পৃষ্ঠা:অসমীয়া অদ্ভুত ৰামায়ণ.djvu/১৫৪

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৫২
অদ্ভুত ৰামায়ণ


জলে স্থলে সেহি সেহি ৰূপে বিচাৰিলো।
তাতো গোসাঁ‌নীৰ কিছু বাৰ্ত্তা নলভিলো॥
পাতালত প্ৰবেশিলো সৰ্পৰ নিলয়।
কোনোজনে গোসাঁ‌নীত বাৰ্ত্তা নকহয়॥৬২৬
ৰসাতল বিবৰতো পশিলোহোঁ‌ পাছে।
নিবাত কবচ দৈত্যগণ তৈত আছে॥
সেহি ৰূপে সেহি ভাৰ্য্যা ধৰিয়া তথাই।
মহাতলে বিচাৰিলোঁ‌ বাৰ্ত্তাক নপাই॥৬২৭
নাগৰ নিলয় বিষ জানায়ে ব্যাপিত।
কাহাৰ শকতি সিতো স্থানে প্ৰবেশিত॥
পৰম সুন্দৰী প্ৰায়ে নাগিনী সকল।
পূৰ্ণচন্দ্ৰ সম দেখি বদন মণ্ডল॥৬২৮
ৰূপে গুণে অপসৰাগণ তাছে জিনি।
ফণীতেসে মাত্ৰ নাগকন্যা ফেন চিনি॥
দশ বাৰ বৎসৰৰ কন্যাগণ যত।
উৰ্দ্ধগতি কৰি যায় ধৰি দৃঢ় ব্ৰত॥৬২৯
তাসম্বাত পুছিলোহোঁ‌ অবনত কাই।
তুমি সব ব্ৰত ধৰি কৈক যাহা আই॥
কন্যাগণে বোলে যাইবো গোসাঁ‌নীৰ পাণে।
আপোনাৰ ইচ্ছা বৰ সাধিবাক আশে॥৬৩০