পৃষ্ঠা:অসমীয়া অদ্ভুত ৰামায়ণ.djvu/১২১

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১১৯
অদ্ভুত ৰামায়ণ।

যিতো পতিব্ৰতা নাৰী স্বামীত ভকত।
শুদ্ধভাবে স্বামী সেৱা কৰয় সতত॥৪৯৪
সি নাৰীত পৰে উপকাৰী নাহ্নি মোৰ।
তাসম্বা গুণে সহি থাকো ভাৰ ঘোৰ॥
মহা পতিব্ৰতা সীতা স্বামী অনুৰাগী।
ৰামক সন্তাপ দিয়া আনিবো কি লাগি॥৪৯৫
ৰাঘৱৰ ৰোষে সীতা বুলিলা বিছাট।
হওঁ যেবে পতিব্ৰতা তুমি দিযা বাট॥
মনত চিন্তিলো মই অনেক প্ৰকাৰ।
নপাইলো উপায় ময় সীতা নামিবাৰ॥ ৪৯৬
ৰাঘৱৰ স্নেহত যদ্যপি নামো ময়।
তেবে গৈল হন্তে কোন সীতাত প্ৰত্যয়॥
ৰাঘৱে কি তেবে সীতা লইবেক আৰ।
জানিলো জীৱৰ হৈবে পৰম নিকাৰ॥৪৯৭
থাকিলেও ৰাঘৱৰ নিমিলিবে সুখ।
আনিলেও ৰাঘৱৰ দুয়ো মতে দুঃখ॥
হেন সাৰ কৰি ময় আনি্লো সীতাক।
তথাপি বোলাহা কেনে আমাক দুৰ্ব্বাক॥৪৯৮
পৰম ঈশ্বৰ ৰাম হুয়া অৱতাৰ।
ধৰ্ম্মত থাকিয়া ৰামে হৰিলেক ভাৰ॥