পৃষ্ঠা:অসমীয়া অদ্ভুত ৰামায়ণ.djvu/৭৬

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৭৪
অদ্ভুত ৰামায়ণ ৷

সিদ্ধেশ্বৰী যোগেশ্বৰী সৰ্ব্বেশ্বৰী শ্যামা।
ভুবন ঈশ্বৰী ভূতেশ্বৰী দেবী বামা॥৩০৮
প্ৰমথ ঈশ্বৰী শক্তিশ্বৰী লোকেশ্বৰী।
জনেশ্বৰী ত্ৰিলোক ঈশ্বৰী উগ্ৰেশ্বৰী॥
হেন কোটি সংখ্যা দেবী আছে সেহি ঠাই।
পাইলো পাইলো বুলি মাৰুতিয়ে ফুৰেচাই॥৩০৯
মন পবনৰ বেগে যাক সম নুই।
ফুৰন্ত মাৰুতি অতি ব্যাকুলিত হুই।
সৰ্বোত্তমা দেবীৰ পাইলন্ত দৌল পাছে।
অসংখ্য যোগিনী সবে উপাসন্তে আছে॥ ৩১০
দ্বাৰত বসিয়া বীৰে পুছন্ত দ্বাৰিত।
আসি আছো ময় বৰ সাধিতে দেবীত॥
দ্বাৰি বোলে কোঠেৰ যোগিনী নাহি শুন৷
ইদানিক এসবাত কিছু নাহি গুণ॥৩১১
ব্ৰতেশ্বৰী নামে দেবী পৃথিবী নন্দিনী।
আবিৰ্ভাব হুয়া আছে অতি বিচক্ষণী॥
বেশ্যা নাৰী পুৰুষৰ তেহে দৃশ্য নুই।
শুদ্ধ ভাবে যেহি বাঞ্ছে সেহি সিদ্ধি হুই॥৩১২
পুজিবাক লাগে ফল পুষ্পদিয়া মাত্ৰ৷
এহি সব দেবী পূজা খাইবাৰেসে পাত্ৰ॥