পৃষ্ঠা:অসমীয়া অদ্ভুত ৰামায়ণ.djvu/১২৬

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১২৪
অদ্ভুত ৰামায়ণ।

জানকী বোলয়, নাহি কিছু ভঙ্গ,
এস্থানে সবে ৰহিয়ো।
অসিবে এখন, পবন নন্দন,
আনন্দে সবে দেখিয়ো॥
পাছে বহুমতী, আকুলিত মতি,
মাৰুতিক দ্বাৰে থৈ।
পশিয়া ভিতৰ, বাৰ্ত নিৰন্তৰ,
কৈলা জানকীত গৈ॥৫১৬
বোলে সীতা মাৱ, শুনা কুশ লৱ
যাস মাৰুতিৰ পাস।
আসোক ইঠাই, মোৰ আজ্ঞা পাই,
নেদিবে কাহাকে ত্ৰাস॥
পাছে দুয়ো ভাই দুৱাৰক যাই
মাৰুতিক দেখিলন্ত।
মাৰুতিয়ো দেখি চল চল আখি
দুইৰো পদে পড়িলন্ত॥৫১৭
কৈতনো সোমাই আছা দুয়ো ভাই
আমাক কৰি অনাথ।
তোমাক সুমৰি আছে প্ৰাণ ধৰি
কথমপি ৰঘুনাথ॥