পৃষ্ঠা:অসমীয়া অদ্ভুত ৰামায়ণ.djvu/১০২

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

মাৰিলেও তোমাসাৰ নহৈব সুখ্যাতি।
কিসক কৰিতে চাহা পাপ নাৰীঘাতি॥ ৩৯৯
উচিত কহন্তে কৰ এত মান ক্ৰোধ।
বুজিলোহোঁ নাগগণ পৰম নিৰ্ব্বোধ॥
মাৰিবাক পাৰ যদি তভো আছে ভাল।
কিজানি ইহাতে আসি মিলয় জঞ্জাল॥ ৪০০
এতেকে তোমৰা মোৰ উপদেশ ধৰা।
আপোনাৰ আত্মঘাত আপুনি নকৰা॥
মাৰুতিয়ে পাইলে কাকো নেৰিবেক ভালে
হেনজানি প্ৰাণ লৈয়া পলাহ সকলে॥ ৪০১
হেনশুনি নাগগণ দ্বিগুণে কিটাইল।
ধৰিবাক লাগি সবে মহাকোপে ধাইল॥
ধৃতৰাষ্ট্ৰ বাসুকী তক্ষক পুণ্ডৰীক।
কুশক, শোষক আৰু সুতক কুলিক॥ ৪৩২
কালমুখ শিলামুখ চন্দ্ৰমুখ খ্যাত।
বজ্ৰমুখ অগ্নিমুখ আদি অসংখ্যাত॥
সবেও বেঢ়িল গৈয়া কৰি মাৰ মাৰ।
বিষৰ জালত দশ দিগ অন্ধকাৰ॥ ৪০৩
দেখিলা মাৰুতি বেঢ়িলেক নাগচয়।
ভৈল কপিবেশ নাৰী বেশ এড়ি তয়॥