পৃষ্ঠা:অসমীয়া অদ্ভুত ৰামায়ণ.djvu/১৪

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১২
অদ্ভুত ৰামায়ণ।

বিচাৰি নেদেখোঁ তাক জানিলোঁ নিশ্চয়।
ইতো কথা গোসাঁনীত কহিবে লাগয়॥
এহি চিন্তি সৰ্পৰাজ ত্বৰিত গমন।
বিদ্যা বিলাসিনী পুৰে ভৈলা উপসন্ন॥৫২
কৃতাঞ্জলি গোসাঁনীক নমস্কাৰ কৰি।
অধোমুখে মনোদুঃখে বুলিলা সাদৰি॥
সৰ্পৰাজ বদতি শুনিয়ো কথা আই।
ৰাম সঙ্গে নিৰাময়ে আছে দুই ভাই॥৫৩
সবাৰে কুশল কিছু নাহিকে দুৰ্গতি।
যাতো প্ৰভু ৰাম আছা ত্ৰিভুবন পতি॥
কুমৰ হৰিতে শক্তি নভৈল আমাৰ।
সভা দেখি মোহোৰ লাগিল চমৎকাৰ॥ ৫৪
স্বায়ম্ভূব আদি এই সপ্ত মম্বন্তৰ।
হেনসভা নতু দেখোঁ ব্ৰহ্মাণ্ড ভিতৰ॥
কুমৰৰ কাছে বসি আছে তিনিবীৰ।
তাক সুমৰিয়া এভো চিত্ত নোহে স্থিৰ॥৫৫
হনুমন্ত বালীপুত্ৰ নীল মহাশয়।
ৰৌদ্ৰবাহু আদি মহা মহাৰাজাচয়॥
তাসম্বাক অনাদৰি কোন বীৰবৰ।
কুমৰ হৰিতে পাৰে শকতি বাপৰ॥৫৬