পৃষ্ঠা:অসমীয়া অদ্ভুত ৰামায়ণ.djvu/৫০

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৪৮
অদ্ভুত ৰামায়ণ ৷

হেন থেলা গোঁসানীয়ে দেখিলন্ত চাই।
পুত্ৰ দুইক লৈয়া আসে বসুমতী আই॥
হৰিষে উজ্জ্বল মুখ উল্লসিত গাৱ।
আসনৰ পৰা উঠিলন্ত জগত মাৱ॥১৮০
আঙ্কোৱালি ধৰিলন্ত পুত্ৰ দুইৰ গলে।
কান্দিলন্ত হুমহুমি পৰম বিকলে॥
নয়নৰ জলে ভিজাইলন্ত দুইৰো গাৱ।
লব-কুশো নমিলা মাতৃৰ দুই পাৱ॥১৮১
চৰণত ধৰি দুয়ো ফোকাৰি ফোকাৰি।
ৰহিলন্ত দুয়ো কিছু বুলিতে নপাৰি॥
আনন্দ সিন্ধুৰ জলে কণ্ঠক ব্যাপিল।
চক্ষু নাক-মুখ ঢাকি বহিবে লাগিল॥১৮২
গোঁসানীৰ দুই পদ দুবায়া বহিল।
দুয়ো পুত্ৰ ধৰি তুলিবাক নপাৰিল॥
গোঁসানী বোলয় উঠা উঠা দুই বাপ।
তোমা দুইক দেখিলোঁ খণ্ডিল হৃদি তাপ॥
কুশলে আছিলা পিতৃ সবক সাদৰি৷
কিবা দয়া কৰে শাশু সবে মোক স্মৰি॥
স্বামীৰ কুশল বাপ কহিয়ো সত্বৰ।
সুখে কি আচন্তু মোৰ লক্ষ্মণ দেৱৰ॥১৮৪