পৃষ্ঠা:অসমীয়া অদ্ভুত ৰামায়ণ.djvu/৭১

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৬৯
অদ্ভুত ৰামায়ণ ৷

সত্য লোক পাই ব্ৰহ্মা দেবত পুছিল।
সাবশেষে ব্ৰহ্মা সবে বৃত্তান্ত কহিল॥২৮৩
হনুমন্ত বীৰবৰ মহা মায়াশীল।
কুমাৰক বিচাৰিতে পাতালে পশিল॥
আবে যোহ যোগ্য হয় আজ্ঞা দিবেলাগে।
পাছে যেন হৌক আমাসাৰ কৰ্ম্ম ভাগে॥২৮৪
জানকী বোলন্ত নাগৰাজ চলি যাহা।
যত নাগ বীৰ মানে সবাকে আনাহা॥
দৈত্য দানৱৰ মুখ্য বাৰ মানে।
অস্ত্ৰ শস্ত্ৰ ধৰিয় ৰহেক সাবধানে॥২৮৫
দ্বাৰবন্ধ কৰি সবে দ্বাৰ মুখে ৰৈব
কেহোঁ জনে কাতো মোৰ বাৰ্ত্তাক নকৈব॥
আনকেসে লাগি আছে উপায় প্ৰচুৰ
মাৰুতিৰ প্ৰতি মোৰ বুদ্ধি হৈলদুৰ॥২৮৬
গুপুতে থাকিবো আন নাহিকে উপায়
বুলিলন্ত পাছে দেবী পৃথিবীক চায়॥
শুনা মাতৃ হুয়া আছে যেন বিসঙ্গতি
শ্ৰীৰামৰ দূত আসি আছয় মাৰুতি॥ ২৮৭
নোহোক পুত্ৰক যদি পাই এহি ঠায়।
কিমতে ৰাখিবা তাৰ নেদেখোঁ উপায়॥