পৃষ্ঠা:অসমীয়া অদ্ভুত ৰামায়ণ.djvu/১২২

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১২০
অদ্ভুত ৰামায়ণ।

হেন কি প্ৰভুৰ দ্ৰোহ আছৰোহো আমি।
আপুনি বিচাৰ কৰি ছাহিয়োক তুমি॥৪৯৯
মাৰুতি বোলয় মাৱ শুনা বসুমতী।
যতেক বুলিলা ইতো হোৱয় যুকতি॥
তথাপিতো কিছু দোষ আছয় তোমাত।
ধৰ্ম্মাধৰ্ম্ম সাক্ষী তুমি জগতে বিখ্যাত॥৫০০
সীতা মহা শান্তী সতী কিছু দোষ নাই।
এহিবুলি থৈবাকেসে তোমাৰ যুৱাই॥
পাত পুত্ৰ এড়ূয়াই আনিলাহো তুমি।
সিকাৰণে সকল দোষৰ ভৈলা ভূমি॥৫০১
বসুমতী বোলে শুনা পবন তনয়।
দুহিতাৰ সাক্ষী কোনে মাৱক লৱয়॥
পুত্ৰ ঝীৱ যদি দু্ষ্ট দুৰ্জ্জন হোৱয়।
কৈত শুনি আছা মা্ৱে তাহাক কহয়॥৫০২
ভালতো অধিক ভাল বুলি প্ৰশংসয়।
বালকেও জানে আক জানিবা নিশ্চয়॥
ভালকো বুলিলে তাক কোনে পতিয়াই।
এতেকেসে মোৰ সাক্ষী হৈবে নুযুয়াই॥৫০৩
মাৰুতি বোলন্ত যি বুলিলা ইতো হয়।
কোননো বৰ্ব্বৰে তব বাক্য নমানয়॥