পৃষ্ঠা:অসমীয়া অদ্ভুত ৰামায়ণ.djvu/১৬২

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৬০
অদ্ভুত ৰামায়ণ।


অদ্ভুত বিমান উপমাৰ নাহি ঠাই।
অসংখ্যাত নাগনাৰী গীত বাদ্য বাই।
বিমানৰ মাঝে দিব্যৰত্ম সিংহাসন।
প্ৰকাশন্তে আছে তাত মহা ৰত্নগণ॥৬৬৬
লব-কুশ সমে তাত আছে দেবী সীতা।
যোগানে আছয় নাগনাৰী চতুৰ্ভিতা।
মেঘ ফড়ি বাঝ ভৈল যেন দিবাকৰ
দেখিলেক পাছে সভাসদ নিৰন্তৰ॥৬৬৭
কৰে জয় জয় ধ্বনি আনন্দে ভৰিল।
আকাশ চানিয়া দেবে পুষ্প বৰষিল॥
বিদুৰৰ হন্তে সীতা স্বামীক দেখিল।
দগ্ধ শৰীৰত যেন অমৃত পৰিল॥৬৬৮
ৰোমাঞ্চিত তনু নেত্ৰে লোতক ঝবয়।
আনন্দ সাগৰে মজি প্ৰফুল্ল হৃদয়॥
পাছে সীতা দেবী সিংহাসনৰ নামিল।
পুত্ৰ সমে গৈয়া ৰাম চন্দ্ৰক নমিল॥৬৬৯
বুলিল বিনয় বাণী শুনা প্ৰাণ স্বামী।
কতবা জন্মত দুঃখ সাঞ্চি আছো আমি॥
সিকাৰণে তুমি হেন স্বামী হৰুয়াই।
পাতাল পুৰত দুষ্ট দৈবে দিলে ঠাই॥৬৭০