পৃষ্ঠা:অসমীয়া অদ্ভুত ৰামায়ণ.djvu/১১৯

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১১৭
অদ্ভুত ৰামায়ণ।

শুনা আই কহো আমি স্বৰূপ তোমাত।
মাৰুতিক প্ৰতি বুদ্ধি নাহিকে আমাত॥৪৮৪
কেনমতে কোনে তাক কৰিবে বাৰণ।
গঙ্গাক বাধিয়া ৰাখিবেক কোন জন॥
আকাশৰ বায়ু যেন বন্ধন নযাই।
অন্তকক এড়াইবাক আছে কোন ঠাই॥৪৮৫
সেইমতে মাৰুতিকো নিবাৰন্তা নাই।
দ্বাৰ মেলি দিয়ো তাক আসোক সোমাই॥
নিদিলেও দ্বাৰ কৰি আসিব আপোনে।
নাসিবি এথাক হেন বুলিবেক কোনে॥৪৮৬
যদি সিতো দ্বাৰ কৰি আপুনিয়ে আসে।
ক্ৰোধত থাকিয়া কিবা পুৰিকে বিনাশে॥
শুনি বসুমতা দেবী শীঘ্ৰে গৈলা চলি।
বজ্ৰ পাথৰৰ দ্বাৰ কৰিলা মুকলি॥৪৮৭
হেন দেখি হনুমন্ত মহা ৰঙ্গমন।
দ্বাৰৰ সমীপে যাই বুলিলা বচন॥
এবে জানো বসুমতী দেবী শুদ্ধমতি।
শ্ৰীৰামৰ পাদপদ্মে আছয় ভকতি॥৪৮৮
ধন্য ধন্য মাৱ তুমি সতীতে উত্তমা।
বিসৰি তোমাক লাগি নপাও উপমা॥