পৃষ্ঠা:অসমীয়া অদ্ভুত ৰামায়ণ.djvu/৩৬

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩৪
অদ্ভূত ৰামায়ণ৷

মাতৃৰ সমান, তীৰ্থ নাহিকয়,
 হৰিৰ সমান দেৱ।
ব্ৰহ্মণ্ড ভিতৰে, নামৰ সমান,
 শুদ্ধ ধৰ্ম্ম নাহি কেৱ॥
হেনয় মাতৃক, অবহেলা কৰে,
 যিটো পুত্ৰ মন্দ মতি।
ইহ পৰ লোকে, সিটো অধমৰ,
 সুখত নাহি বসতি॥ ১১৪
এতেকে বোলন্ত, লৱ কুশ দুই,
 শোকত মজিল অতি।
মাতৃৰ গুণক, সুমৰি সুমৰি,
 কান্দন্ত ব্যাকুল মতি॥
হেন দেখি বিপ্ৰে, সাবটি ধৰিয়া,
 তুলিলা দুইকো আশ্বাসি।
দুইহানকো চাই, সুমধুৰ বাণী,
 বুলিলন্ত হাসি হাসি॥ ১১৫
শুনা সভাসদ, ৰাময়ণ পদ,
 সাক্ষাতে অমৃতময়৷
ইহাৰ শ্ৰৱণ, কীৰ্ত্তনে দুৰ্ঘোৰ,
 সংসাৰ সুখে তৰয়॥