পৃষ্ঠা:অসমীয়া অদ্ভুত ৰামায়ণ.djvu/১৬৭

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৬৫
অদ্ভুত ৰামায়ণ।

তাক নমানিবে আৰ কোননো বৰ্ব্বৰ।
বিতণ্ডা বাদীত পৰে জানা সাৰতৰ॥
কুতৰ্কীৰ তৰ্কাদে তেজিয়া আদৰ।
ৰাম নাম লৈয়া তৰা সংসাৰ দুস্তৰ॥ ৬৯১
দেখা মৰি গৈল কত জন ৰাজ্য কৰি।
তুমি সব থাকিবাহা জানা কি নমৰি॥
কাত গহ কৰি আছা প্ৰমত্তৰ নয়।
শেহি স্থিতি কোন দিনা আন্তকে ধৰয়॥ ৬৯২
নাহিকে তাৰন্তা বোৰ অন্তকৰ পৰা।
কোনো জন নাহি জানা অন্তকত বৰা॥
যাৰ নাম শুনি কালো কম্পে তৰতৰি।
তাহাতে শৰণ লৈয়া থাকা ৰঙ্গ কৰি॥ ৬৯৩
কৰযোৰে বোলো শুনা সভাসদ লোক।
পদত দুষণ দেখি নতঙ্কিবা মোক॥
ব্যাসৰ কবিতা আৰ অৰ্থ গুৰুতৰ।
তাত অধিকাৰ কিবা আছয় মুৰ্খৰ॥ ৬৯৪
হৰি গুৰু চৰণক ধৰি হৃদয়ত।
ৰচিলো পয়াৰ যেন বুঝিলোঁ মনত॥
প্ৰস্তাব বুঝিয়া কাব্যৰস দিলো যিবা।
আবিচাৰে তাত নিন্দাবাণী নুবুলিবা॥ ৬৯৫