পৃষ্ঠা:অসমীয়া অদ্ভুত ৰামায়ণ.djvu/৪৬

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
88
অদ্ভুত ৰামায়ণ ।

উপমাৰ নাহি স্থান ইতিনি ভুৱন।
সাক্ষাতে দেখিয়া যেন কৌশল্যা নন্দন।
নাগিনী সৰ্পিনী দানবিনী বালা চয়।
ৰূপে গুণে বিদ্যাধৰী সবো সম নয়॥ ১৬০
স্বামী সাধিবাক যাই জানকীৰ ঠাই।
উভতি ৰহিল লব কুশ দুইক চাই॥
অন্যে অন্যে বেলে ইতো কৈৰ শিশু দুই।
ইতিনি ভুবনে জানো হেন ৰূপনাই॥ ১৬১
হেন ৰূপ কৰি কোন বিধাতা স্ৰজিল।
কোননো সুবৰ্ণকুক্ষী গৰ্ভত ধৰিল॥
স্ৰটাতে চতুৰ যিটো বিধাতাৰ মাঝে।
তেঁহেঁ নিৰ্ম্মিআছে যাক দেখি স্মৰ লাজে॥ ১৬২
কৈৰ পৰা ইথানত হৈ আছে প্ৰবেশ।
নাদেখি নাশুনি হেন মূৰুতি বিশেষ॥
কোন নো বিধাতা দিব আঙ্ক স্বামী কৰি।
কোন সুলক্ষণী পাইব তপস্যা আচৰি॥ ১৬
কি কৰি থাকিবে পাইবোঁ চাহি আন মুখ।
আন্ত বিনে কিলাগি লাগয় স্বৰ্গ সুখ॥
নযাইবোঁ গৃহক আৰু বন্ধু বান্ধৱৰ।
এহে দুইক সেবা কৰি থাকো নিৰন্তৰ॥ ১৬