পৃষ্ঠা:অসমীয়া অদ্ভুত ৰামায়ণ.djvu/৭৪

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৭২
অদ্ভুত ৰামায়ণ ৷

মাঝে মাঝে মনুষ্যত তাড়ে স্বৰ্গে যাই৷
অম্ৰাৱতী চমকৰে লুড়ি পুড়ি খাই৷ ২৯৮
সিসবৰ মাঝে বীৰ সেহি ৰূপ ধৰি৷
সেহি ভাষা বুলি ফুৰে বিত বিত কৰি॥
ভূমি ৰূপ ধৰি পাছে ভূমিত পশিলা৷
পৃথিৱীৰ মানে চতুৰ্ভিতি বিচাৰিলা॥২৯৯
নপাই উদ্দেশ তাতো ঊৰ্দ্ধ গতি কৰি৷
মহাতল নগৰত পশিলন্ত লৰি॥
বড় বড় নাগ আছে প্ৰচণ্ড প্ৰভাৱ।
চলে উৰস্থলে কাৰো নাহি হাত পাৱ॥৩০০
কতো দশ কতো কুড়ি কতে সহস্ৰেক।
তুলি আছে মুখ বিষ বঝাই অতিৰেক॥
যতেক নাগিনী নাৰী সবো সেহিনয়।
সিসবৰো মুখে বিষ বহ্ণি সঞ্চৰয়॥৩৩১
কতো নাগ নাৰী সব মনুষ্যৰ নয়।
পূৰ্ণচন্দ্ৰ বদনী কঠিন স্তনচয়॥
ৰূপে গুণে বিদ্যাধৰী সবো নোহে সৰি৷
জাতিত পাদ্মিনী সবে সৰ্ব্বাঙ্গে সিন্দৰী॥৩০২
কিন্তু এক ফণা আছে মাথাৰ উপৰে।
ফণামণি সবে অতিশয় শোভা কৰে॥