পৃষ্ঠা:অসমীয়া অদ্ভুত ৰামায়ণ.djvu/১৬০

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৫৮
অদ্ভুত ৰামায়ণ।


ভয়ে বসুমতী আসি মোক দেখা দিল।
বুলি প্ৰিয় বাণী দ্বাৰ মুকুত কৰিল॥
মাতৃৰ আদেশে লৱ কুশ আসি ভৈল।
দুইহন্তে আশ্বাস কৰি মোক লৈয়া গৈল॥৬৫৬॥
মহাৰঙ্গে যাই পাছে সভাত পশিলো।
গোসাঁ‌নীৰ সম দেবী বিস্তৰ দেখিলো॥
মোহোক কিঞ্চিতে দেবী কপট কৰিল।
গোসাঁ‌নীক নেদেখিলা চেতন হৰিল॥৬৭৭॥
ময়ো শৰীৰক প্ৰতি এড়িলোহে আশ।
অগনি জালিলো কৰিবাক লাগি ঝাস॥
দেখিয়া গোসাঁ‌নী পাছে মোক দেখা দিলা।
সুমধুৰ বাক্যে দেবী মোহোক বুলিলা॥৬৫৮॥
মই বোলো মাতা যদি উচিত বুলিছা।
বিচাৰি চাহিলে তুমি মোকেসে ভাণ্ডিছা॥
সত্য কৰি বাঞ্ছিত বৰক দিয়া আছা৷
অযোধ্যাক যাইবা তুমি এহি মোৰ বাঞ্ছা॥৬৫৯॥
অন্য ইচ্ছা নাহি মোৰ কহিলো সভাত।
অন্যথা অগ্নিত পড়ি মৰিবোঁ‌ সাক্ষাত॥
জীবোঁ‌বা মৰিবোঁ‌ আজি কৈলোঁ সত্য বাক।
যাইবা কি নযাইবা মাৰ কহিয়ো আমাক॥৬৬০॥