পৃষ্ঠা:অসমীয়া অদ্ভুত ৰামায়ণ.djvu/৩৪

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩২
অদ্ভূত ৰামায়ণ৷

হেনমতে চিন্তি, আসিয়া ত্ৰিজটা,
 পড়িয়া মোহোৰ পায়।
বোলো অভিমত, সিদ্ধি হৌক মোৰ,
 হেন কৃপা কৰা আই॥
অবিচাৰে মই, বৰ দিলো তোক,
 সিদ্ধি হৌক মনস্কাম।
পাছতে সে জানি, বড় খেদ পাইলোঁ,
 বিধি ভৈল মোৰ বাম॥ ১০৯
তোমাৰ হাতত মৰিয়া ৰাবণে,
 বাৰে বাৰে জন্ম পাইব।
পুনু পুনু দ্ৰোহ, আচৰি তোমাত,
 হাতত প্ৰাণ সুজাইব॥
তোমাৰ বিচিত্ৰ, চৰিত্ৰ পবিত্ৰ,
 তিনি লোকে প্ৰচাৰিব।
শ্ৰবণ কীত্তন, স্মৰণ কৰিয়া
 সমস্ত লোক তৰিব॥ ১১০
এহি বুলি মায়ে, ৰামক প্ৰণামি,
 আমাক কৰি আশ্বাস।
দিব্য বিমানত, চৰিলন্ত যাই,
 ভৈলো সবে নিৰুশ্বাস॥