পৃষ্ঠা:অসমীয়া অদ্ভুত ৰামায়ণ.djvu/৬

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
অদ্ভূত ৰামায়ণ

লবক কুশক দেখি অগনি উধাই।
প্ৰবোধন্ত শত্ৰুগণ ভৰত লখাই॥
শুনা শুনা দদা আৰ খেদ নুজুৱাই
আৰ কি কৰিলে খেদ জানকীক পাই॥ ১২
যাৰ যিবা হৈবা সিতো অৱশ্য হোৱয়।
তাক এড়াইবাক জানা কেহো নপাৰয়॥
সাক্ষাতে দেখিলা মহা বীৰ লঙ্কেশ্বৰ।
অবহেলে জিনিলেক দেৱাসুৰ নৰ॥১৩
কতোকালে দৈৱে তাৰ দূৰ্গতি ঠেকাইল।
শূপৰ্নখা মুখে জানকীৰ বাৰ্ত্তা পাইল॥
মাৰীচে বুলিল হিত নুশুনিলা তাক।
ছলছন্দে হৰিলেক তোমাৰ ভাৰ্য্যাক॥ ১৪
ত্ৰিজাতা কৈকেয় মাল্যৱন্ত বিভীষণ।
নানা যুক্তি হিত-পৰ বুলিল বচন॥
নুশুনিলা তাক আৰু দুৰ্ব্বাক্য বুলিল।
তোমাৰ শৰত পড়ি সবংশে মৰিল॥ ১৫
ঈশ্বৰ পুৰুষ তুমি জানে সৰ্ব্বজনে।
সুৱৰ্ণৰ মৃগ খেদি গৈলা কি কাৰণে॥
মায়ামৃগ বুলি মই বাধিলো তোমাক।
তথাপিতে গৈলা তুমি নুশুনিয়া তাক॥ ১৬