পৃষ্ঠা:অসমীয়া অদ্ভুত ৰামায়ণ.djvu/১৬৩

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৬১
অদ্ভুত ৰামায়ণ।


তোমাৰ যশস্যা গুণ শুনিবাক প্ৰতি।
কুবৃত্ত বিধাতা ঐত নিদিল বসতি॥
তথাপিতো সত্য কহেঁ‌ শুনা প্ৰভু স্বামী।
পাতালতো তোমাকেসে চিন্তি আছো আমি॥৬৭১
তোমাৰ চৰণ দুই হৃদয়ত ধৰি।
সদায় বঞ্চিবো হেন আছো আশা কৰি॥
ধৰ্ম্মক স্থাপিতে তুমি ভৈলা অবতাৰ।
দুৰ্জনক বিনাশি হৰিলা ভূমিভাৰ॥৬৭২
অমিত্য বিষয় সুখ লোকত-দেখাই।
তেজিলা মোহোক জনা অপবাদ পাই॥
ধৰিবাহা ব্ৰহ্মচাৰ্য্য অতি কট ব্ৰত।
তোমাৰ ব্ৰতৰ মই ভৈলো অনুগত॥ ৬৭৩
তুমি আমি ভুঞ্জিবাক বিষয়ৰ ভোগ।
ইতো অবতাৰত নোহোত আৰ যোগ॥
শঙ্কৰৰ ব্ৰত যদি তুমি কৰা নাশ।
অধৰ্ম্ম আছৰি লোক হৈবেক বিনাশ॥৬৭৪
শ্ৰেষ্ঠ জনে যদি বেদ পাঠ অনাদৰে।
তাকে শ্ৰেষ্ঠ ধৰ্ম্ম বুলি ইতৰে আচৰে॥
বাস্তৱত তুমি সৰ্ব্ব গত সৰ্ব্ব স্বামী।
তোমাৰ উদৰে বাস কৰি আছো আমি॥৬৭৫