পৃষ্ঠা:অসমীয়া অদ্ভুত ৰামায়ণ.djvu/৫১

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৪৯
অদ্ভুত ৰামায়ণ ৷

শক্ৰঘণ ভৰত কুমৰ শুভনয়।
কৌশল্যাদি শাশু সব কুশলে আছয়॥
কিবা শাশু সবে ভাল বুলি প্ৰশংসয়।
কিবা মোক তাৰা সবে অসুয় কৰয়॥১৮৫
সুগ্ৰীৱ মাৰুতি আদি যত কপিচয়।
প্ৰসঙ্গত তেসম্বে কি মোক সুমৰয়॥
কিনতে সুস্বামী মোৰ ভোজন কৰন্ত।
কেনমতে নিদ্ৰা যান্ত কিমতে বৈসন্ত॥১৮৬
কিৰূপে কৰন্ত বেশ কিবোল বোলন্ত।
কিবা কোন কাৰ্য্যত মোহোক সুমৰন্ত॥
কিবা মন সুখে ৰামে ৰাজ্যক কৰন্ত।
মোক তেজি কিবা প্ৰভূ সন্তোষে আছন্ত॥১৮৭
কিবা ভাল মন্দ কহে লোকৰ আগত।
স্বৰূপ কৰিয়া মোত কহিয়ো সমস্ত॥
হাঁহাঁ অভাগিনী ময় কিদোষ কৰিলো।
ৰাম হেন স্বামীক সেবিতে নপাৰিলো॥১৮৮
কোন কালে কোন জন্মে ৰাম হেন স্বামী।
ইতিনি ভুবনে সেবিবাক পাইলো আমি॥
কিনো নিদাৰুণ বিধি কপট দুৰ্জ্জয়।
প্ৰিয়ৰ বিয়োগ অপ্ৰিয়ৰ সঙ্গ হয়॥১৮৯

( ৫ )