এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩৭
অদ্ভুত ৰামায়ণ।
বিতল চড়াই পাইলো অতল বিবৰ।
বেশ্যা নাৰি গণ তাত দেখিলোঁ বিস্তৰ॥
ময়ৰ তনয় ব্যোম তাহাৰ ঈশ্বৰ।
মুখ হন্তে সৃজে বেশ্যা নাৰী নিৰন্তৰ॥ ১২৫
ৰূপে গুণে বিদ্যাধৰী গাৱে গ্ৰাম্য গীত।
শুনি কামে উত্ৰাৱল পুৰুষৰ চিত॥
স্বৈৰিণী পূংশ্চলী বেশ্যা নাৰী যত যত।
স্বচ্ছন্দ বিহাৰচাড়ি ধৰি মহা ব্ৰত॥ ১২৬
গন্ধ পুষ্প মাল্য আভৰণ আচ্ছাদন।
দুৰ্ব্বাক্ষত বন্য ফল কৰিয়া যতন॥
ঝুমা ঝুমে চলে ৰামায়ণ গীত গায়।
তাৰসঙ্গে চলিলো গীততে মোহ যায়॥ ১২৭
নাৰী গণে বোলে তই কোঠেৰ ব্ৰাহ্মণ।
বেশ্যাৰ সঙ্গত কেনে কৰাহা গমন॥
অসতী নাৰীৰ সঙ্গে সতী নষ্ট হয়।
জাতি হৰুয়াইবে জানো আসিআছ তয়॥ ১২৮
মই বোলো মাতৃসব হেন নুবুলিয়ো।
এক কথা সোধোঁ মোত স্বৰূপ কহিয়ো॥
কাহাৰ চৰিত্ৰে গাযা যাস কোন ঠাই।
আনন্দৰ অবধি সবাৰে দেখোঁ নাই॥ ১২৯
(৪)