পৃষ্ঠা:অসমীয়া অদ্ভুত ৰামায়ণ.djvu/১৩

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১১
অদ্ভুত ৰামায়ণ।

ৰাঘবক সেবা কৰে সমীপে থাকিয়া।
সবাৰো কুশল পথ বিচাৰ কৰিয়া।
বিদুৰত থাকি সেবে আনো ৰাজাচয়।
সবাকে লাগিয়া প্ৰভু যি বোল বোলয॥৪৭
পত্ৰ কৰি মাৰুতিৰ হাতত দিয়ন্ত।
লাঙ্গুল বঢ়ায়া কপিবৰে দেখাৱন্ত॥
ৰাঘবৰ আজ্ঞাকেসে সমস্তে জানয়
যাক যিবা আজ্ঞা হয় তাক আচৰয়॥৪৮
মাৰুতি অঙ্গদ নীল তিনি মহামতি।
চাহিল মাত্ৰকে জানে ৰাঘবৰ মতি॥
ৰাঘবৰ ইঙ্গিততে মনে আচৰয়।
আনজনে তাক বুজিবাক নপাৰয়॥৪৯
সভা দেখি বাসুকিৰকম্পিত হৃদয়।
মনে মনে সৰ্পৰাজে পৰামৰিশয়॥
মায়াৰ ঈশ্বৰ ৰাম ত্ৰিভুবন পতি।
কিমতে কুমৰ হৰি নিবোহোঁ সম্প্ৰতি॥৫০
ৰামৰ সমীপে বসিআছে দুই ভাই।
নিকট চাপিবে লাগি মোৰ শক্তি নাই॥
যদিবা হৰন্তে জানে তিনি কপিবৰে
ইতিনি লোকত মোক কোনে ৰক্ষা কৰে॥৫১