পৃষ্ঠা:অসমীয়া অদ্ভুত ৰামায়ণ.djvu/৯৯

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৯৭
অদ্ভুত ৰামায়্ণ।

সঙ্কেত কৰিয়া জানো মাতৃত কহিল।
তাতেসে গোসাঁনী বাঝ কৰিবে বুলিল॥৩৮৪
পাছতে কপাট দিয়া বিবৰ মাৰিল।
মহাকোপে নাগ গণে যুঝিতে সাজিল॥
দুই ভাইৰ পদে সবে জনা জনি ভৈল।
নজানিবে আনে মোৰ মনে হেন লৈল॥৩৮৫
হৌক জনাজনি তাত মোৰ কিবা হানি।
মোক বৰ দিয়া আছে আপুনি গোসাঁনী॥
আবে যেহি বাঞ্ছো তাকে পৰোহোঁ কৰিতে।
দেখো নাগগণে দৰ্প কৰে বিপৰীতে॥৩৮৬
ময় সমে যু্ঝিবাক লাজসে লাগয়।
নাৰীগণে হাসে বুলি কৰিছে সংশয়॥
ইসবাৰ সংশয় কৰিতে লাগে দূৰ।
হসুয়াইবো নুহি কন্দুয়াইবো নাগ পুৰ।॥৩৮৭
পাছে যেহি বাঞ্ছো মনে তাহাকে কৰিবো।
কথা ছলে আবে আসম্বাক চিনা দিবোঁ॥
ইতো নাগগণে যুদ্ধ কৰে কেনমত।
নতু দেখা পাঁও মই ইতিনি লোকত॥৩৮৮
যদি নাগগণ সমে যুদ্ধ নকৰিবো।
ৰাঘৱৰ সমাজত কি কথা কহিবো॥
(৯)