পৃষ্ঠা:অসমীয়া অদ্ভুত ৰামায়ণ.djvu/১৬৯

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৬৭
অদ্ভুত ৰামায়ণ।

আজামিল বিপ্ৰক তাৰিলা সত্য হয়।
মোৰ মনে প্ৰভু তাতো সংশয় আছয়॥
ব্ৰাহ্মণ তনুয়ে পুণ্য বিশেষ সঞ্চিল
সেহি পণ্য হন্তে নাম মুখত আসিল॥৭০১
সমস্তে পাপত তৰি মুকুতি লাভলা
পতিত পাৱন নাম এতেকে ধৰিলা॥
জন্মে জন্মে আছো ময় মহাপাপ কৰি
এতেকে মুখত মোৰ নাসে ৰাম হৰি ৭০২
তোমাৰ চৰণে আবে পশিলো শৰণ।
পৰীক্ষিয়ো মোত নাম পতিত পাৱন॥
নকৰি উপেক্ষা মোক দাস বুলি ধৰা।
দুৰ্ঘোৰ সংসাৰময় দুঃখ দুৰ কৰা॥৭০৩
তুমি কৃপাময় হৰি জগতে বিখ্যাত।
এতেকে ভৰসা মই কৰিছো তোমাক॥
হে কৃপাময় কৃষ্ণ দয়াময় হৰি।
হেন কৃপা কৰা মাগো চৰণত ধৰি॥৭০৪
অহন্নি শি মুখে ৰৌক তযু গুণ নাম।
সজ্জনৰ সঙ্গ নচাৰোঁক অবিশ্ৰম॥
এহি মানে সাধো নমাগোঁহেঁ আন কাম।
কহে ৰঘুনাথে সবেবোলা ৰাম ৰাম॥৭০৫॥*॥