৰো সত্য অঙ্গীকাৰ।
সভাৰ মাজত, পুড়ি অনুলত,
মৰিবো আগে তাহাৰ॥৫২৫
গোসাঁনী সীতাক, মোৰ দেখিবাক,
উত্ৰাৱল কৰে মন।
দুইহানো চৰণে, পশিলো শৰণে,
কৰায়োক দৰশন॥
মাৰুতিৰ মন, জানিয়া তেখন,
গোসাঁনী চিন্তে উপাই।
পবন কুমাৰ, পাইলে অজি মোৰ,
থাকিবাৰ শক্তি নাই॥৫২৬
মাৰুতি যেমন মোক নিচিনয়
ধৰো ৰূপ অসংখ্যাত।
মায়াবী ৰূপৰ থাকিবো ভিতৰ
বিচাৰি পাইবে কোথাত॥
হেন চিন্তি মনে ভৈলন্ত তেখনে
সহস্ৰ সহস্ৰ সীতা।
সেহি ৰূপ গুণ বয়স তৰুণ
পতিব্ৰতা সুচৰিতা॥৫২৭
ৰন্ত সিংহাসনে ধৰিছে যোগান
নাগ নাৰী চতুৰ্ভিত।
কৰে স্তুতি নতি পৰম ভকতি
সাধে বৰ যেন চিত্ত॥
হনুক বঞ্চিত ৰূপ বিপৰীত
ধৰিলা জগত আই।
লব-কুশ সঙ্গে মৰুতিয়ো ৰঙ্গে
সেহি সভা পাইলা যাই॥৫২৮
চক্ষুক শলাই হনুমন্তে চাই
দেখিলা অনেক সীতা।
নাগিনী যোগিনী প্ৰত্যেককে সেবি
বেঢ়ি আছে চতুৰ্ভিতা॥
জনক নন্দিনী সম সুৰূপিনী
মধুৰ ভাষিণী বালা।
জাতিতো পদ্মিনী কুৰঙ্গ নয়নী
মুখ নিন্দি শশীকলা॥৫২৯
লব-কুশ প্ৰতি সম্বোধি মাৰুতি
বুলিলা মৃদু কৰিয়া।
কোন দেবী গণ সীতাৰ সমান
আকাৰ আছে ধৰিয়া॥
বাৰেক আসিয়া, গৈলোহোঁ দেখিয়া,
এক মাত্ৰ দেবী সীতা।
দেবী অসংখ্যাত, দেখি আবে আত
মনে মোৰ ভৈল চিন্তা॥৫৩০
তোৰা দুই জন, মাতৃক এখন,
পৰিচয় কৰায়োক।
ধৰো চৰণত, মোহোৰ সপত,
অনুগ্ৰহ কৰা মোক॥
লৱ কুশে বোলে, অমি এত কালে,
হেন দেবী নেদেখিলো।
বঞ্চিতে আমাক, পাতিছে মায়াক,
নিশ্চয়ে আক জানিলো॥৫৩১
মাৰুতি বোলয়, এহি সত্য হয়,
ভাণ্ডিছে আমাক দেবী।
তাসম্বাৰ মাঝে, গোঁসানীক পাইবোঁ,
যেবে তাঙ্ক আছো সেবি॥
এহিবুলি বীৰ, একহি দেবীৰ,
আগত মিলিল যাই।
নমস্কাৰ কৰি, বোলন্ত সাদৰি,
দেবীৰ ভিতিক চাই॥৫৩২
নমো ভগৱতী, ৰাঘৱৰ সতী,
জনক নন্দিনী আই।
তোমাৰ সমান, দয়াবতী আন,
ইতিনি লোকত নাই॥
মহা পতিব্ৰতা, স্বামীত ভকতা,
দেখি আছো ঠাই ঠাই।
সিসব নাৰীয়ে, অন্যো অন্যে মিলি,
তোমাৰ যশক গাই॥৫৩৩
ৰাজ্য ভোগ চাড়ি, শ্ৰীৰামৰ সঙ্গে,
অৰণ্যে দুঃখ ভূঞ্জিলা॥
আপোনাৰ দুঃখ, নকৰি বিচাৰ,
ৰামকে মাত্ৰ সেবিলা॥
অভিন্ন স্বৰূপে, ৰাঘবে তোমাক,
মনত কৰিলা সাৰ।
প্ৰিয়াৰ বিচ্ছেদ, ভয়ত ৰাঘবে,
গলত নাড়িলে হাৰ॥৫৩৪
যেখানে ৰাৱণে, হৰিল তোমাক,
কহোঁ মাৱ সত্যবাক।
জল অনলক, নজানিল ৰাম,
পাসৰিল আপোনাক॥
চন্দ্ৰৰ কিৰণ, দিবাকৰ বোলে,
লক্ষাণকো নজানিলা।
সিবেলা ৰামৰ, বৃত্তান্ত দেখিয়া,
হেন নাহি নকান্দিলা॥৫৩৫
মলয় পবন, শৰীৰত লাগে,
বিষ যেন মানে তাক।
মলয় চন্দন, বহ্নিত স্ফুলিঙ্গ,
সম কৰি দহে গাক॥
মালতীৰ মালা, গাৱত লাগিলে,
সূচী সম লাগে গাই।
শীতল জলক, সিঞ্চন্তে গাৱক,
দহে অগনিৰ প্ৰাই॥৫৩৬
ৰামৰ বৃত্তান্ত, কহন্তে কান্দন্ত,
পড়িয়া বায়ু কুমাৰ।
এক দৃষ্টি কৰি, নাগিনী যোগিনী,
সবে কৰে হাহাঁ কাৰ॥
গদ গদ বাণী, পুনু হনুমন্ত,
বোলন্ত বিনয় বাক।
তোমাক খুজিতে, ৰাঘৱে যৈসানী,
পঠাই দিল আমাক॥৫৩৭
সাগৰ তৰন্তে লঙ্কাক চলন্তে
যতেক দুঃখ লভিলো।
তোমাত গৌৰবে সি সব দুঃখক
কিছু মান নগাণলো॥
লঙ্কাত তোমাক দেখি যত হৰ্ষ
বিষাদ লভিলো আই।
মিলয় মুকুতি পদতো সি দুঃখ
আনন্দ জানোহোঁ নাই॥৫৩৮
ৰাবণ বীৰৰ প্ৰভাব সুমৰি
ইন্দ্ৰৰ আজিয়ো কাম্প।
তোমাৰ নিমিত্তে সি হেন বীৰক
একেশ্বৰে দিলো ঝাম্প॥
ক্ষুদ্ৰ মৎস্য ৰঙ্কা ক্ষুধাত যেহেন
কুম্ভীৰক ঝাম্প দিল।
ইন্দ্ৰজিতে ধৰি গলে জড়ি দিয়া
ৰাজাত ভেটাইতে নিল॥৫৩৯
লাথি ভুকু কিল যত মান দিল
তাক কোনে গণিবেক।
ৰাজাত যোগাইল কাটিবাক দিল
দৈবে মোৰে লিখিলেক॥
তৈল মিসলাই কাপৰ মেহ্ৰাই
গাৱত লগাইল জুই।
আধাপোড়া কাষ্ঠ খণ্ডৰ আকাৰ
আজিয়ো আছোহোঁ হুই॥
(১২)
আৰু যত দুঃখ লঙ্কাত পাইলোঁহোঁ
তোমাত সবে বিদিত।
হেন সেৱকক বঞ্চিতে কি মাৱ
তোমাৰ হোৱে উচিত
যদি তথাপিতো চিনা নেদা মোক
বোলো দৃঢ় কৰি হিয়া।
তোমাৰ আগ সত্যে মৰিবোহো
অগণি ঝাস কৰিয়া॥৫৪১
মাৰুতিৰ বাক্য শুনিয়া দেবীৰ
সিহৰিল সৰ্ব্ব গাৱ।
মনে বোলে তাঙ্ক পুত্ৰ বুলি আছো
তাৰো মোত মাতৃ ভাব॥
ব্ৰহ্মাণ্ড মধ্যত একান্ত ভকত
ৰামৰ আউৰ নাই।
স্নেহৰ ভাজন দুঃখৰ তাৰণ
মোৰো নাহি আন ঠাই॥৫৫২
চিনা দিলে যদি আক্ৰোশ কৰয়
মোহোক নিবাক প্ৰতি।
বুলি আছো বাক তেবে নজাইবাক
উপায় নাহি সম্প্ৰতি॥
এহি চিন্তি সতী ব্যাকুলিত মতি
ৰহিলা মৌন ধৰিয়া।
হনুমন্ত বীৰে চিন্তিবে লাগিল
চিত্তক দৃঢ় কৰিয়া॥৫৪৩
যদি গোসানীক দেখা নাহি পাওঁ
কি লাগি জীবাক লাগে।
গোসানীসে মাত্ৰ আনন্দ লভোক
মৰিবো তাহান আগে॥
এহি বুলি বীৰে কাষ্ঠচয় আনি
বহল চিতা নিৰ্ম্মিল।
জ্বলিল অগণি চিতাখান চানি
আকাশ ব্যাপি উঠিল॥৫৪৪
দেবী সকলক নমস্কাৰ কৰি
মাৰুতি বোলয় বাক।
জন্মে জন্মে সাধো ৰামৰ সীতাৰ
কিঙ্কৰ ময় হৈব্যক॥
সীতা গোসাঁনীত এহি মাত্ৰ সাধো
নমাগোহোঁ আন কাম।
কহে ৰঘুনাথে নিৰন্তৰে নৰে
ডাকি বোলা ৰাম ৰাম॥৫৪৫
মাৰুতিৰ নিষ্ঠ ভাব গোৰ্সাঁনী দেখিল।
আথবেথ কৰি সিংহাসনৰ নামিল॥
পুলকিত অঙ্গ নেত্ৰে লোতক ঝৰিল।
ৰহ ৰহ বুলি আগ ভেটিয়া বহিল॥ ৫৪৬
নকৰিয়ো অগ্নি ঝাস পবন কুমাৰ।
হেন কৰ্ম্ম যোগ্য বাপু নহয় তোমাৰ॥
যি কাৰণে চিনা মই নিদিলোঁ তোমাক।
স্বৰূপ কৰিয়া কহোঁ শুনা আবে তাক॥৫৪৭
তোৰ সম উপকাৰী প্ৰিয় মোৰ নাই।
নপাওঁ অন্ত যত তোৰ গুণক বৰ্ণাই॥
তই আপদৰ বন্ধু দুঃখৰ সহাই।
তোৰ গুণ আছে মোৰ হিয়াত সোমাই॥৫৪৮
তোৰ উপকাৰে ঋণী হুয়া আছো ময়।
তেবে শুদ্ধ হও যেবে ক্ষমাকৰ তয়॥
লবতো কুশতো কৰি দয়াৰ ভাজন।
কহিবে নলাগে তাক জানে সৰ্ব্বজন॥৫৪৯
নিতে নিতে আশীৰ্ব্বাদ দিয়া থাকো ময়।
অঞ্জনাতোধিক মোক মানি আছ তয়॥
যৈসানি আসিলো ময় ইথানক লাই।
জানো তদবধি তোৰ সুখ শান্ত নাই॥ ৫৫০
মোক দেখিবাক তোৰ উত্ৰাৱল মন।
ছিদ্ৰ পাইলি আবে লব কুশৰ কাৰণ॥
তোকো দেখিবাক মোৰ বড় হাবিয়াশ।
তথাপি আনিতে তোক নপাওঁ ময় সাস॥৫৫১
আপুনি আসিয়া তয় আছ মোৰ ঠাই।
তোহোতেসে ভয়ে ময় আছিলো লুকাই॥
আত্মাঘাত কৰিবাক কৰস উদ্যোগ।
ইতো কৰ্ম্ম বাপু তোৰ নুহিকয় যোগ্য॥৫৫২
শৰীৰেসে আদি ভক্তি মুক্তি সাধিবাৰ।
শৰীৰত বিনে শ্ৰেষ্ঠ নাহিকয় আৰ॥
পুত্ৰ ভাৰ্য্যা আদি মিত্ৰ বান্ধব যতেক।
শৰীৰৰ অৰ্থে প্ৰিয় হুয়াছে প্ৰত্যেক॥৫৫৩
স্বৰ্গাদি সুখক জীবে যাৰ পদে পাই।
যাত কৰি ইট আৰ বিচাৰি নপাই॥
হেন আত্মাঘাত কৰে যিতো দুৰাচাৰ।
অধৰ্ম্ম কৰিতে কিছু নথাকিল তাৰ॥৫৫৪
সেহি শৰীৰক যিতো ৰাখে মহা শিষ্ট।
ধৰ্ম্ম সাধিবাক আৰ নৰৈল বিশিষ্ট॥
মোক অযোধ্যাক নিতে বাঞ্ছা কৰ তয়।
সাশতিক ইচ্ছা সিদ্ধি কাহাৰ আছয়॥৫৫৫
ৰামক সেবিতে দদা আছিলেক সতি।
তথাপি মিলিল ঘোৰ হেনসে দুৰ্গতি॥
বিশেষত দেখ ইতো অনিত্য সংসাৰ
সুহৃদ বান্ধৱ যত পুত্ৰ পৰিবাৰ॥৫১৬
কাৰ কোন ইষ্ট মিত্ৰ পিতৃ মাতৃ ভাই।
কালৰ বেগত সবে হয় এক ঠাই॥
যেন তৃণ কাষ্ঠ য় নদীৰ বেগত।
সংযোগ হোৱয় আসি একই স্থানত॥৫৫৭
ক্ষণেকতে অন্তৰে জলৰ বেগ পাই
সেহিমতে কালে পুনু জীবক চলাই॥
কোন জন সংসাৰত একত্ৰে আছয়।
বিচাৰ কৰিয় তাক নেদেখোহো ময়॥৫৫৮
বলেবা বুদ্ধিয়ে মন্ত্ৰৌষধাদি কৌশলে
কালক বাৰণ কৰা নাযাই কেবলে॥
যদি বোল সিতে কাল আছে কোন ঠাই।
কি কাৰণে কৰে সিতো এমত অন্যাই॥ ৫৫৫৯
সবে হন্তে মিলিয়া তাহাক বেঢ়ি ধৰো
প্ৰাণী হত্যা কৰি তাৰ প্ৰতিকাৰ কৰো॥
বিচাৰিবে তাঙ্ক নলাগয় আন ঠাই।
চিনন্তা সকলে জানা সমাপতে পাই॥৫৬৭
অন্তৰ্য্যামী ৰূপে আছে ব্যাপিয়া জগত।
তাঙ্কে শক্ৰ মিত্ৰ আদি বোলে নানামত॥
আৰ হাতে তাঙ্ক তাৰ হাতে আঙ্ক মাৰে।
এতেকেসে তাঙ্ক কেহো চিনিতে নপাৰে॥৫৬১
সবেও সবাৰ কাল জানিবা নিশ্চয়।
অন্তৰ্য্যামী কালেসে সবাকে চলাৱয়॥
এতেকেসে কাল বুলি জানিবা জগত।
কালৰ স্বৰূপ কোনে কহিবে শকত॥৫৬২
নাহি আদি অন্ত মধ্য অচিন্ত্য শকতি।
কাৰো শক্ৰ মিত্ৰ নহে ভকতৰ গতি॥
অন্তকৰো অন্তক সবাৰো নষ্ট হেতু।
ভকতৰ প্ৰিয় অভক্তৰ ধুমকেতু॥৫৬৩
যি কালত অধৰ্ম্মৰ হোৱয় উদয়।
দুৰ্জন সকলে বেদ পথ নিৰোধয়॥
সিকালত কালে প্ৰকটিত কৰে কায়া।
নানা লীলা তনু ধৰে বিস্তাৰিয়া মায়া॥৫৬৪
ইদানিকো কালে আছে অবতাৰ ধৰি।
জগতকে মোহি আছে নৰ নাট্য কৰি॥
যাহাক শ্ৰীৰাম বুলি জগতে কহয়।
তেহেসে কালৰো কাল জানিবা নিশ্চয়॥৫৬৫
তেহে কাল প্ৰভু কৰে যাক যেন ইচ্ছা।
বলে বা উপায়ে কোনে কৰে তাক মিছা।
শ্ৰীৰামৰ চেষ্টাকেসে সবে বোলে কাল।
বলীৰ মাজত বলী জানিবা বিশাল॥৫৬৬
তাহাক এড়াইতে আছে কাহাৰ শকতি।
যাবত নকৰে প্ৰভু ৰামত ভকতি॥
হৃদয় ভাঙ্গিয়া তোত কহিলো প্ৰকটে।
তান ইচ্ছা বিনে বাপু একোৱে নঘটে॥ ৫৬৭
মোহোতে প্ৰমাণ আৰ কি কৈবো আনৰ।
তান সেবাকেসে বাঞ্ছা আছিল বিস্তৰ॥
তাহান চৰণ ময় সেবিলো যিমত।
তয় ভালে জান আনে নজানে সাম্প্ৰত॥৫৬৮
ভস্মত হুনিলে যেন নিষ্ফল প্ৰয়াস।
সেহিমতে মোৰ বাঞ্ছা সবে ভৈল নাশ॥
তান ইচ্ছা মাত্ৰ বাপু দেখা ভৈল সাৰ।
তভু বাঞ্ছা কৰা তুমি আমাক নিবাৰ॥৫৬৯
মোক তেজি ৰামে ব্ৰহ্মচৰ্য্য ব্ৰত ধৰি।
কালে প্ৰবৰ্ত্তায়া আছে নানা যজ্ঞ কৰি॥
হেন কি ৰামৰ কাছে মোক নিতে চাহা।
নিমাইবাৰ বহ্নি তুমি কিসক জ্বালাহা॥৫৭৭
হেনয় বোলন্তে মৰ্ম্মে চানিলেক গাৱ।
কান্দিলা ৰামক স্মৰি স্মৰি নানা ভাৱ॥
মাৰুতি বদতি মাৱ নকৰিবা ক্ৰোধ।
কি কহিবো ময় তুমি আপুনি সুবোধ॥৫৭১
যতেক কহিলা মানে সবে সত্য বাক।
কিন্তু বিচাৰত তুমি ভাণ্ডিছা আমাক॥
যদি ৰাম কাল তুমি কালী জানো সাৰ।
আমাত কহিবে মাতৃ নলাগয় আৰ॥৫৭২
যিসব কহিলা ময় নমানিলো সাৰ।
শুনা আবে কহোঁ মাতৃ বেদৰ বিচাৰ॥
যাহাক সেবিয়া কৰে পুৰুষ উদ্ধাৰ।
পাৱে বৈকুণ্ঠক হুয়া সংসাৰৰ পাৰ॥৫৭৩
আছোক তাহান সেবা যাৰ নাম গাই।
চণ্ডাল পৰ্য্যন্ত সংসাৰৰ পাৰ পাই॥
যাৰ ৰাম হেন নাম অকস্মাত স্মৰি।
কালৰ এড়াই হাত ভববন্ধ তৰি॥৫৭৪
যম কাল মৃত্যুৰ এড়াই সিতো ভাগ।
হেন ৰাম পদে যাৰ প্ৰেম অনুৰাগ॥
হেন কি তোমাক কালে কৰে অনুৰোধ।
বেদ পুৰাণত ইতো বচন বিৰোধ॥ ৫৬৫
যেহি কি নোহোক- তাত নাহি প্ৰয়োজন।
বিষেশ প্ৰাৰ্থনা মোৰ কৰিয়ো শ্ৰবণ॥
পুৰ্ব্বে বৰ দিষা আছা সবাৰে আগত।
সিদ্ধি হৈবে লাগি মোৰ ষেহি অভিমত॥৫৭৬
মোৰ বাঞ্ছা সিদ্ধি যদি কৰিতে লাগয়।
পুত্ৰ সমে চলা তেবে ৰামৰ আলয়॥
যদি মোক প্ৰতি দয়া ছাড়িলা এখন।
তেবেতো জীবন ময় ধৰো অকাৰণ॥ ৫৭৭
মাৰ্কতিয়ে আনিবেক জানকী গোসাঁনী।
হেন ৰঙ্গ মনে প্ৰজা আজে সভা চানি॥
আবে যদি যাওঁ মই কুমাৰক ল’ই।
ৰামৰ সভাত তেবে কি কৰিবোঁ গাই॥ ৫৭৮
নৰ নাৰী মোহেকি হাসিবে মুখ চাই।
আমাৰ মাজত ফুৰে মুনিস বোলাই॥
গৰ্ব্ব ভাঙ্গিলেক জানো নাগগণে পাই।
কুমৰকো জানো আনিয়াছে পলুৱাই॥৫৭৯
জানকীৰ আক লাগি কিছু দয়া নাই।
নুহি কিয় মানিলেক গোঁসানিক পাই॥
ইতো দুৰ্ষশত কৰি মৰণেসে ভাল।
মাতৃ হুয়া তুলিয়ো মোহোৰ ভৈলা কাল॥৫৮০
সত্য কৰি কহোঁ মাৱ তোমাৰ আগত।
জীবোঁ বা মৰিবো আজি নিশ্চয় মনত॥
হেন শুনি লব কুশে বুলিলা বচন।
আমাৰো নিশ্চয় শুনা পবন নন্দন॥৫৮১
ৰাঘৱৰ প্ৰিয় নাহি তোমাত অপৰ।
আত্মাতো অধিক মানি আছে ৰঘুবৰ॥
তুমি দেখো প্ৰতিজ্ঞা কৰিয়া আছা বড়।
আবে জানো অনৰ্থ ঘটিবে বহুতৰ॥৫৮২
সীতা গোঁসানীকো জানো নিবে নপাৰিবা।
প্ৰতিজ্ঞাত থাকি জানো তুমিয়ো মৰিবা॥
তোমাৰ মৰণ শুনিবেক ৰঘুবীৰ।
অবশ্যে মৰিবে আত দৈব্যে বাধা নায়॥ ৫৮৩
মাতৃও মৰিবে শুনি ৰামৰ মৰণ।
আমাৰ জীবনে তেবে কোন প্ৰয়োজন॥
তোমাৰ লগতে অগনিত ঝাঁপ কৰি।
সবে এক স্থান হৈবো যমৰ নগৰী॥৫৮৪
জানকী বোলন্ত মোৰ এ মন্দ কপালে।
কুবৃত্ত বিধিয়ে জানো লিখিল কপালে॥
দুঃথৰ উপৰে দুঃখ আবাৰ মিলিল।
বিশিষ্ট জনাৰ পৰা অনৰ্থ ঘটিল॥৫৮৫
শুন লৱ কুশ বাপু শুন হনুমান।
মোক তোৰা নিয়া যেবে ৰাঘৱৰ স্থান॥
নপাইবা সন্তোষ কেহো জানিবাহা সাৰ।
তুমি সবে মোকে মাত্ৰ দুঃখ দিবা আৰ॥২৮৬
ৰাম সমে আছে মোৰ বিয়োগ নিকাৰ।
তাক খণ্ডাইবাক আছে শকতি কাহাৰ॥
এতেকেসে বোলো মোক ক্ষমা কৰিয়োক।
দুঃখৰ উপৰি দুঃখ নেদিবাহা মোক॥৫৮৭
মাৰুতি বোলয় হেন বোলা কেনে আই।
তোমাক নিৰ্ব্বন্ধ কৰিবাক নুযুয়াই॥
অযোধ্যা যাইবাক প্ৰতি প্ৰাথি আছো মাত্ৰ।
মেৰু পৰ্ব্বতক কোনে উভাৰিবে পাত্ৰ॥৫৮৮
তোমাকেসে ক্ষমা হয় আমাক উচিত।
দাসৰ স্বামীক ক্ষমা শুনিতে কুৎসিত॥
এতেকেসে বোলো মাতৃ মাথাক ক্ষমিয়ো।
যাইবা কি নযাইবা তাৰ নিশ্চয় কহিয়ো॥৫৮৯
সীতা বোলে বায়ুসুত শুনিযো বচন।
ভাল তই শ্ৰীৰামক কৰিছ সেবন॥
দুস্ত্যজ প্ৰাণৰে আশা এড়িয়া সম্প্ৰদু।
চিন্তি আছি মাত্ৰ তই ৰাঘবৰ প্ৰীতি॥৫৯০
ৰামৰ পাশক এতিক্ষণে চল তয়।
পাছতে যাইবোহোঁ মই নাহিকে সংশয়॥
যি পথে আসিলো মই সি পথে চলিবোঁ।
ৰামক প্ৰণামি পুনু ইথানে আসিবোঁ॥৫৯১
মাৰুতি বোলয় ইতো বচন তোমাৰ।
পাথৰৰ ৰেখা হেন জানি আছোঁ সাৰ॥
এতেকে থাকোক লৱ কুশো তব সঙ্গে।
একে লগে তিনি হন্তে যাইবা মনৰঙ্গে॥ ৫৯২
যেহি দিনা ময় অযোধ্যাক পাঁও যাই।
সেহি দিনা তোমাক দেখিবে লাগে আই॥
জানকী বোলন্ত ময় তোহোৰ পাছত।
সেহি দিনা সভা মাঝে হৈবোঁহো বেকত॥৫৯৩
বুলিলোঁ নিশ্চয়ে আত শঙ্কা নকৰিয়ো।
দিলোহোঁ বিদায় তুমি এখনে চলিয়ো॥
শুনি মাকাতৰ ভৈল হৰিৰ মনত।
পড়ি প্ৰণামিলা গোঁসানীৰ চৰণত॥২৯৪
কৰযোড়ে হনুমন্তে বুলিলন্ত বাক।
জন্মে জন্মে মাৱ দাস নেড়িবা আমাক॥
শ্ৰীৰামৰ দাস্যেৰত হোক মোৰ কায়া।
মুহিবাক নপাৰোক মোক তান মায়া॥ ৫৯৫
( ১৩ )
এহিবুলি মহাবীৰ পবন নন্দন।
লব কুশ দুই ভাইক কৰিলা বন্দন॥
বসুমতী দেবীকে পড়িয়া মিলান্ত।
কৃতাঞ্জলি নৱ হুয়া বীৰে বুলিলন্ত॥৫৯৬
শুনা মাৱ ৰামৰ আজ্ঞাত আসিছিলো।
তোমাক অযোগ্য ৰাণী বিস্তৰ বুলিলো॥
ইদোষ ক্ষমিবে যোগ্য হোৱয় তোমাৰ।
যিহেতু জননী তুমি আমি সবাকাৰ॥৫৯৭
বালকে মাতৃৰ যদি অপৰাধ কৰে।
কৈসানি জননী তাৰ অপৰাধ ধৰে॥
পৃথিবী বদতি বাপু কিছু দোষ নাই।
বিলম্ব নকৰি চল শ্ৰীৰামৰ ঠাই॥৫৯৮
তোহোৰ স্বভাবে মোক কৰিলে সন্তোষ।
তোক যিটো স্মৰে তাৰো নধাৰৱোঁ দোষ॥
সপুত্ৰে সীতাক পাছে প্ৰদক্ষিণ কৰি।
অয্যোধাত যাইতে মনে মহাবীৰ হৰি॥৫৯৯
পাছ ভৰি লম্ভিলা লোভক ভৈল বাঝ।
মাৰুতিৰ ভক্তি দেখি দেবীৰ সমাজ॥
ভৈলন্ত বিস্ময় সবে তবধ নয়ন।
মাৰুতিক বুজিলন্ত প্ৰশংসা বচন॥৬০০
ধন্য ধন্য বীৰ হেন বায়ুৰ নন্দন।
ইমত ভকতি বাৰ দেবীৰ চৰণ॥
ইতিনি ভুবনে যাৰ সম বীৰ নাই।
গোঁসানীক বন্য কৈল বাহাৰ সেবাই॥৬০১
তাহান মহিমা যশ কোনে পাৱে অন্ত।
সাধু সাধু বীৰ শিৰোমণি হনুমন্ত॥
যাৱে চন্দ্ৰ দিবাকৰ কীৰিতি ৰছিল।
এহিমতে সভাসদে প্ৰশংসা বুলিল॥৬০২
পুনু পুনু নমি হনু দেবীৰ সমাজ।
নিমিষেক ভৈলা পুৰী দুৱাৰ বাঝ॥
মাৰুতিক দেখি নাগ সৰ্পে ভয় পাই।
লৱড়ি পলাইল যবে পাছক নচাই॥৬০৩
সিসবক নিৰ্ভয় বোলন্ত বীৰেচাই।
যেহি যেহি সব ভয়াতুৰ প্ৰাণী পাই॥
সিসবেও দেশে দেশে যশস্যা খুষিল।
সাতো পাতালৰ লোকে শুনি তৰুলিল॥৬০৪
পবন সঞ্চাৰে পাছে পবন কুমাৰ।
অস্তাচল গিৰিত ভৈলন্ত পয়োদৰ॥
শকতিৰ বাৰ্ত্তা জানিবাক ৰঘুপতি।
পঠাইল অঙ্গৰ সমে নীল সেনাপতি॥৬০৫
তথায়ে পাইলন্ত লাগ পবন কুমান।
অঙ্গদে পুছিলা তান্ত যত সমাচাৰ॥
মাৰুতি বোলয় বাপু শুনা যুবৰাজ।
সেনাপতি সমে যাহা ৰামৰ সমাজ॥৬০৬
নোক লাগি জানো সবে চিন্তাকুল মতি।
খেদ কৰি আছে জানো প্ৰভু ৰঘুপতি॥
খোচাড়ি প্ৰভু থাকন্তোক ৰঙ্গমনে।
নকৰিবে চিন্তা কিছু সূৰ্য্যৰ নন্দনে॥৬০৭
সৰ্ব্ব সুমঙ্গল কাৰ্য্য ৰামৰ কৃপাত।
পুত্ৰ সমে গোঁসানিক দেখাবোঁ সভাত॥
কতিপয় দিনে ময় পাইবোঁ সেহি ঠাই।
এখণে চলিয়ো বিলম্বত কাৰ্য্য নাই॥৬০৮
শুনি যুবৰাজ নীল সমে চলি গৈলা।
শ্ৰীৰামৰ সভা মাঝে উপস্থিত ভৈলা॥
দণ্ডৱতে শ্ৰীৰামক কৰি নমস্কাৰ।
কৃতাঞ্জলি বুলিলন্ত বালীৰ কুমাৰ॥৬০৯.
শুনা প্ৰভু মাৰুতিৰ বাৰ্ত্তা সুমঙ্গল।
গোঁসানী সহিতে আসি আছে মহাবল॥
লব কুশ কুমৰকো আনি আছে সঙ্গে।
মাতৃৰ লগত আছিলেক দুয়ো ৰঙ্গে॥৬১০
শুনি সমজ্যাৰ মহা উৎসব মিলিল।
মৃতকৰ মুখে যেন অমৃত পড়িল॥
বোলে সবে সাধু সাধু বীৰ বায়ুসুত।
কৰিলা দুস্কৰ কৰ্ম্ম কিনো অদভুত॥৬১১
দেৱতা বৰ্গেও যাক নপাৰে সাধিত।
হেনকি কৰ্ম্মক আনে পাৰয় কৰিত॥
জগত ঈশ্বৰ ৰাম যদ্যপি হোৱয়।
সীতাৰ বিয়োগ দুঃখ তভো পায়াছয়॥৬১২
অদ্ভুত-মহিমা কিনো শ্ৰীৰাম দাসৰ।
কীৰিতি ৰহিল যাবে চন্দ্ৰ দিবাকৰ॥
চিৰঞ্জীব হৌক বাপু বায়ুৰ কুমাৰ।
কিনো আনন্দক দিলা হৃদয়ে আমাৰ॥৬১৩
সীতা আসিবাৰ বাওঁ সৰ্ব্বজনে পাইল।
আনন্দে আকুল হুয়া সমজ্যাক আইল॥
পুৰিল বিদিশ দিন প্ৰজাৰ আৰাৱে।
পথত ঘাহান্তে কতো বস্ত্ৰ পিন্ধে গাৱে॥৬১৪
বিপৰ্য্যয় কৰি পিন্ধে বস্ত্ৰ অলঙ্কৰ।
গৃহকৰ্ম্ম সকলো কৰিয়া পৰিহাৰ॥
লৱড়ন্তে চলে অন্যোঅন্যে গেড়িয়াই।
শীঘ্ৰ কি আইল কৈত অহা বাপা ভাই॥৬১৫
পেসী মাসী ননন্দিনী আইন শীঘ্ৰ কৰি।
জানকী গোসাঁনী আসে দেখোঁ নেত্ৰ ভৰি॥
পুহাইল ৰজনী ভৈল সুদিন উদয়।
গোসাঁনীৰ বিয়োগে দুঃখৰ ভৈল ক্ষয়॥ ৬১৬
যিতো শান্তী সবে গৃহ বাজক নযাই।
সিসবেও কৌতূহলে লৱড়িয়া যাই॥
খোড়া কণা সবে শুনি হেনয় বৃত্তান্ত।
যাইবাক লাগিয়া একো উপায় নপান্ত॥ ৬১৭
গৃহতে থাকিয়া সিতো সবে গেড়িয়াই।
মোক লৈয়া যায়ো বাপ ককা খুড়া ভাই॥
তাসম্বাৰ কথাক নুশুনে কেহোঁজন।
অযোধ্যানগৰী ভৈলা উত্ৰাৱল মন॥৬১৮
খেড়াক নিকটে অন্ধ কহে হেন বাক।
জানকী গোসাঁনী শুনো আসিবে সভাক॥
দুয়ো মিলি হেন বুদ্ধি কৰোহোঁ এখন।
মোহোৰ কান্ধত তুমি কৰা আৰোহণ॥৬১৯
তোমাৰ নয়ন হৈব মোহোৰ চৰণ।
এহিসে উপায়ে বাঞ্ছা হৈবেক পুৰণ॥
পঙ্গুত পঞ্চাশ বুদ্ধি অন্ধকত শত।
উভয় বুদ্ধিত সিদ্ধি কৈল অভিমত॥৬২০
অন্ধকৰ কান্ধে চড়ি পঙ্গুৱা চলয়।
এহিমতে পাইলা যাই ৰামৰ আলয়॥
নাহি হেন কোন প্ৰাণী গৃহত বহিল।
অযোধ্যানগৰ সব প্ৰজায়ে ভৰিল॥ ৬২১
আকাশ চানিল আসি দে বৰ বিমানে।
নানা বিধ দেৱ বাদ্য বাজে স্থানে স্থানে॥
পাছে মাৰুতিয়ো যাই সভাত মিলিল।
শ্ৰীৰামৰ চৰণত পড়ি প্ৰণামিল॥৬২২
শ্ৰীৰামে বোলন্ত উঠ পবন কুমাৰ।
তোক দেখি চিত্ত আবে জুড়াইল আমাৰ॥
কিবা ভাল মন্দ মোত কহিয়ো সত্বৰ।
মাৰুতি বোলয় প্ৰভু শুনা ৰঘুবৰ॥ ৬২৩
তুমি যাতে তুষত তাৰ কিবা অকুশল।
যৈকে যাই তৈতে তাৰ মহা সুমঙ্গল॥
তোমাৰ কৃপাত সাতো বিবৰ চড়াই।
প্ৰথমতে যমপুৰ প্ৰবেশিলোঁ যাই॥৬২৪
গোসাঁনীৰ উদ্দেশ নপাইলো কিছু তাত।
পাছে প্ৰবেশিলো যাই অনন্ত সভাত॥
অনন্তৰ আজ্ঞা পাই বিচাৰিলো তথা।
ব্ৰতেশ্বৰী গেদীৰ নকৈ কেহো কথা॥৬২৫
জলে স্থলে সেহি সেহি ৰূপে বিচাৰিলো।
তাতো গোসাঁনীৰ কিছু বাৰ্ত্তা নলভিলো॥
পাতালত প্ৰবেশিলো সৰ্পৰ নিলয়।
কোনোজনে গোসাঁনীত বাৰ্ত্তা নকহয়॥৬২৬
ৰসাতল বিবৰতো পশিলোহোঁ পাছে।
নিবাত কবচ দৈত্যগণ তৈত আছে॥
সেহি ৰূপে সেহি ভাৰ্য্যা ধৰিয়া তথাই।
মহাতলে বিচাৰিলোঁ বাৰ্ত্তাক নপাই॥৬২৭
নাগৰ নিলয় বিষ জানায়ে ব্যাপিত।
কাহাৰ শকতি সিতো স্থানে প্ৰবেশিত॥
পৰম সুন্দৰী প্ৰায়ে নাগিনী সকল।
পূৰ্ণচন্দ্ৰ সম দেখি বদন মণ্ডল॥৬২৮
ৰূপে গুণে অপসৰাগণ তাছে জিনি।
ফণীতেসে মাত্ৰ নাগকন্যা ফেন চিনি॥
দশ বাৰ বৎসৰৰ কন্যাগণ যত।
উৰ্দ্ধগতি কৰি যায় ধৰি দৃঢ় ব্ৰত॥৬২৯
তাসম্বাত পুছিলোহোঁ অবনত কাই।
তুমি সব ব্ৰত ধৰি কৈক যাহা আই॥
কন্যাগণে বোলে যাইবো গোসাঁনীৰ পাণে।
আপোনাৰ ইচ্ছা বৰ সাধিবাক আশে॥৬৩০
অসংখ্যাত দেবী সব আছে ঠাই ঠাই।
কতে সিদ্ধি পাই কতোঁ সবে নাহি পাই॥
সিথানতো ভালমতে চাৰিয়া চাইলোঁ।
একোমতে জানকীৰ বাৰ্ত্তাক নপাইলো॥৬৩১
তলাতল সুতলতো বিচাৰি নপাই।
তাৰ উৰ্দ্ধে বিতলত প্ৰবেশিলোঁ যাই॥
অসংখ্যাত দেবী আছে সবে চতুৰ্ভিতা।
মনত চিন্তিলো এথা আছে দেবী সীতা॥৬৩২
একহি দেবীৰ যাই দ্বাৰত ৰহিলো।
দ্বাৰীৰ আগত মই বহুত কান্দিলো॥
দ্বাৰীয়ে শুধিলে কি কাৰণে কান্দা আই।
মই বোলো মোৰ কথা শুনিয়ো আতাই॥৬৩৩
বৰ সাধিৰাক লাগি আসিছো ইঠাই।
মোৰ সম দুৰ্ভাগিনী কোন স্থানে নাই॥
যৈকে যাওঁ তৈতে লোকে নেদে কেহো দ্বাৰ।
এতেকসে কান্দো কত ভুঞ্জিয়া নিকাৰ॥৬৩৪
অনুগ্ৰহ কৰা মোক অভ্যন্তৰে যাওঁ।
তোমাৰ কৃপাত কিবা বাঞ্ছা সিদ্ধি পাও॥
দ্বাৰী বোলে চাপি আইস বহিবো নিশ্চয়।
ইসবক সেবি একো ফল নপাৱয়॥৬৩৫
নিশ্চয়ে আসিছ যদি সাধিবাক বৰ।
তেবে চলি যাস তয় অতল বিবৰ॥
ব্ৰতেশ্বৰী নামে তাত আছে এক দেবী।
যেই যিবা বাঞ্ছা তাক পায় তাঙ্ক সেবি॥৬৩৬॥
শুনি তৈৰপৰা মই কৰিয়া সত্বৰ।
উৰ্দ্ধগতি কৰি পাইলোঁ অতল বিবৰ॥
এক বৃদ্ধা নাৰী পুছিলেক মোক চাই।
কৈৰ কন্যা কিবা হেতু আসিছ ইঠাই॥৬৩৭॥
মই বোলো স্বৰূপ কহিলো শুনা আই।
সীতা নামে দেবীক ফুৰোহোঁ মই চাই॥
প্ৰাণ সখা মোৰ স্নেহে মাতৃতো গাৰষ্ট।
তাহাঙ্কে বিচাৰো নাহি অপৰ বিশিষ্ট॥৬৩৮॥
গৃহস্থিনী বোলে মই পাৰো কহিবাক।
সীতাৰ দোহাই দিয়া কৈতে দিছে হাক॥
দেবীত সাধিতে বৰ ঝীৱ খানি গৈল।
দ্বাৰক নিবদ্ধ কৈল ভিতৰতে ৰৈল॥৬৩৯॥
দুনাই সুধিলো মই সি নাৰীক চাই।
কি কাৰণে দ্বাৰ বদ্ধ কৰিলেক আই॥
গৃহস্থিনী বোলে শুন কহোঁ গোপ্য কৰি।
হনুমন্ত নামে শুনো আছে এক হৰি॥৬৪০॥
মহাবলি ত্ৰিভুৱন বিজয়ী প্ৰচণ্ড।
একেশ্বৰে লঙ্কাক কৰিলা ৰণ্ড ভণ্ড॥
তাৰ অবিদিত নাই ইতিনি ভুবন।
অবাধিত গতি সিতো পবন নন্দন॥৬৪১॥
সীতা বিচাৰিতে তেহোঁ আসিছে ইঠাই।
তাৰ ভয়ে সীতা দেবী আছয় লুকাই॥
মই বোলো তেহোঁ মোৰ সখী নাহি হয়।
যাৰ কথা কহা তুমি তাঙ্কে জানো ময়॥ ৬৪২॥
বিদেহ নন্দিনী তেহেঁ জানিবা নিশ্চয়।
ধনু ভাঙ্গি ৰামচন্দ্ৰে বিহা কৰিচয়॥
স্বামীত কৰিয়া ৰোষ আসিছে ইঠাই।
মোহোৰ সখীৰ পুত্ৰ ঝীব কিছু নাই॥ ৬৪৩॥
যাক বোলে হনুমন্ত তাৰো জানো কথা।
বজ্ৰনেমী ৰাক্ষসে মাৰিলে পাই এথা॥
গৃহস্থিনি বোলে মিছা তোহোৰ বচন।
তাহাঙ্ক মাৰন্তা নাই ইতিনি ভুবন॥৬৪৪॥
যদি সত্য কহি আছ দেখায়ে প্ৰমাণ।
শীঘ্ৰ কৰি চল মৰি আছে কোন স্থান॥
মই বেলো আত কিছু নাহকে সংশয়।
নুহিকে বিদূৰ চুল দেখাইবো প্ৰত্যয়॥৬৪৫॥
শুনিয়া অনেক প্ৰজা তেখনে লড়িল।
আগ ভৈলো মই সবে পাছত চলিল॥
মোৰ মায়া ৰূপক দেখিলে সবে যাই।
বসুমতী দেবীও প্ৰত্যয় গৈল চাই॥৬৪৬॥
আনন্দত হুয়া পাছে দ্বাৰক মেলিল।
পূৰ্ব্ববত আয়াযাত সবেও কৰিল॥
মই শীঘ্ৰ গৈয়া পাইলোঁ দ্বাৰৰ ওচৰ।
কন্যাগণ সহিতে পশিলো অভ্যন্তৰ॥৬৪৭॥
বিদ্যাবিলাসিনী পুৰী অতি বিতোপন।
বৰাহ বিষ্ণুৰ সিতেী ক্ৰীড়াৰ ভুবন॥
অধে উৰ্দ্ধে ডাঠ হয় পঞ্চ হাজাৰৰ।
মধ্যত প্ৰকাশে দিব্য পুৰী মনোহৰ॥৬৪৮॥
সবাৰে অগম্য সিতে আছিল পূৰ্ব্বত।
আবে বাক্ত ভৈল গোসাঁনীৰ প্ৰসাদত॥
সাতো পাতালৰ লোকে বৰ সাধে যাই।
দেবীৰ প্ৰসাদে সবে বাঞ্ছা সিদ্ধি পাই॥৬৪৯॥
গোসাঁনীক দেখি ৰোমাঞ্চিত ভৈল গাৱ।
অলক্ষিত বেগে পড়ি প্ৰণামিলো পাৱ॥
কৰিলো বিস্তৰ স্তুতি গুণক বৰ্ণাই।
তুষ্ট হুয় বুলিলেক ব্ৰতেশ্বৰী আই॥৬৮৭॥
সত্যে বোলো তোৰ যেহি বাঞ্ছা সেহি হোক।
বৰ দিয়া তেতিক্ষণে বাহিৰাইল মোক॥
লৱ কুশ দুই ভাই স্তুতিতে জানিল।
সঙ্কেত কৰিয়া জানো দেবীত কহিল॥৬৫১॥
পাছে গোসানীৰ বাক্যে দ্বাৰ নিৰোধিল।
নাগৰাজাগণ বাহিৰত ৰক্ষা দিল॥
অহঙ্কাৰ কৰি নাগগণে বেলে বাক।
কৈৰ হনুমন্ত কোনে দেখাইবে আমাক॥৬৫২॥
বানৰ সহিতে যুদ্ধ অতি বৰ লাজ।
শুনিয়া হাসিব যত নাগিনী সমাজ॥
হেন শুনি মোৰ যদি উপজিল ক্ৰোধ।
কপি বেশ ধৰি তভো বুলিবো প্ৰবোধ॥৬৫৩॥
ক্ৰুৰ সৰ্প জাতি আৰো বোলয় দুৰ্ব্বাক।
কোটি ব্ৰহ্মাণ্ডৰ পতি নগণে তোমাক॥
হেন দেখি মোৰ বড় উপজিল ৰাগ।
লাঞ্জৰ প্ৰহাৰে ভঙ্গাইলোহো যত নাগ॥৬৫৪॥
নানা বিকৰ্থনা কৰি বলক মৰ্দ্দিলো।
ব্ৰহ্ম সৃষ্টি জানি তাক প্ৰাণে নবধিলো॥
বীৰৰ দ্বাৰৰ সমীপক পাছে যাই।
অনেক গৰ্জিলো বসুমতীক শুনাই॥৬৫৫॥
( ১৪ )
ভয়ে বসুমতী আসি মোক দেখা দিল।
বুলি প্ৰিয় বাণী দ্বাৰ মুকুত কৰিল॥
মাতৃৰ আদেশে লৱ কুশ আসি ভৈল।
দুইহন্তে আশ্বাস কৰি মোক লৈয়া গৈল॥৬৫৬॥
মহাৰঙ্গে যাই পাছে সভাত পশিলো।
গোসাঁনীৰ সম দেবী বিস্তৰ দেখিলো॥
মোহোক কিঞ্চিতে দেবী কপট কৰিল।
গোসাঁনীক নেদেখিলা চেতন হৰিল॥৬৭৭॥
ময়ো শৰীৰক প্ৰতি এড়িলোহে আশ।
অগনি জালিলো কৰিবাক লাগি ঝাস॥
দেখিয়া গোসাঁনী পাছে মোক দেখা দিলা।
সুমধুৰ বাক্যে দেবী মোহোক বুলিলা॥৬৫৮॥
মই বোলো মাতা যদি উচিত বুলিছা।
বিচাৰি চাহিলে তুমি মোকেসে ভাণ্ডিছা॥
সত্য কৰি বাঞ্ছিত বৰক দিয়া আছা৷
অযোধ্যাক যাইবা তুমি এহি মোৰ বাঞ্ছা॥৬৫৯॥
অন্য ইচ্ছা নাহি মোৰ কহিলো সভাত।
অন্যথা অগ্নিত পড়ি মৰিবোঁ সাক্ষাত॥
জীবোঁবা মৰিবোঁ আজি কৈলোঁ সত্য বাক।
যাইবা কি নযাইবা মাৰ কহিয়ো আমাক॥৬৬০॥
মোহোৰ সত্যৰ আজি দেখাওঁ প্ৰমাণ।
ঝাণ্ট কৰি মাতা মাক দিয়ো সমিধান॥
গোসাঁনী বুলিল শুন পবন তনয়।
ভালে শ্ৰী ৰামৰ পদ সেৰি আছ তয়॥ ৬৬১
প্ৰাণকো উৎসৰ্গি চিন্তা যাবৰ হিত।
তোহোৰ সমান ভক্ত নাহি পৃথিবীত॥
লৱকুশ সমে তুমি অযোধ্যাক যাহা।
সেহিস্থানে সবেও মোহোক দেখিবাহা॥৬৬২
মনত শঙ্কিয়া লৱকুশকো নানিলোঁ।
গোসাঁনীৰ সঙ্গে থৈই একলে আসিলোঁ॥
মাৰুতি কহিলা কথা প্ৰপঞ্চিয়া যত।
বিস্ময় আনন্দ শুনি সবাৰো মনত॥৬৬৩
সেহি বেলা বাসন্তিক পবন বহিল।
সবাৰো মনত নহা আনন্দ জন্মিল॥
ৰামৰ সভাত দিব্য পুষ্প বৃষ্টি ভৈল।
মন্দ মন্দ পয়োধৰে গাৰ্জিবাক লৈল॥৬৬৪
সভা চাৰি গিড় গিড় শবদ বাজিল
ঠাৎকাৰ শব্দ কৰি ধৰণী ফাটিল॥
ৰত্নময় বিমানেক বঝাইলেক পাছে।
দ্বীতিয় মাৰ্তণ্ড যেন প্ৰকাশন্ত আছে॥৬৬৫
অদ্ভুত বিমান উপমাৰ নাহি ঠাই।
অসংখ্যাত নাগনাৰী গীত বাদ্য বাই।
বিমানৰ মাঝে দিব্যৰত্ম সিংহাসন।
প্ৰকাশন্তে আছে তাত মহা ৰত্নগণ॥৬৬৬
লব-কুশ সমে তাত আছে দেবী সীতা।
যোগানে আছয় নাগনাৰী চতুৰ্ভিতা।
মেঘ ফড়ি বাঝ ভৈল যেন দিবাকৰ
দেখিলেক পাছে সভাসদ নিৰন্তৰ॥৬৬৭
কৰে জয় জয় ধ্বনি আনন্দে ভৰিল।
আকাশ চানিয়া দেবে পুষ্প বৰষিল॥
বিদুৰৰ হন্তে সীতা স্বামীক দেখিল।
দগ্ধ শৰীৰত যেন অমৃত পৰিল॥৬৬৮
ৰোমাঞ্চিত তনু নেত্ৰে লোতক ঝবয়।
আনন্দ সাগৰে মজি প্ৰফুল্ল হৃদয়॥
পাছে সীতা দেবী সিংহাসনৰ নামিল।
পুত্ৰ সমে গৈয়া ৰাম চন্দ্ৰক নমিল॥৬৬৯
বুলিল বিনয় বাণী শুনা প্ৰাণ স্বামী।
কতবা জন্মত দুঃখ সাঞ্চি আছো আমি॥
সিকাৰণে তুমি হেন স্বামী হৰুয়াই।
পাতাল পুৰত দুষ্ট দৈবে দিলে ঠাই॥৬৭০
তোমাৰ যশস্যা গুণ শুনিবাক প্ৰতি।
কুবৃত্ত বিধাতা ঐত নিদিল বসতি॥
তথাপিতো সত্য কহেঁ শুনা প্ৰভু স্বামী।
পাতালতো তোমাকেসে চিন্তি আছো আমি॥৬৭১
তোমাৰ চৰণ দুই হৃদয়ত ধৰি।
সদায় বঞ্চিবো হেন আছো আশা কৰি॥
ধৰ্ম্মক স্থাপিতে তুমি ভৈলা অবতাৰ।
দুৰ্জনক বিনাশি হৰিলা ভূমিভাৰ॥৬৭২
অমিত্য বিষয় সুখ লোকত-দেখাই।
তেজিলা মোহোক জনা অপবাদ পাই॥
ধৰিবাহা ব্ৰহ্মচাৰ্য্য অতি কট ব্ৰত।
তোমাৰ ব্ৰতৰ মই ভৈলো অনুগত॥ ৬৭৩
তুমি আমি ভুঞ্জিবাক বিষয়ৰ ভোগ।
ইতো অবতাৰত নোহোত আৰ যোগ॥
শঙ্কৰৰ ব্ৰত যদি তুমি কৰা নাশ।
অধৰ্ম্ম আছৰি লোক হৈবেক বিনাশ॥৬৭৪
শ্ৰেষ্ঠ জনে যদি বেদ পাঠ অনাদৰে।
তাকে শ্ৰেষ্ঠ ধৰ্ম্ম বুলি ইতৰে আচৰে॥
বাস্তৱত তুমি সৰ্ব্ব গত সৰ্ব্ব স্বামী।
তোমাৰ উদৰে বাস কৰি আছো আমি॥৬৭৫
কুৎচিত বিষয় সুখে পশুযেসে ৰতি।
তোমাৰ ভৃত্ত্যৰো তত নাহকয় মতি॥
তুমাক ব্ৰহ্মৰ শিকাত হেৰালত।
মনুষ্যৰ নাট্য মাত্ৰ কৰাই সাক্ষাত॥৬৭৬
আমাৰ তোমাৰ কিঞ্চিতেক নাহি ভেদ।
লোক প্ৰৰ্বত্তায় তথাপিতো কৰা খেদ॥
দ্বাপৰ যুগৰ অন্তে কলৰ আদিত।
হৈবা অৱতাৰ তুমি জগত তাৰিত॥৬৭৭
বাসুদেব নাম হৈব লোকত প্ৰখ্যাত।
ৰাধা নামে ময়ো গোকুলত হৈবেঁ জাত॥
কংসভয় ঢুলে তুমি গোকুলক যাইবা।
তথাতে মোহোক প্ৰভু ভাৰ্য্যা কৰি পাইবা॥
মিছা অপবাদে দুঃখ দিয়া আছা এথা।
পৰপূৰ্ব্বা মোক তেবে ভাৰ্য্য পাইবা তথা॥
দুৰ্জ্জনে তোমাৰ সিতো দুৰ্ঘণ কৰিব।
কিন্তু তাক গাই লোকে সংসাৰ তৰিব॥৬৭৯
তুমি মাত্ৰ অযশ পাইবাহা হেন নয়।
মোহোৰ দুৰ্শশ হৈব জানিবা নিশ্চয়॥
দুইৰো দুইত অতিশয় প্ৰীতিক বঢ়াইবা।
এহি বাসনাতে থাকি পুনু হৰুৱাইবা॥ ৬৮০
যিতো যাক যেনমত কষ্টক দিৱয়।
দিতো সেহি কষ্ট জন্মান্তৰত লভয়॥
যদ্য প ঈশ্বৰ তুমি জগত কাৰণ।
তথাপিতো তুমি হৈবা দুৰ্যশ ভাজন॥৫৮১
পুনুঅংশে জন্মিবোহো ভাষ্মক আগাৰে।
তেবে সুৰসতি হৈব তোমাৰে আমাৰে॥
ৰাঘৱৰ চিত্ত লক্ষি পুনুহোঁ গোসাঁনী।
পতিব্ৰতা ধৰ্ম্মে থাকি বুলিলন্ত বাণী ॥৬৮২
য়াৱে তুমি থাকা দাশৰথী বাদ ধৰি।
দিনে একবাৰে মই যাইবো সেৱা কৰি॥
নিত্যক্রিয়া শেষ তুমি কৰা যেতিক্ষণ।
আমিও আসিয়া সেৱা কৰিবো তেখন॥৬৮৩
তুমি লৱকুশ দুই পবন নন্দন ।
চাৰিত বিনাই নেদেখিব অন্যজন॥
বাস্তৱতে তোমাৰ আমাৰ ভিন্ন নাই।
কেৱল কৰাহা খেদ লোকক দেখাই॥৬৮৪
শুনিয়া সন্তুষ্ট ভৈল ৰাঘৱৰ মন।
জয় জয় ঘুষিলন্ত সভাসদ গণ॥
প্রদক্ষিণে ৰামক কৰিলা নমস্কাৰ।
ৰত্নময় বিমানত ভৈল পয়োসাধৰ॥৬৮৫
বিদুৎ আকাৰ হুই পাতালক গৈল।
পুনৰপি ভূমিখান পুৰ্ব্বৱত ভৈল॥
স্বপনৰ নিধি যেন জাগিলে নপাই।
সীতাতো দৰ্শন জানা ভৈল সোহ প্ৰাই॥৬৮৬
হাহাকাৰ কৰে সবে অন্যো অন্যে চাই।
সপোন কি সচেত প্ৰজাৰ শ্ৰুত নাই॥
সিদিনাৰ হন্তে পূৰ্ণকাম প্ৰভু ৰাম।
বিৰহ দুঃখৰ কিছু পাইলা উপশাম॥৬৮৭
অলক্ষিত ৰূপে সীতা গোসানী আসয়।
দিনে দিনে শ্ৰীৰামৰ চৰণ সেবয়॥
ইতো কথা এহিমানে সমাপতি ভৈল।
মাৰ্কণ্ডেয় ঋষি যুধিষ্ঠিৰ আগে কৈল॥৬৮৮
শুনা সভাসদ ইতো ৰামৰ চৰিত্ৰ।
এহিসে কৰিবে ঘোৰ পাপত পবিত্ৰ॥
ভাঙ্গিলে ধৰ্ম্মৰ কলি চাৰিও চৰণ।
ৰামৰ নামত ৰৈল পশিয়া শৰণ॥৬৮৯
ৰাম গুণ নাম যিতো জনে ফুৰে গাই।
সমস্তে ধৰ্ম্মৰ ফল সিতো জনে পাই॥
অজ্ঞানীৰ বাক্যত প্ৰমাণ কোন যাই।
লভিবা প্ৰমাণ গীতা ভাগৱত চাই॥৬৯০
তাক নমানিবে আৰ কোননো বৰ্ব্বৰ।
বিতণ্ডা বাদীত পৰে জানা সাৰতৰ॥
কুতৰ্কীৰ তৰ্কাদে তেজিয়া আদৰ।
ৰাম নাম লৈয়া তৰা সংসাৰ দুস্তৰ॥ ৬৯১
দেখা মৰি গৈল কত জন ৰাজ্য কৰি।
তুমি সব থাকিবাহা জানা কি নমৰি॥
কাত গহ কৰি আছা প্ৰমত্তৰ নয়।
শেহি স্থিতি কোন দিনা আন্তকে ধৰয়॥ ৬৯২
নাহিকে তাৰন্তা বোৰ অন্তকৰ পৰা।
কোনো জন নাহি জানা অন্তকত বৰা॥
যাৰ নাম শুনি কালো কম্পে তৰতৰি।
তাহাতে শৰণ লৈয়া থাকা ৰঙ্গ কৰি॥ ৬৯৩
কৰযোৰে বোলো শুনা সভাসদ লোক।
পদত দুষণ দেখি নতঙ্কিবা মোক॥
ব্যাসৰ কবিতা আৰ অৰ্থ গুৰুতৰ।
তাত অধিকাৰ কিবা আছয় মুৰ্খৰ॥ ৬৯৪
হৰি গুৰু চৰণক ধৰি হৃদয়ত।
ৰচিলো পয়াৰ যেন বুঝিলোঁ মনত॥
প্ৰস্তাব বুঝিয়া কাব্যৰস দিলো যিবা।
আবিচাৰে তাত নিন্দাবাণী নুবুলিবা॥ ৬৯৫
ব্যাস বাল্মীকিও বুঝি কথাৰ প্ৰসঙ্গ।
ঠাই ঠাই কাব্যৰস দেন্ত কৰি ৰঙ্গ॥
যদি নিন্দা বোলা তাত মোৰ নাহি ৰুট।
নিন্দা বুলি তুমি সব হৰা মাত্ৰ তুষ্ট॥ ৬৯৬
তোমাসাৰ স্বাৰ্থহানি মোৰ পাপ নষ্ট।
ইহাক নজানে যিতো সিসে পাৱে কষ্ট॥
অযত্নত যদি বা স্বাৰ্থৰ সিদ্ধি হয়।
তাতে দুৰিতৰ যদি মিলয় প্ৰলয়॥ ৬৯৭
তাত নিন্দা বুলি কোম ক্ৰুৰ মন্দমতি।
উপকাৰ নজানিয়া যাইবে অধোগতি॥
ইকথ চাড়িলো আৰ শুনা বুদ্ধ লোক।
মহামূঢ় জানি দোষ ক্ষমিবাহা মোক॥ ৬৯৮
কৃষ্ণৰ কিঙ্কৰ বড়ভক্ত বংশে জাত।
অল্লমতি ৰঘুনাথ নামত বিখ্যাত॥
অদ্ভুত কাণ্ডৰ কথা অতি মনোহৰ।
তাৰ পদ নি তুষ্ট হোৱা নিৰন্তৰ॥ ৬৯৯
নমো নমো ৰাম ভকতৰ ভয় হৰ।
ইবাৰ কৰুণাময় ভব দুৰ কৰ॥
শুনি আছো তযু নাম পতিত পাৱন
তাৰিবা বুলিয়া মঁয়ো পশিলো শৰণ॥ ৭০০
আজামিল বিপ্ৰক তাৰিলা সত্য হয়।
মোৰ মনে প্ৰভু তাতো সংশয় আছয়॥
ব্ৰাহ্মণ তনুয়ে পুণ্য বিশেষ সঞ্চিল
সেহি পণ্য হন্তে নাম মুখত আসিল॥৭০১
সমস্তে পাপত তৰি মুকুতি লাভলা
পতিত পাৱন নাম এতেকে ধৰিলা॥
জন্মে জন্মে আছো ময় মহাপাপ কৰি
এতেকে মুখত মোৰ নাসে ৰাম হৰি ৭০২
তোমাৰ চৰণে আবে পশিলো শৰণ।
পৰীক্ষিয়ো মোত নাম পতিত পাৱন॥
নকৰি উপেক্ষা মোক দাস বুলি ধৰা।
দুৰ্ঘোৰ সংসাৰময় দুঃখ দুৰ কৰা॥৭০৩
তুমি কৃপাময় হৰি জগতে বিখ্যাত।
এতেকে ভৰসা মই কৰিছো তোমাক॥
হে কৃপাময় কৃষ্ণ দয়াময় হৰি।
হেন কৃপা কৰা মাগো চৰণত ধৰি॥৭০৪
অহন্নি শি মুখে ৰৌক তযু গুণ নাম।
সজ্জনৰ সঙ্গ নচাৰোঁক অবিশ্ৰম॥
এহি মানে সাধো নমাগোঁহেঁ আন কাম।
কহে ৰঘুনাথে সবেবোলা ৰাম ৰাম॥৭০৫॥*॥