পৃষ্ঠা:অসমীয়া অদ্ভুত ৰামায়ণ.djvu/১৪৮

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৪৬
অদ্ভুত ৰামায়ণ।


এহিবুলি মহাবীৰ পবন নন্দন।
লব কুশ দুই ভাইক কৰিলা বন্দন॥
বসুমতী দেবীকে পড়িয়া মিলান্ত।
কৃতাঞ্জলি নৱ হুয়া বীৰে বুলিলন্ত॥৫৯৬
শুনা মাৱ ৰামৰ আজ্ঞাত আসিছিলো।
তোমাক অযোগ্য ৰাণী বিস্তৰ বুলিলো॥
ইদোষ ক্ষমিবে যোগ্য হোৱয় তোমাৰ।
যিহেতু জননী তুমি আমি সবাকাৰ॥৫৯৭
বালকে মাতৃৰ যদি অপৰাধ কৰে।
কৈসানি জননী তাৰ অপৰাধ ধৰে॥
পৃথিবী বদতি বাপু কিছু দোষ নাই।
বিলম্ব নকৰি চল শ্ৰীৰামৰ ঠাই॥৫৯৮
তোহোৰ স্বভাবে মোক কৰিলে সন্তোষ।
তোক যিটো স্মৰে তাৰো নধাৰৱোঁ‌ দোষ॥
সপুত্ৰে সীতাক পাছে প্ৰদক্ষিণ কৰি।
অয্যোধাত যাইতে মনে মহাবীৰ হৰি॥৫৯৯
পাছ ভৰি লম্ভিলা লোভক ভৈল বাঝ।
মাৰুতিৰ ভক্তি দেখি দেবীৰ সমাজ॥
ভৈলন্ত বিস্ময় সবে তবধ নয়ন।
মাৰুতিক বুজিলন্ত প্ৰশংসা বচন॥৬০০