পৃষ্ঠা:অসমীয়া অদ্ভুত ৰামায়ণ.djvu/৬৫

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৬৩
অদ্ভুত ৰামায়ণ৷

শ্ৰীৰামে বোলন্ত শুনা সূৰ্য্যৰ নন্দন।
তুমি সমস্তৰতো কুশল আগমন॥২৫৩
কে'ন কোন স্থানন্ত চাহিলা কেন কৰি।
দেখিলা শুনিলা কিবা কোৱা শীঘ্ৰকৰি॥
সুগ্ৰীবে বোলয় প্ৰভু শুনা ৰঘুপতি৷
সাতো পৃখিবাত বিচাৰিলো প্ৰতি প্ৰতি॥২৫৪
তযু প্ৰসাদত সাতো সাগৰ তৰিলো৷
গিৰি বন গহ্বৰতো বিচাৰ কৰিলো॥
একোস্থানে কুমাৰৰ উদ্দেশ নপাইলো।
লোকালোক গিৰি পাই নিবৰ্ত্তিয়া আইলো॥২৫৫
উৰ্দ্ধগতি কৰি সাতো স্বৰ্গতো চাহিলো৷
তাতো দুই কুমাৰ বিচাৰি নেদেখিলো॥
পাছে যাই সত্যলোকে ব্ৰহ্মাক দেখিলো।
শোক মোহ ক্ষুধা তৃষা সবে পাসৰিলো॥২৫৬
পড়ি পড়ি প্ৰণামিলো মস্তক দমাই।
বুলিলন্ত ব্ৰহ্মা দেবে আমাসাক চাই॥
শ্ৰীৰামৰ অনুচৰ সব মহা বলী।
লব কুশ দুই ভাইক ফুৰাহা আকলি॥২৫৭
স্বৰ্গত নাহিকে নিতো দুগুটি কুমাৰ।
পাতাল পুৰত যাই কৰিয়ো বিচাৰ॥