পৃষ্ঠা:অসমীয়া অদ্ভুত ৰামায়ণ.djvu/১৫২

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৫০
অদ্ভুত ৰামায়ণ।


পেসী মাসী ননন্দিনী আইন শীঘ্ৰ কৰি।
জানকী গোসাঁ‌নী আসে দেখোঁ নেত্ৰ ভৰি॥
পুহাইল ৰজনী ভৈল সুদিন উদয়।
গোসাঁ‌নীৰ বিয়োগে দুঃখৰ ভৈল ক্ষয়॥ ৬১৬
যিতো শান্তী সবে গৃহ বাজক নযাই।
সিসবেও কৌতূহলে লৱড়িয়া যাই॥
খোড়া কণা সবে শুনি হেনয় বৃত্তান্ত।
যাইবাক লাগিয়া একো উপায় নপান্ত॥ ৬১৭
গৃহতে থাকিয়া সিতো সবে গেড়িয়াই।
মোক লৈয়া যায়ো বাপ ককা খুড়া ভাই॥
তাসম্বাৰ কথাক নুশুনে কেহোঁ‌জন।
অযোধ্যানগৰী ভৈলা উত্ৰাৱল মন॥৬১৮
খেড়াক নিকটে অন্ধ কহে হেন বাক।
জানকী গোসাঁ‌নী শুনো আসিবে সভাক॥
দুয়ো মিলি হেন বুদ্ধি কৰোহোঁ‌ এখন।
মোহোৰ কান্ধত তুমি কৰা আৰোহণ॥৬১৯
তোমাৰ নয়ন হৈব মোহোৰ চৰণ।
এহিসে উপায়ে বাঞ্ছা হৈবেক পুৰণ॥
পঙ্গুত পঞ্চাশ বুদ্ধি অন্ধকত শত।
উভয় বুদ্ধিত সিদ্ধি কৈল অভিমত॥৬২০