পৃষ্ঠা:অসমীয়া অদ্ভুত ৰামায়ণ.djvu/৪

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
অদ্ভুত ৰামায়ণ

অনন্তে সহস্ৰ মুখে ঘাৰ গুণ গায়৷
স্বয়ম্ভূ প্ৰধান যোগী যাহাৰ কৃপায়॥
যাৰ আদি অন্ত নাহি গুণ মহিমাৰ৷
হেন ৰামপদে কৰোঁ কোটি নমস্কাৰ॥ ২॥
তাহান চৰিত্ৰ কিছু বৰ্ণাইবাক চাওঁ৷
যদি তান চৰণৰ অনুগ্ৰহ পাওঁ॥
সৰস্বতী মাতা মোৰ হুয়ো কণ্ঠে চৰি৷
বিশেষ ৰচনা কৰাযোক কৃপা কৰি॥ ৩
শুনা সভাসদ ৰাম চৰিত্ৰে বিচিত্ৰ৷
আপোনাক তাৰি কৰা কুলকো পবিত্ৰ॥
নাগপুৰে যাইয়া হনুমন্ত মহা বীৰে৷
সীতাক দেখিলা যেন ৰত্নৰ মন্দিৰে॥ ৪
নাগগণ সমে কৰি বিষম সমৰ
সীতাক ভেটাইলা আনি চৰণে ৰামৰ॥
ইসব কাহিনী যত অদ্ভুত কাণ্ডৰ৷
শুনা সাৱধানে সভাসদ নিৰন্তৰ॥ ৫
পতিপুত্ৰ ছাড়ি সীতা পাতালে পশিলা৷
নাগকন্যা গণে নানা মঙ্গল কৰিলা॥
আনন্দ মিলিল সবে নাগপুৰ চানি৷
ভৈল পূজ্যোত্তমা তথা জানকী গোঁসানী॥ ৬