পৃষ্ঠা:অসমীয়া অদ্ভুত ৰামায়ণ.djvu/২৫

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২৩
অদ্ভুত ৰামায়ণ।

বিমানৰ নামি,  ৰামক প্ৰণামি,
 বুলিলা স্তুতি বিনয়।
তোমাৰো সীতাৰো,  যশ বিস্তাৰিতে,
 সীতাক হৰিলোঁ ময়॥ ৮৬
আমাৰ বাক্যত,  বিশ্বাস নাহিকে,
 সাক্ষী দিওঁ চৈধ্যজন।
ধৰ্ম্মৰাজ যত,  কৰিছে ঞ্জাত,
 বোলয় সত্য বচন॥
চন্দ্ৰ সূৰ্য্য আদি,  সাক্ষী চৈধ্যজন,
 বুলিলা ৰামক চাই।
কায়ত বাক্যত,  চিত্তত সীতাৰ,
 তিল মাত্ৰো দোষ নাই ৮৭
ব্ৰহ্মা মহেশ্বৰ,  বিষ্ণুৰ বচনে,
 সীতাক সম্বৰি ৰাম।
অযুত বৎসৰ,  ৰাজ্যক পলিলা,
 সীতাৰ পুৰিয়া কাম॥
সীতাত ৰামৰ,  ৰামৰো সীতাত,
 বাঢ়ে প্ৰীতি নব নব।
ৰামবীৰ্য্যে সতী,  ভৈলা গৰ্ভবতী,
 সবাৰে ভৈল উৎসব॥ ৮৮