পৃষ্ঠা:অসমীয়া অদ্ভুত ৰামায়ণ.djvu/২৪

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২২
অদ্ভুত ৰামায়ণ।

লঙ্কাপুৰ নাশি,  পুনু বীৰে আসি
 ৰামত সবে কহিলা।
সেতুবন্ধ কৰি  ৰাঘব শ্ৰীহৰি,
 সসৈন্য সিন্ধু তৰিলা॥
সবংশে নিধন  কৰি দশানন,
 সীতাক ৰামে দেখিলা।
মহা শুদ্ধমতি,  শান্তীযে সীতাৰ,
 সতীত্বক আশঙ্কিলা ৮৪
বহ্নিত পড়িলা,  তাতো উত্তৰিল,
 বুলিলন্ত দেবচয়।
এহে শান্তী সতী  তোমাতেসে মতি,
 নাহিকে কিছু সংশয়॥
দেৱসযে আসি,  ৰাজা দশৰথ,
 ৰামক বুলিলা বাক।
কিছুয়ে সংশয়,  বাপু নাহিকয়,
 সম্বৰা সতী সীতাক॥ ৮৫
সন্মুখ যুদ্ধত,  পড়ি দশানন,
 সবান্ধৱে স্বৰ্গে গৈলা।
দিব্য বিমানত,  চড়ি পুনৰপি
 তথায়ে আসিয়া ভৈলা॥