পৃষ্ঠা:অসমীয়া অদ্ভুত ৰামায়ণ.djvu/১০

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
অদ্ভুত ৰামায়ণ৷

পুষ্কৰ দ্বীপৰ পতি বীৰসেন নাম।
বলে বীৰ্য্যে ধৈৰ্য্যে যাৰ নাহিকে উপাম॥
সাৰ্দ্ধে পঞ্চলক্ষ ৰাজা লগত কৰিয়া।
মহাৰঙ্গে ৰাঘবক আছন্ত সেবিয়া॥ ৩২
শাকদ্বীপ পতি সিংহানন নাম যাৰ৷
পঞ্চলক্ষ নৃপতিৰ তেঁহে অধিকাৰ॥
শ্ৰীৰামক সেৱা কৰি সদায়ে থাকিয়।
যাক মাৰুতিয়ে সখি বুলিয়া আছয়॥ ৩০
ক্ৰৌঞ্চদ্বীপ পতি সৰ্ব্বজয় নৰপতি।
জাতিত ঋষভ কৰে কৃষ্ণত ভকতি।
হাঙ্কাৰতে সবে নৃপতিৰ মান লয়।
তিনি লক্ষ ৰাজা সমে ৰামক সেবয়॥ ৩৪
কুশদ্বীপ পতি চণ্ড শাসন ভুপতি।
জাতিত কোবিদ তেহে মহা শুদ্ধমতি॥
সাৰ্দ্ধ পঞ্চ লক্ষ নৰপতি সমে আসি।
শ্ৰীৰামৰ পাদ পদ্ম আছন্ত উপাসি॥ ৩৫
শাল্মলি দ্বীপৰ পতি যজ্ঞসেন নাম।
বীৰ্য্যধৰ জাতি গুণে নাহিকে উপাম॥
তিনি লক্ষ ৰাজা সমে মহা বলৱন্ত।
ভক্তি ভাৱে শ্ৰীৰামৰ চৰণ সেবন্ত॥ ৩৬