পৃষ্ঠা:অসমীয়া অদ্ভুত ৰামায়ণ.djvu/৮৮

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৮৬
অদ্ভুত ৰামায়ণ।

আন্দোলিত চিত্ত, হুয়া মহাসতী,
বহিলন্ত কষ্টমন।
মায় ৰূপী কপি, তাবে কতোক্ষণে,
পাওঁ দেবী দৰশন॥
অলক্ষিতে এই, নাৰীবেশে মই,
স্ত্ৰীগণ সবে যাইবো।
অন্যথা দেবীৰ, বিচাৰ কৰিয়া,
দৰ্শন মই নপাইবো॥৩৪৫
হেনয় নিশ্চয়, কৰিয়া মাৰুতি,
নাৰীগণ সমে যাই।
উৰ্দ্ধগতি কৰি, দেবীৰ নগৰ,
দ্বাৰত ৰহিলা পাই॥
দেবীৰ আদেশ, বুলি দ্বাৰ পালে,
ৰাখিলা বাধি সবাক।
যাক আজ্ঞা হয়, তাক এড়ি দেয়,
নেড়ৈ আজ্ঞা নাসে ঘাক॥৩৪৬
মাৰুতি বোলয়, কেনমতে ময়,
পশিবোহো অভ্যন্তৰ।
দুৱাৰিক যাই, কাতৰ কৰোহো,
এড়ে কি নেড়ে দ্বাৰৰ॥