পৃষ্ঠা:অসমীয়া অদ্ভুত ৰামায়ণ.djvu/৬১

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৫৯
অদ্ভুত ৰামায়ণ ৷

শ্ৰীৰামৰ প্ৰসাদত।
অসাধ্য কি ব্ৰহ্মাণ্ডত॥
নক্ষত্ৰ সঞ্চাৰ নয়।
বিচাৰি ফুৰন্ত তয়॥ ২৩৪
ভূলোকৰ সীমা যত।
বিচাৰিলা আকাশত॥
লোকালোক গিৰি পাইল।
সবে নিবৰ্ত্তিয়া আইল॥২৩৫
ভূবলোকে পশিলন্ত।
তাতো চাহি নপাইলন্ত॥
স্ব-মহ-জন পাই।
বিচাৰিলা ঠাই ঠাই॥২৩৬
তপলোকে পশিলন্ত।
তাতো ভালে চাহিলন্ত॥
সত্যলোক পাইলা যাই।
ব্ৰহ্মাদেৱে আছে চাই॥ ২৩৭
হাসিয়া বুলিলা বাক।
দেখা ৰাম সেনা ঝাক॥
জনক নন্দিনী সতী।
ৰাঘবত বিৰকতি॥২৩৮