পৃষ্ঠা:অসমীয়া অদ্ভুত ৰামায়ণ.djvu/২২

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২০
অদ্ভুত ৰামায়ণ ৷

জনক নৃপতি, চিন্তাকুল মতি,
 ইতো কন্যা দিবোঁ কাক।
ঈশ্বৰ ইচ্ছায়, শুনিলা তথায়;
 দিব্য অশৰীৰি বাক॥
মহেশ্বৰ চাপ, অতুল প্ৰভাপ,
 ভাঙ্গিবে যিতো পাৰয়।
তাকে কণ্যা দিবা, চিন্তা নকৰিবা,
 বুলিলোঁ বাক্য নিশ্চয়॥৭৯
শুনি মাতামহ, পাইয়া উৎসাহ,
 পাতিলেক স্বয়ম্বৰ
আসি মিথিলাত, ভৈল উপগত,
 সাতলক্ষ নৃপবৰ॥
যজ্ঞ ৰাখিবাক, লাগিয়া ৰামক,
 বিশ্বামিত্ৰে খুজি নিলা
যজ্ঞ ৰাখি ৰামে, ভ্ৰাতৃ ঋষিসমে,
 আনন্দে গৈলা মিথিলা॥৮০
যত ৰাজা ৰাশি, মহা গৰ্ব্বে বসি,
 আছে আড়ম্বৰ কৰি।
ৰামে হাস্য কৰি, হেলে ধনু ধৰি,
 ভাঙ্গিলন্ত লীলা কৰি॥