পৃষ্ঠা:অসমীয়া অদ্ভুত ৰামায়ণ.djvu/৪৪

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৪২
অদ্ভুত ৰামায়ণ ।

যোগ সাধ্য বলে দুইকো নিবো এতিক্ষণ।
সাৱধানে চক্ষু মুদি ৰহা দুইজন॥
বিনা শ্ৰমে অবিলম্বে নিবো কৰি ৰঙ্গ।
নাহি চিন্তা দুহন্তে লভিবা মাতৃ সঙ্গ॥ ১৫৭
শুনি দুই ভাই চক্ষু মুদিয়া ৰহিলা।
মায়াবলে দুয়ো কুমাৰক হৰিনিলা॥
যাহান্তে বুলিলা উৰ্দ্ধে ৰামক বিনয়।
শুনা প্ৰভু ৰামচন্দ্ৰ তুমি কৃপাময়॥ ১৫১
লৱ কুশ দুই ভাতৃ তোমাৰ তনয়।
জানকী দেবীৰ বাক্যে হৰি নেওঁ ময়॥
অচিৰ কালতে পুনৰপি দিবোঁ আনি।
হেনজানি চিন্তা নকৰিবা চক্ৰপাণি॥ ১৫২
এহি বুলি সৰ্পৰাজ ত্বৰিত গমন।
বিদ্যা বিলাসিনী পুৰে ভৈলা উপসন্ন॥
দুই কুমাৰক থৈলা কোলাৰ নমাই।
আগ ভৈলা সৰ্পৰাজ পাছত দোভাই॥ ১৫৩
চলি যান্ত দুইজন লীলা গজগতি।
কামদেব যেন অতি লাৱণ্য মুৰুতি॥
দুৰ্ব্বাদলশ্যাম তনু পীত পট ধৰ।
সুন্দৰ চৰণে ধ্বনি শুনি নুপুৰৰ॥ ১৫৪