পৃষ্ঠা:অসমীয়া অদ্ভুত ৰামায়ণ.djvu/১২০

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১১৮
অদ্ভুত ৰামায়ণ।

তোমাৰ কৰিতে ক্ৰোধ মোক নুযুতাই।
কিন্ত প্ৰভু ৰাঘৱৰ আজ্ঞা আছো পাই॥৪৮৯
স্বামীৰ কাৰ্য্যত যদি অকাৰ্য্য সিঝয়।
তথাপি কৰিবে যোগ্য ভৃত্যৰ হোৱয়॥
এতেকে অযোগ্য ময় বুলি আছো যত।
ক্ষমিয়োক মাৱ ময় ধৰো চৰণত॥৪৯০
ক্ষমা নাম ধৰি আছা জগতে বিদিত।
ৰোষ নকৰিয়া মাৱ হোৱা শান্ত চিত্ত॥
ত্ৰাস চাড়ি পৃথিবী ভৈলন্ত ৰঙ্গ মন।
মনত পড়িল লৱ কুশৰ বচন। ৪৯১
সাৰ্থক বুলিলা দুই ভাই সৰ্ব্বজান।
নভৈলেক কিছু ব্যথ পালোহো প্ৰমাণ।
পাছে মাৰুতিক দেবী বুলিলা বচন।
সাধু সাধু বীৰ তয় পান নন্দন॥৪৯২
সাৰ্থক অঞ্জনা গভে ভৈলি উতপতি।
ৰামৰ চৰণে যাৰ একান্ত ভকতি॥
মোহাক তঙ্কিবে লাগি তোহোৰ যুৱাই।
যি হেতু জানকী আহিআছে মোৰ ঠাই॥৪৯৩
কিন্তু অবিচাৰে মোক দোষক দিয়াহা।
হো্ৱে নোহে বাপু তুমি বিচাৰিয়া চাহা॥