পৃষ্ঠা:অসমীয়া অদ্ভুত ৰামায়ণ.djvu/১৭

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৫
অদ্ভুত ৰামায়ণ।

দুলড়ি॥*॥

জানকী বদতি, নাগ মহামতি,
 যি বুলিলা সত্য হয়।
যত কপিচয়  মোহোৰ তনয়,
 জানিবি তাক নিশ্চয়॥
পবন তনয়, সবাতে দুৰ্জ্জয়,
 ৰামৰ সেবক বড়া।
লবত কুশত কৰি অবিৰত,
 তাত মোৰ দয়া চড়া॥ ৬৭
মাৰুতিত চাৰ, শক্তি বাঞ্ছা কৰ,
 আছে কত তপ কৰি।
সুমেৰু গিৰিতে, পঙ্গুৱা উঠিতে,
 খোজে যেন হৰি হৰি॥
অসীম শকতি, হৈবাক সম্প্ৰতি,
 নপাৰয় কোন জন।
সাধন বিলাই, সাধ্যক নপাই,
 জানিবি নিষ্ঠা বচন॥ ৬৮