পৃষ্ঠা:অসমীয়া অদ্ভুত ৰামায়ণ.djvu/১১০

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১০৮
অদ্ভূত ৰামায়ণ ।

সেহিমতে তাহাক কৰাৱে চক্ৰাকাৰ।
নপাৱে উশাস ভেল মৃতক আকাৰ॥ ৪৩৯
পৃথিবীত আচাড়িয়া পুনুহো উড়াই।
যেন ধোবা বস্ত্ৰ ধোৱে উচ্ছাই উচ্ছাই॥
বিহৰিল হাড়ঘাৰ নাহিকে চেতন।
উফড়ি পড়িল যত ফনা মণিগণ॥৪৪০
মণিৰ প্ৰকাশে ভূমি কৰয় প্ৰকাশ।
স্থানে স্থানে দেখি যেন চন্দ্ৰৰ আভাস॥
চিন্তন্ত মাৰুতি ইতো বিধিৰ নিৰ্ম্মিত।
প্ৰাণে বধিবাক আক নোহয় উচিত॥ ৪৪১
জীৱ বিদ্যমানে তাক মাৰুতি এড়িল।
উফড়ি পড়িয়া মুখে ৰুধিৰ ছাদিল॥
এডি যোগ সাধ্য বীৰ মাৰুতি প্ৰচণ্ড।
মেঘ এড়ি বাঝ ভৈল যেহেন মাৰ্ত্তণ্ড॥ ৪৪২
হেনদেখি বাসুকীগুণয় মনে মন।
কিনো মহা বলৱন্ত বানৰ দুৰ্জ্জন॥
ময়ো আক বলে নাটো জানি আছো মনে।
তথাপি কৰিবো যুদ্ধ দেবীৰ কাৰণে॥ ৪৪৩
মায়া বলে স্ৰজিলেক মহাৰথি গণ।
ধৰি আছে শক্ৰচাপ সম শৰাসন॥