পৃষ্ঠা:অসমীয়া অদ্ভুত ৰামায়ণ.djvu/১৩১

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১২৯
অদ্ভুত ৰামায়ণ।

হনুক বঞ্চিত ৰূপ বিপৰীত
ধৰিলা জগত আই।
লব-কুশ সঙ্গে মৰুতিয়ো ৰঙ্গে
সেহি সভা পাইলা যাই॥৫২৮
চক্ষুক শলাই হনুমন্তে চাই
দেখিলা অনেক সীতা।
নাগিনী যোগিনী প্ৰত্যেককে সেবি
বেঢ়ি আছে চতুৰ্ভিতা॥
জনক নন্দিনী সম সুৰূপিনী
মধুৰ ভাষিণী বালা।
জাতিতো পদ্মিনী কুৰঙ্গ নয়নী
মুখ নিন্দি শশীকলা॥৫২৯
লব-কুশ প্ৰতি সম্বোধি মাৰুতি
বুলিলা মৃদু কৰিয়া।
কোন দেবী গণ সীতাৰ সমান
আকাৰ আছে ধৰিয়া॥
বাৰেক আসিয়া, গৈলোহোঁ দেখিয়া,
এক মাত্ৰ দেবী সীতা।
দেবী অসংখ্যাত, দেখি আবে আত
মনে মোৰ ভৈল চিন্তা॥৫৩০